ক'অপাৰেশ্বন মন্ত্ৰালয়
গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস পালনৰ প্ৰস্তুতিৰ অংশ হিচাপে সমবায় মন্ত্ৰালয়ৰ এক বিশেষ স্বচ্ছোৎসৱ অভিযান আৰম্ভ
বিভাগীয় সচিব ড০ আশীষ কুমাৰ ভূটানীয়ে উপস্থিত সকলো বিষয়া-কৰ্মচাৰীক স্বচ্ছতাৰ শপতবাক্য পাঠ কৰোৱায় আৰু স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে
ড০ ভূটানীয়ে “এজোপা গছ মাৰ নামত” শীৰ্ষক অভিযানৰ অধীনত এটি গছপুলি ৰোপণ কৰে
সমবায় মন্ত্ৰালয়ে ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিশেষ স্বচ্ছোৎসৱ অভিযান চলোৱাৰ পৰিকল্পনা যুগুত কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত মন্ত্ৰালয়ে এই অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰি আছে
“এদিন, এঘন্টা, একেলগে” অভিযানৰ অংশ হিচাপে সমবায় সংগঠনসমূহে একত্ৰিত হৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এঘণ্টীয়া সামূহিক শ্ৰমদান কৰিব
অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱসত স্বচ্ছতা আমাৰ দৈনন্দিন জীৱনৰ অভ্যাস হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে বৃহৎ সংখ্যক জনসাধাৰণ সমবেত হ’ব
Posted On:
17 SEP 2025 5:23PM by PIB Guwahati
মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অৰ্থাৎ ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে সমবায় মন্ত্ৰালয়ে আজিৰে পৰা এক বিশেষ স্বচ্ছোৎসৱ অভিযান আৰম্ভ কৰিছে। এই উপলক্ষে মন্ত্ৰালয়ৰ সচিব ডাঃ আশীষ কুমাৰ ভূটানীয়ে বিষয়া-কৰ্মচাৰীৰ সৈতে স্বচ্ছতাৰ শপতবাক্য পাঠ কৰাৰ লগতে নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। ড০ ভূটানীয়ে সকলো কৰ্মচাৰীকে স্বচ্ছতাৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। তেওঁ নিজেই স্বেচ্ছামূলক শ্ৰমদানত অংশগ্ৰহণ কৰি চৌহদ পৰিষ্কাৰ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ এক গুৰুত্বপূৰ্ণ অংগ “এজোপা গছ মাৰ নামত” শীৰ্ষক পদক্ষেপৰ অধীনত এটি গছপুলিও ৰোপণ কৰে।


২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱসৰ প্ৰস্তুতিৰ বাবে মন্ত্ৰালয়ে চলিত বৰ্ষৰে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিশেষ স্বচ্ছোৎসৱ অভিযানৰ পৰিকল্পনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত মন্ত্ৰালয়ে এই স্বচ্ছতা অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্য সমগ্ৰ দেশৰ সমবায় সমিতি আৰু ফেডাৰেচনৰ সৈতে একত্ৰিতভাৱে কাম কৰি আছে।

অভিযানৰ অংশ হিচাপে লেতেৰা বা অৱহেলিত ঠাইবোৰক পৰিষ্কাৰ-পৰিচ্ছন্নতা লক্ষ্য নিৰ্ধাৰণ কৰা ইউনিট (চিটিইউ) হিচাপে চিহ্নিত কৰা হ’ব। এই স্থানসমূহ বিশেষ ড্ৰাইভৰ জৰিয়তে পৰিষ্কাৰ কৰি নিকা, নিৰাপদ, আৰু জনসাধাৰণৰ অনুকূল অঞ্চললৈ ৰূপান্তৰিত কৰা হ’ব। এই অভিযানৰ ভিতৰত থাকিব: ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা, ছাফাই কৰ্মচাৰীৰ বাবে বিশেষ স্বাস্থ্য শিবিৰ, পৰিৱেশ অনুকূল উৎসৱৰ প্ৰচাৰ, আৱৰ্জনাৰ পৰা শিল্পলৈ, স্বচ্ছতা প্ৰতিশ্ৰুতি, আৰু Reduce-Reuse-Recycle (হ্ৰাস-পুনঃব্যৱহাৰ-পুনঃনবীকৰণ) বা আৰ আৰ আৰ পদক্ষেপৰ দৰে সজাগতামূলক কাৰ্যসূচী।

“এদিন, এঘন্টা, একেলগে” শীৰ্ষক অভিযানৰ অংশ হিচাপে সমবায় মন্ত্ৰালয়ে ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত দেশজোৰা এক বিশেষ স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ লক্ষ্য হৈছে নাগৰিক, সমবায় সমিতি, কৰ্মচাৰী, আৰু সংগঠনসমূহক একত্ৰিত কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সামূহিক শ্ৰমদান (স্বেচ্ছামূলক কাম)ত অংশগ্ৰহণ কৰা। এই দিনটোত সকলোৱে এঘণ্টা সময় চাফাই কামত উচৰ্গা কৰিব, স্বচ্ছ ভাৰতক প্ৰকৃত জন আন্দোলন হিচাপে গঢ়ি তুলিব। এই প্ৰচেষ্টাই কেৱল ৰাজহুৱা স্থান পৰিষ্কাৰ কৰাই নহয়, পৰিষ্কাৰ-পৰিচ্ছন্নতাক জীৱন-ধাৰণৰ পদ্ধতি হিচাপেও প্ৰসাৰিত কৰিব।

২ অক্টোবৰত ৰাজ্য আৰু সংগঠনসমূহৰ মাজত গণ স্বচ্ছতা অভিযানৰ জৰিয়তে স্বচ্ছ ভাৰত দিৱস পালন কৰা হ’ব, যাৰ ফলত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা হ’ব। মন্ত্ৰালয়ে সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, সমবায় সমিতি, আৰু ৰাষ্ট্ৰীয় ফেডাৰেচনক এই প্ৰচেষ্টাত যোগদান কৰি বৃহৎ পৰিসৰত মানুহক জড়িত কৰিবলৈ আহ্বান জনাইছে। স্বচ্ছতাই সেৱা ২০২৫ৰ লক্ষ্য হৈছে স্বচ্ছতাক দৈনন্দিন জীৱনৰ অভ্যাস হিচাপে গঢ়ি তোলা। স্বচ্ছোৎসৱ ২০২৫ৰ জৰিয়তে সমবায় মন্ত্ৰালয়ে এই অভিযানক অধিক ব্যাপক আৰু প্ৰভাৱশালী কৰি তুলিবলৈ চেষ্টা কৰিছে, যাতে সহযোগিতা, সামূহিক দায়বদ্ধতা, আৰু গণ অংশগ্ৰহণৰ জৰিয়তে এখন স্বচ্ছ, সুস্থ, আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰি।
***********
RK/VV/RR/PS
(Release ID: 2168015)