নৌ-পৰিবহন মন্ত্ৰালয়
শ্ৰী সৰ্বানন্দ সোণোৱালে ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি ব্ৰহ্মপুত্ৰত ‘বিস্তীৰ্ণ পাৰৰে’ সংগীতময় যাত্ৰাৰ শুভাৰম্ভ কৰে
“ভূপেনদাৰ কণ্ঠত দেশপ্ৰেমৰ চিৰন্তন মনোভাৱ আৰু শক্তিশালী ভাৰতৰ সপোন সন্নিৱিষ্ট আছিল” : শ্ৰী সৰ্বানন্দ সোণোৱাল
শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ পাৰৰে যাত্ৰাই চাৰিটা ঘাট— বগীবিল, তেজপুৰ, গুৱাহাটী আৰু যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ কণ্ঠক উদযাপন কৰিব
Posted On:
08 SEP 2025 9:59PM by PIB Guwahati
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই “বিস্তীৰ্ণ পাৰৰে : শদিয়াৰ পৰা ধুবুৰীলৈ এক সংগীতময় যাত্ৰা” শীৰ্ষক এটা অনন্য সাংস্কৃতিক পদক্ষেপ আৰম্ভ কৰিছে। আজি তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ যাযাবৰ শিল্পীগৰাকীলৈ উৎসৰ্গিত কলা-সংস্কৃতিৰ জীপাল উদযাপনৰ জৰিয়তে এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়।
এক ভিডিঅ’ বাৰ্তাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সন্তান আছিল, যাৰ অন্তৰস্পৰ্শী কণ্ঠ আৰু কালজয়ী সৃষ্টিয়ে অসম আৰু উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰলৈ কঢ়িয়াই নিছিল। ঐক্য, মানৱতা, ভাতৃত্ববোধৰ বাৰ্তাৰে পৰিপূৰ্ণ তেওঁৰ গীতসমূহ ৰাইজৰ হৃদয়ত চিৰদিনৰ বাবে প্ৰতিধ্বনিত হৈ থাকিব। ভূপেনদাৰ কণ্ঠই দেশপ্ৰেমৰ চিৰন্তন মনোভাৱ আৰু শক্তিশালী ভাৰতৰ সপোনক মূৰ্ত কৰি তুলিছিল। তেওঁৰ জন্ম শতবাৰ্ষিকীৰ এই গৌৰৱময় ক্ষণত ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহৰ আনন্দ আৰু বেদনাক কণ্ঠদান কৰা সাংস্কৃতিক শিল্পীগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ সাৰ্বজনীন উত্তৰাধিকাৰক উদযাপন কৰা আৰু নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়া এই যাত্ৰাৰ জৰিয়তে তেওঁৰ বহু কামত অনুপ্ৰেৰণা যোগোৱা নদীখন পুনৰবাৰ সজীৱ হৈ উঠিছে।”
ড০ ভূপেন হাজৰিকাৰ স্মৃতিত উলিওৱা ব্ৰহ্মপুত্ৰৰ নদীযাত্ৰাৰ আৰম্ভণিতে সাংস্কৃতিক দল আৰু সংগীতিক বেণ্ড এটাই জাহাজত উঠি যাত্ৰা কৰে।
গুইজান ঘাটৰ এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াত আদৰণি ভাষণ দিয়ে চিত্ৰলেখা দুৱৰা সুনাই। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে। পদ্ম দুলাল মানকী, ধৰ্মেন্দ্ৰ বৰুৱা, কাজল দেৱকে ধৰি বিশিষ্ট শিল্পীসকলে অনুষ্ঠানত সংগীত পৰিবেশন কৰে। এই অনুষ্ঠানত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা; অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই; অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ; মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ; তিনিচুকীয়া পৌৰসভা ব’ৰ্ডৰ অধ্যক্ষ পুলক চেতিয়া আদি উপস্থিত থাকে।
পাছত সন্ধিয়ালৈ এই যাত্ৰাই ডিব্ৰুগড়ৰ বগীবিল ঘাটত প্ৰৱেশ কৰে, য’ত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কুইজ আৰু চিত্ৰাংকনৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সমৰ হাজৰিকা, চৈয়দ ছাদুল্লা, লোহিত গগৈ, হৃষিকেশ গোস্বামী আৰু মহাৰাষ্ট্ৰৰ ৰাগিনী কভথেকাৰ আদি বিখ্যাত সংগীতজ্ঞ তথা ব্যক্তিত্বই ভিডিঅ’ কনফাৰেন্সিংযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মৰাণ, মটক, চাহ জনজাতি, সোণোৱাল কছাৰী, হাজং, চুতীয়া আদি জনগোষ্ঠীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনায়। বিশিষ্ট কণ্ঠশিল্পী নীলাক্ষী নেওগে ড০ ভূপেন হাজৰিকাৰ অমৰ গীত পৰিবেশনেৰে সন্ধিয়াটো জীপাল কৰি তোলে। উক্ত অনুষ্ঠানত খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈ; আই ডব্লিউ এ আইৰ সঞ্চালক (আই/চি) প্ৰবীণ বৰা; ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ (ডিএমচি) উজ্জ্বল ফুকন; অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু আছাম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আদি উপস্থিত থাকে।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই উপস্থাপন কৰা এই কাৰ্যসূচীয়ে সমগ্ৰ অসমৰ একাধিক স্থানত ড° ভূপেন হাজৰিকাৰ কালজয়ী অৱদানক উদযাপন কৰিব। তেওঁৰ গীতসমূহে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন আৰু সংগ্ৰামক প্ৰতিফলিত কৰে, সমতা আৰু সামাজিক ন্যায়ৰ সাৰ্বজনীন বাৰ্তাৰে অসমৰ বৈচিত্ৰ্যময় সামাজিক-সাংস্কৃতিক দৃশ্যপট একেলগে বোৱাই নিয়ে।
ব্ৰহ্মপুত্ৰৰ বিশালতাৰ দৰে ড° হাজৰিকাৰ অসাধাৰণ উত্তৰাধিকাৰে অসম আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰলৈ উন্নীত কৰিলে। উত্তৰ-পূবৰ সাংস্কৃতিক একত্ৰীকৰণ আৰু পথ প্ৰদৰ্শক হিচাপে তেওঁৰ শতবাৰ্ষিকী এই অসাধাৰণ নদীযাত্ৰাৰে পালন কৰা হৈছে— যত সংগীত আৰু উদযাপনৰ জৰিয়তে সম্প্ৰদায়সমূহক একত্ৰিত কৰা হৈছে।
অনুষ্ঠানৰ সময়সূচী :
• বগীবিল, ডিব্ৰুগড় – ৮ ছেপ্টেম্বৰ
• শিলঘাট, তেজপুৰ – ১১ ছেপ্টেম্বৰ
• পাণ্ডু, গুৱাহাটী – ১৫ ছেপ্টেম্বৰ
• আই ডব্লিউ এ আই জাহাজঘাট, যোগীঘোপা– (আপডেট কৰা হ’ব)
****
SR/GDH/PN/HK/KD
(Release ID: 2164894)
Visitor Counter : 6