নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫সংখ্যক জন্মদিন উদযাপন

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে নিজকে সু-স্বাস্থ্য, শক্তিশালী পৰিয়াল আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ মিছনত পুনৰ উৎসৰ্গা কৰিছে”: শ্ৰী সৰ্বানন্দ সোণোৱাল

“শ্ৰীমন্ত শংকৰদেৱে আমাক সোঁৱৰাই দিয়াৰ দৰে, “এক বৃক্ষ দশ পুত্ৰ সম” — আমি নিজৰ সন্তানৰ দৰেই গছক সুৰক্ষা আৰু প্ৰতি পালন কৰাৰ আহ্বান জনাইছো:” শ্ৰী সৰ্বানন্দ সোণোৱাল

Posted On: 18 SEP 2025 6:26PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫সংখ্যক জন্মদিন উপলক্ষে “সুস্থ নাৰী–শক্তিশালী পৰিয়াল অভিযান” আৰু অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহৰ দেশজোৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক ভব্য অনুষ্ঠান আয়োজন কৰে।

শক্তিশালী স্বাস্থ্যসেৱা, উন্নত পুষ্টি আৰু শক্তিশালী পৰিয়াল নিশ্চিত কৰাৰ তেওঁৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি মধ্যপ্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপসমূহ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দিনজোৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে, য’ত নাগৰিক, স্বাস্থ্যসেৱা প্ৰদানকাৰী, মহিলা গোট আৰু সম্প্ৰদায়ৰ নেতাসকলক একত্ৰিত কৰি প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল এজেণ্ডাৰ প্ৰতি অসমৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰা হয়।

স্থানীয়ভাৱে উদযাপন কৰা অনুষ্ঠানত জনকেন্দ্ৰিক পদক্ষেপৰ এলানি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এইবোৰৰ ভিতৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, অত্যাৱশ্যকীয় ঔষধ বিতৰণ আৰু স্বেচ্ছামূলক ৰক্তদান শিবিৰ আদি উল্লেখযোগ্য। এই কাৰ্য্যকলাপসমূহ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, পুষ্টি আৰু সমাজ সেৱাৰ বিষয়ে সজাগতা গঢ়ি তোলাৰ বাবে আয়োজন কৰা হৈছিল, যিবোৰ বিষয়ক মোদীয়ে বাৰে বাৰে জোৰ দি আহিছে আৰু এইবোৰ এখন সুস্থ ভাৰত গঢ়ি তোলাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

শ্ৰী সৰ্বানন্দ সোণোৱালে সভাত ভাষণ প্ৰসংগত কয় যে আজি কেৱল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতাগৰাকীৰ জন্মদিনেই নহয়, ভাৰতে নিজকে সুস্বাস্থ্য, শক্তিশালী পৰিয়াল আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ মিছনত পুনৰ উৎসৰ্গা কৰাৰ দিন। “এজন অসম সন্তান হিচাপে এই ৰাষ্ট্ৰীয় আন্দোলনত ডিব্ৰুগড়ে সহৃদয়েৰে অৰিহণা যোগোৱা দেখি মোৰ হৃদয় গৌৰৱেৰে ভৰি পৰিছে।এই সমষ্টিৰ ৰাইজৰ হৈ আমাৰ মৰমৰ প্ৰধানমন্ত্ৰীলৈ তেওঁৰ ৭৫সংখ্যক জন্মদিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ অবিৰত সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”

ডিব্ৰুগড় কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল “এক পেড় মা কে নাম” অভিযানৰ অধীনত গছপুলি ৰোপণ অভিযান, য’ত নাগৰিকক মাতৃৰ সন্মানত গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰা হয়। শ্ৰী সোণোৱালে অংশগ্ৰহণকাৰীসকলক সোঁৱৰাই দিয়ে যে অসমৰ সেউজ ঐতিহ্য সংৰক্ষণ কৰাটো সাংস্কৃতিক আৰু পৰিৱেশগত দুয়োটা কৰ্তব্য। “শ্ৰীমন্ত শংকৰদেৱে ‘এক বৃক্ষ, দশ পুত্ৰ সম’ বুলি আমাক আমাৰ সোঁৱৰাই দিয়াৰ দৰে আমিও ল’ৰা-ছোৱালীৰ দৰেই শ্ৰদ্ধাৰে গছক সুৰক্ষা আৰু লালন-পালন কৰিব লাগিব।আমাৰ দায়িত্ব হ’ল ভৱিষ্যত প্ৰজন্মৰ বাবে সুষম আৰু বহনক্ষম পৰিৱেশ এৰি যোৱা।’

ডিব্ৰুগড়ত উদযাপন অনুষ্ঠানৰ এক মুল বৈশিষ্ট্য আছিল মহিলাৰ অংশগ্ৰহণ। শ্ৰী সোণোৱালে তেওঁলোকৰ সক্ৰিয় জড়িততাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া নাৰী শক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে ইয়াক সংযোগ কৰে। সোণোৱালে কেৰালা আৰু তামিলনাডুৰ এক প্ৰেৰণাদায়ক উদাহৰণৰ কথা মনত পেলাই দিয়ে, য’ত দুগৰাকী মহিলা– ৰূপা আৰু ডেলনা – এখন সৰু নাৱেৰে ৫০ হাজাৰ কিলোমিটাৰ সাগৰ পাৰ হৈ সাহস আৰু সুস্থিৰতা প্ৰদৰ্শন কৰিছিল। “তেওঁলোকৰ এই যাত্ৰাই প্ৰমাণ কৰে যে মহিলাৰ দৃঢ়তাৰ আগত একো অসম্ভৱ নহয়। ঠিক এই কাৰণেই আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে নাৰী সবলীকৰণক শাসনৰ মূল আধাৰ কৰি লৈছে– সেয়া ‘বেটি বচাও, বেটি পঢ়াও’ৰ জৰিয়তেই হওক, উন্নত মাতৃ স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তেই হওক বা মহিলাৰ অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ জৰিয়তে হওক।’- শ্ৰী সোণোৱালে কয়।

*****

SR/GDH/PN/HK/DB
 


(Release ID: 2168340)
Read this release in: English , Urdu , Hindi