কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

কোম্পানী আইন, ২০১৩ৰ অধীনত ফাষ্ট ট্ৰেক একত্ৰীকৰণৰ পৰিসৰ এম চি এই প্ৰশস্ত কৰে

प्रविष्टि तिथि: 11 SEP 2025 3:56PM by PIB Guwahati

কোম্পানী আইন, ২০১৩ য়ে দেশৰ কোম্পানীসমূহৰ নিগম, দায়িত্ব, শাসন আৰু বিলুপ্তিকৰণ নিয়ন্ত্ৰণ কৰে। কোম্পানী আইন, ২০১৩ৰ ২৩৩ নম্বৰ ধাৰাত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ জৰিয়তে কিছুমান কোম্পানী একত্ৰীকৰণ (ফাষ্ট ট্ৰেক মাৰ্জাৰ)ৰ ব্যৱস্থা কৰা হৈছে [আঞ্চলিক সঞ্চালকসকলক অৰ্পণ কৰা হৈছে]। কোম্পানী আইন, ২০১৩ৰ ধাৰা ২৩৩(১) অনুসৰি (ক) দুটা বা তাতকৈ অধিক সৰু কোম্পানী আৰু (খ) হোল্ডিং কোম্পানী তথা ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানীৰ মাজত একত্ৰীকৰণ/বিভাজনৰ অনুমতি দিয়া হৈছে। ২৩৩ নম্বৰ ধাৰাত কেন্দ্ৰীয় চৰকাৰক (এম চি এ) নিয়মৰ দ্বাৰা এনে দ্ৰুত প্ৰক্ৰিয়াৰ সুবিধা ল’ব পৰা অতিৰিক্ত শ্ৰেণীৰ কোম্পানী নিৰ্ধাৰণ কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।

ব্যৱসায় কৰাত সহজতা প্ৰদান কৰিবলৈ আৰু সৰু কোম্পানী তথা ষ্টাৰ্ট-আপ কোম্পানীসমূহক এনে দ্ৰুত পদ্ধতিৰ সুবিধা ল’বলৈ অনুমতি দিবলৈ কোম্পানী (আপোচ, ব্যৱস্থা আৰু একত্ৰীকৰণ) নিয়ম, ২০১৬ৰ (চি এ এ নিয়ম) ২০২১ চনত সংশোধন কৰা হৈছিল যাতে (ক) দুটা বা তাতোকৈ অধিক ষ্টাৰ্ট-আপ কোম্পানী আৰু (খ) এটা বা তাতোকৈ অধিক কোম্পানী একত্ৰীকৰণ/বিভাজনৰ বাবে দ্ৰুত ট্ৰেক প্ৰক্ৰিয়াৰ পৰিসৰ বৃদ্ধি কৰা হয়। পৰৱৰ্তী সময়ত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত চি এ এ নিয়মত কৰা সংশোধনীৰ জৰিয়তে ভাৰতৰ বাহিৰত নিগমিত হ’ল স্থানান্তৰকাৰী বিদেশী কোম্পানীক হোল্ডিং কোম্পানী হিচাপে আৰু স্থানান্তৰকাৰী ভাৰতীয় কোম্পানীক ভাৰতত নিগমিত ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী হিচাপে একত্ৰীকৰণো (ৰিভাৰ্ছ ফ্লিপিং) ফাষ্ট ট্ৰেক মাৰ্জাৰ প্ৰক্ৰিয়াৰ জৰিয়তে অনুমতি দিয়া হৈছে।

বাজেট ভাষণ (২০২৫-২০২৬)ৰ ১০১ নম্বৰ স্তম্ভ অনুসৰি এনে একত্ৰীকৰণৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে ৪ ছেপ্টেম্বৰ, ২০২৫ত অংশীদাৰসকলৰ পৰামৰ্শ অনুষ্ঠিত কৰাৰ পাছত চি এ এ নিয়ম সংশোধন কৰা হৈছে। এই সংশোধনীৰ জৰিয়তে নিম্নোক্ত অতিৰিক্ত শ্ৰেণীৰ কোম্পানীসমূহৰ ক্ষেত্ৰত একত্ৰীকৰণ/বিভাজন দ্ৰুত ট্ৰেক একত্ৰীকৰণ/বিভাজন পদ্ধতিৰ সুবিধা লাভৰ বাবে এনে নিয়মৰ ২৫ নম্বৰ নিয়মত অন্তৰ্ভুক্ত কৰা হৈছে:-

(ক) দুটা বা তাতকৈ অধিক তালিকাভুক্ত নোহোৱা কোম্পানী (ধাৰা ৮ কোম্পানীসমূহৰ বাহিৰে) যিয়ে বাকী থকা ঋণ, ডিবেঞ্চাৰ বা জমা ধনৰ নিৰ্ধাৰিত সীমা পূৰণ কৰে;

(খ) স্থানান্তৰকাৰী কোম্পানী, তালিকাভুক্ত কোম্পানী হোৱা ক্ষেত্ৰসমূহ বাদ দি হোল্ডিং কোম্পানী আৰু সহযোগী কোম্পানী;

(গ) স্থানান্তৰকাৰী কোম্পানী, তালিকাভুক্ত কোম্পানী হোৱা ক্ষেত্ৰসমূহ বাদ দি একেটা হোল্ডিং কোম্পানীৰে দুটা বা তাতকৈ অধিক সহযোগী কোম্পানী।

প্ৰাসংগিক সংশোধনী অধিসূচনা (গেজেট অধিসূচনা নম্বৰ জি.এছ.আৰ ৬০৩ (ই) তাৰিখ ৪.৯.২০২৫) কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (www.mca.gov.in)ত দিয়া হৈছে।

(লিংক:https://www.mca.gov.in/bin/ebook/dms/getdocument?doc=NTYzMDg2MjY0&docCategory=Notifications&type=open)

****

NB/AD/MK


(रिलीज़ आईडी: 2165907) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी