প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত ২০২৫ চনৰ সংযুক্ত কমাণ্ডাৰ সন্মিলনৰ সময়ত নিৰাপত্তা পৰিস্থিতি আৰু প্ৰতিৰক্ষা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে যৌথতা, আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
Posted On:
15 SEP 2025 5:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰত পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হোৱা ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলনৰ সময়ত সশস্ত্ৰ বাহিনীৰ নিৰাপত্তা পৰিস্থিতি আৰু কাৰ্য্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ যোৱা দুবছৰত ৰূপায়িত সংস্কাৰ, আৰু পৰৱৰ্তী দুবছৰৰ পৰিকল্পনাৰ বিষয়েও পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশ নিৰ্মাণ, পাইৰেচি বিৰোধী পদক্ষেপৰ লগতে সংঘাতময় অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ লগতে বন্ধুত্বপূৰ্ণ দেশসমূহক মানৱীয় সাহায্য তথা দুৰ্যোগ সাহায্য প্ৰদানৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ অবিচ্ছেদ্য ভূমিকাক প্ৰশংসা কৰে। ২০২৫ চনটো প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘সংস্কাৰৰ বছৰ’ হোৱাৰ লগে লগে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ আৰু যিকোনো পৰিস্থিতিৰ জয় কৰিবলৈ অধিক যৌথতা, আত্মনিৰ্ভৰশীলতা তথা উদ্ভাৱনমূলক শক্তি লাভৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
এই বৈঠকত প্ৰতিৰক্ষামন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় ছেঠ, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী, সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিং, প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং, বৈদেশিক সচিব শ্ৰী বিক্ৰম মিশ্ৰী, সচিব (প্ৰতিৰক্ষা উৎপাদন) শ্ৰী সঞ্জীৱ কুমাৰ, সচিব (প্ৰাক্তন সেনাবাহিনী কল্যাণ) ড° নিতেন চন্দ্ৰ, সচিব, প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ বিভাগ তথা অধ্যক্ষ ডি আৰ ডি অ’ ড০ সমীৰ ভি কামাট, বিত্তীয় উপদেষ্টা (প্ৰতিৰক্ষা সেৱা) ড০ মায়ংক শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে ১৬ ছেপ্টেম্বৰত কমাণ্ডাৰসকলক আৰু ১৭ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মুৰব্বীসকলক সম্বোধন কৰিব।
দুবছৰত এবাৰ অনুষ্ঠিত হোৱা এই সংযুক্ত কমাণ্ডাৰ সন্মিলন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ চিন্তন মঞ্চ, যিয়ে দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্বক একত্ৰিত কৰি মত বিনিময় কৰে আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ ভৱিষ্যতৰ বিকাশৰ ভেটি স্থাপন কৰে। এই বছৰৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বছৰ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’, যিটো সশস্ত্ৰ বাহিনীৰ চলি থকা আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি নিৰ্ধাৰণ কৰা হৈছে।
অহা দুদিনত সন্মিলনত সমগ্ৰ বাহিনীসমূহৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত বিভিন্ন গাঁথনিগত, প্ৰশাসনিক আৰু কাৰ্যকৰী বিষয়সমূহৰ সামগ্ৰিক পৰ্যালোচনা, ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্বৰ অনিশ্চয়তাৰ সন্মুখত কাৰ্য্যকৰী প্ৰস্তুতিৰ লগতে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী ৰূপায়ণৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ বিষয়ত আলোচনা অনুষ্ঠিত হ’ব।
সংযুক্ত কমাণ্ডাৰ সন্মিলন ২০২৫ত সংস্কাৰ, ৰূপান্তৰ আৰু পৰিৱৰ্তন তথা কাৰ্য্যকৰী প্ৰস্তুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। এইবোৰে একেলগে প্ৰতিষ্ঠানিক সংস্কাৰ, সংহতি আৰু প্ৰযুক্তিগত আধুনিকীকৰণৰ প্ৰতি সশস্ত্ৰ বাহিনীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে, একে সময়তে বহু-ক্ষেত্ৰৰ উচ্চ পৰ্যায়ৰ কাৰ্যকৰী প্ৰস্তুতিৰ দিশটোও বজাই ৰাখে। ক্ৰমান্বয়ে জটিল হৈ পৰা ভূ-কৌশলগত পৰিৱেশত পৰিৱৰ্তনশীল আৰু নিৰ্ণায়ক সশস্ত্ৰ বাহিনীক এই আলোচনাত অধিক শক্তিশালী কৰাৰ চেষ্টা কৰা হ’ব। সৰ্বাংগীন সংযোগৰ পৰম্পৰা অব্যাহত ৰাখি এই সন্মিলনত সশস্ত্ৰ বাহিনীৰ বিভিন্ন পদবীৰ বিষয়া আৰু কৰ্মীৰ সৈতে পাৰস্পৰিক অধিৱেশন অনুষ্ঠিত কৰা হ’ব, যাৰ ফলত ক্ষেত্ৰ পৰ্যায়ৰ দৃষ্টিভংগীয়ে উচ্চতম পৰ্যায়ৰ আলোচনাক সমৃদ্ধ কৰিব।
VK/Savvy/DM
(Release ID: 2167074)
Visitor Counter : 2