অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav

“অসামৰিক বিমান পৰিবহণৰ আন্তঃগাঁথনিৰ বৃদ্ধি আৰু সংযোগৰ উন্নীতকৰণে উত্তৰ-পূব ভাৰতৰ আকাংক্ষাক ডেউকা দিছে”: কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু

অৰুণাচল প্ৰদেশৰ ইটানগৰত অসামৰিক বিমান পৰিবহণ আৰু তৃতীয় উত্তৰ-পূব বিমান পৰিবহন সম্পৰ্কীয় উত্তৰ-পূব অঞ্চলৰ মন্ত্ৰীসকলৰ সন্মিলন

অনুষ্ঠানত সমৃদ্ধিশালী উত্তৰ-পূব ভাৰতৰ বাবে বিমান পৰিবহন খণ্ডটোক ব্যৱহাৰ কৰাৰ বিষয়ত আলোচনা কৰা হয়

Posted On: 04 SEP 2025 8:37PM by PIB Guwahati

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত অসামৰিক বিমান পৰিবহণ ২০২৫ আৰু তৃতীয় উত্তৰ-পূব বিমান পৰিবহণ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত পেমা খাণ্ডু আৰু সন্মানীয় অতিথি হিচাপে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ শ্ৰী তেছাম পংটেও উপস্থিত থাকে। মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা; ছিকিম চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰীযুত চেৰিং থেণ্ডুপ ভূটিয়া আৰু অসম চৰকাৰৰ পাহাৰীয়া অঞ্চল উন্নয়ন আৰু সমবায়  মন্ত্ৰী শ্ৰীযুত যোগেন মোহনে সন্মিলনত উপস্থিত থাকি অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰে। অৰুণাচল প্ৰদেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী বালো ৰাজাই অনুষ্ঠানত এই বিষয়ত  নিজৰ  ৰাজ্যখনৰ দৃষ্টিভংগী দাঙি ধৰে।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে উত্তৰ-পূবৰ উন্নয়নৰ বাবে পৰিবহণ সংযোগ আটাইতকৈ জটিল খণ্ড বুলি অভিহিত  কৰে। যোৱা ১০ বছৰত উত্তৰ-পূবৰ বিমান পৰিবহনৰ  আন্তঃগাঁথনি আৰু সংযোগৰ অৱস্থা অভূতপূৰ্বভাবে  বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশত বিমানবন্দৰ থকাটো জনসাধাৰণৰ এক দীৰ্ঘদিনীয়া সপোন আছিল,  যিটো মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত তথা  অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সক্ৰিয় সমৰ্থনৰ বাবেই বাস্তৱায়িত হৈছে। বিমান পৰিবহণৰ আন্তঃগাঁথনি সৃষ্টিৰ অগ্ৰগতি আৰু উড়ানৰ  দৰে পথ প্ৰদৰ্শক আঁচনিসমূহেউত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক আকাংক্ষাক সফল কৰি তোলাত সহায়ক হৈছে।

 

শ্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে উত্তৰ-পূব অঞ্চলৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ বৃদ্ধিৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ মাজত সহযোগিতা গভীৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই কথাতো গুৰুত্ব আৰোপ কৰে যে দুৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ সুলভতা বৃদ্ধি, পৰ্যটনক প্ৰসাৰিত কৰা, মালবাহী আৰু লজিষ্টিকছৰ সুবিধা প্ৰদান কৰা, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূব অঞ্চলত ঔদ্যোগিকৰ লগতে  আৰ্থ-সামাজিক বৃদ্ধিৰ ক্ষেত্ৰত বিমান সংযোগৰ উন্নীতকৰণ  অতি প্ৰয়োজনীয়। নিজৰ শক্তিশালী পৰ্যটনৰ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ উত্তৰ-পূব অঞ্চলে সংযোগৰ প্ৰত্যাহ্বানসমূহ দ্ৰুতগতিত সমাধান কৰিব লাগিব। লগতে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ মাজত নিয়োগ সৃষ্টিৰ দ্ৰুত অনুসৰণৰ বাবে দক্ষতামূলক পদক্ষেপ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ কয়। উদ্যোগ পৰিচালিত বিমান পৰিবহণ পৰিৱেশ তন্ত্ৰই এই দুয়োটা প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/100079786976MO.jpg

মন্ত্ৰীগৰাকীয়ে লগতে এই কথাকলৈ গৌৰৱ প্ৰকাশ কৰে যে ২০১৪ চনত অঞ্চলটোত কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা ৯টাৰ পৰা বৰ্তমান ১৬টালৈ বৃদ্ধি পাইছে। বিমানৰ চলাচল প্ৰায় দুগুণ বৃদ্ধি পোৱাৰ বিপৰীতে ২০১৪ চনৰ পৰা ঘৰুৱা যাত্ৰীৰ যাতায়াত তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে।

ৰাজ্যসমূহক অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাক সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, “আপুনি যদি  উত্তৰ-পূব ভাৰত  দেখা নাই , তেন্তে  ভাৰত দেখা নাই।ইয়াৰ  প্ৰাকৃতিক সৌন্দৰ্য্য, সজীৱ সংস্কৃতি, উষ্ণ আতিথ্য আৰু ভাৰতীয়ত্বৰ শক্তিশালী সাৰমৰ্ম অতুলনীয়।” তেওঁ ৰাজ্যসমূহক বিমান সংযোগ সম্প্ৰসাৰণৰ পৰিপূৰক হিচাপে পৰ্যটনৰ আন্তঃগাঁথনি তথা আতিথ্য সেৱাৰ বিকাশৰ বিষয়তো  গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

আন্তঃগাঁথনি সৃষ্টিৰ বাবে ভৱিষ্যতৰ সমৰ্থনৰ  বিষয়ত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়  যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে আমি প্ৰতি বিত্তীয় বৰ্ষত গ্ৰীণফিল্ড বিমানবন্দৰ উন্নয়নৰ বাবে চাৰিটা প্ৰি-ফিচিবিলিটি অধ্যয়ন আগবঢ়াবলৈ সিদ্ধান্ত লৈছো, পৰামৰ্শ বা অন্যান্য মাচুল বিনামূলীয়াকৈ। ইয়াৰ দ্বাৰা ৰাজ্যসমূহে নতুন বিমানবন্দৰৰ পৰিকল্পনা আৰু নিৰ্মাণৰ বাবে উৎসাহিত হ’ব আৰু  বিকাশৰ  সম্পূৰ্ণ সুবিধা ল’ব পাৰিব ।

https://static.pib.gov.in/WriteReadData/userfiles/image/1000797868HGRV.jpg

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়ত অবিৰত সমৰ্থনৰ আশ্বাস দিয়ে আৰু এই কথাত গুৰুত্ব আৰোপ কৰে যে বিমান পৰিবহণ এতিয়া বিলাসীতা নহয়—এই খণ্ডটো  বিকশিত ভাৰত @২০৪৭ৰ এক সক্ষমকাৰী খণ্ড।  ভাৰত তৃতীয় বৃহত্তম ঘৰুৱা বিমান বজাৰলৈ ৰূপান্তৰিত হোৱাৰ বিষয়ত আলোকপাত কৰি তেওঁ উড়ান , বিমানবন্দৰৰ সম্প্ৰসাৰণ, বিমান পৰিবহণৰ দক্ষতাৰ বিষয়ত  গুৰুত্ব দিয়া আৰু এম আৰ অ’ খণ্ডক প্ৰগতিশীলতাৰ মূল স্তম্ভ হিচাপে উদগনি যোগোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহলৈ আঙুলিয়াই দিয়ে।

https://static.pib.gov.in/WriteReadData/userfiles/image/10007978725360.jpg

ৰাজ্যসমূহৰ বাবে সুযোগ সম্পৰ্কীয় অধিৱেশনৰ অংশ হিচাপে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু এ এ আইৰ বিষয়াসকলে বিভিন্ন বিমানবন্দৰ উন্নয়নৰ আৰ্হি আৰু এইছইএমএছ (HEMS ) তথা  যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ   দৰে সুযোগসমূহৰ বিষয়ে  ৰাজ্যসমূহৰ  প্ৰতিনিধিসকলৰ সন্মুখত প্ৰকাশ কৰে। ইয়াৰ পিছতে ৰাজ্যিক প্ৰতিনিধি দলসমূহৰ   মত বিনিময় অনুষ্ঠান অনুষ্ঠিত  কৰা হয়। উদ্যোগৰ অংশীদাৰসকলৰ সৈতে ৰাজ্যসমূহৰ প্ৰতিনিধিৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ।

 

মন্ত্ৰালয়ৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমাই উত্তৰ-পূৰ্বাঞ্চলত বিমান পৰিবহণৰ উন্নয়ন আৰু উন্নতি কেৱল বিমান যাত্ৰাৰ উন্নতিৰ বিষয় নহয়, অঞ্চলটোৰ প্ৰকৃত সম্ভাৱনা মুকলি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য  কৰে। বৰ্ধিত বিমান সংযোগে ভৌগোলিক বাধাসমূহ দূৰ কৰিব, দুৰ্গম অঞ্চলসমূহক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰিব আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহৰ সৈতে অধিক শক্তিশালী সংহতিৰ পোষকতা কৰিব বুলি তেওঁ কয়।

 

তেওঁ এই কথা দৃঢ়তাৰে কয় যে উন্নত বিমান আন্তঃগাঁথনি—যেনে নতুন বিমানবন্দৰ, হেলিপ’ৰ্ট আৰু সৰু বিমান  তথা হেলিকপ্টাৰৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধিয়ে  পৰ্যটন, বাণিজ্য, স্বাস্থ্যসেৱাৰ সুবিধা তথা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত  প্ৰত্যক্ষভাবে  লাভাৱান্বিত কৰিব। উন্নত বিমান সেৱাই নিয়োগৰ বাবে নতুন পথ সৃষ্টি কৰি, উদ্যোগীকৰণক বৃদ্ধি কৰি, আৰু অঞ্চলটোলৈ ব্যক্তিগত বিনিয়োগক আকৰ্ষণ কৰি স্থানীয় জনগোষ্ঠীসমূহক শক্তিশালী কৰি তুলিব।

অসামৰিক বিমান পৰিবহণৰ মাননীয় ভূমি ব্যৱস্থাপনা মন্ত্ৰী শ্ৰীযুত বালো ৰাজাই ৰাজ্যসমূহৰ দৃষ্টিভংগীৰ বিষয়ত  ভাষণ প্ৰদান কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূব ভাৰতৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰাৰ বাবে আঞ্চলিক সংযোগ শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে এই বিষয়ত আলোকপাত কৰে যে উত্তৰ-পূব অঞ্চলত বিমান পৰিবহণ উন্নয়নে দূৰৱৰ্তী চহৰ আৰু মহানগৰৰ মাজত শক্তিশালী বিমান সংযোগ স্থাপনৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল ভূমিকা গ্ৰহণ কৰিব,  যাতে যাত্ৰাৰ সময় হ্ৰাস পায় , গতিশীলতা উন্নত হয় আৰু অঞ্চলটোক দেশৰ বাকী অংশৰ সৈতে অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰিব পাৰি, উন্নত বিমান মালবাহী সুবিধাসমূহে উদ্যান শস্যৰ উৎপাদিত সামগ্ৰী, হস্তশিল্প তথা অন্যান্য স্থানীয় সামগ্ৰীৰ ৰপ্তানিৰ বাবে নতুন পথ মুকলি কৰিব, যাৰ ফলত আঞ্চলিক বাণিজ্য বৃদ্ধি পাব।

https://static.pib.gov.in/WriteReadData/userfiles/image/1000797874TL26.jpg

ছিকিম চৰকাৰৰ পৰ্যটন, অসামৰিক বিমান পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী শ্ৰী ছেৰিং ভূটিয়াই উত্তৰ-পূব অঞ্চলত বিনিয়োগ, ব্যৱসায়ত সহজতা আৰু বিমান সেৱা সম্প্ৰসাৰণৰ বাবে অধিক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পৰা নীতি-নিৰ্ভৰশীল পদক্ষেপৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ প্ৰত্যাহ্বানসমূহৰ সমাধান ক্ষিপ্ৰতাৰে কৰি পাকিয়ং বিমানবন্দৰ সম্পূৰ্ণ পৰিসৰত কাৰ্যকৰী কৰি তোলাৰ বিষয়ত মত পোষণ  কৰে। তেওঁ ছিকিমত এক শক্তিশালী বিমান পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে কেন্দ্ৰৰ সৈতে ঘনিষ্ঠ অংশীদাৰিত্বৰে কাম কৰিবলৈ  ৰাজ্যখনৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

 

অসম চৰকাৰৰ পাহাৰীয়া অঞ্চল উন্নয়ন আৰু সমবায়  মন্ত্ৰী শ্ৰীযুত যোগেন মোহনে ৰাজ্যসমূহৰ সৈতে যোগাযোগ কৰি নীতিগত সংস্কাৰ তথা  কাৰ্যকৰীকৰণৰ কাঠামোক আগুৱাই নিয়াৰ  অংশীদাৰ হিচাপে মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ  শলাগ লয়। তেওঁ অসমৰ আকাংক্ষা আৰু সেইবোৰ লাভৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণে ল’ব পৰা গুৰুত্বপূৰ্ণ  সক্ষমতামূলক ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰে।

 

অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে মন্ত্ৰালয়ে এজন এজনকৈ পাৰস্পৰিক মত-বিনিময় কৰে, য’ত ৰাজ্যিক প্ৰতিনিধিৰ দলসমূহে কেন্দ্ৰীয় মন্ত্ৰী আৰু মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতি নিৰ্দিষ্ট সংযোগৰ প্ৰত্যাহ্বান, আন্তঃগাঁথনিৰ প্ৰস্তাৱ আৰু সমৰ্থনৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা কৰে। সমান্তৰাল অধিৱেশনে ৰাজ্য চৰকাৰ আৰু উদ্যোগৰ মূল  ব্যক্তিসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ সুবিধা প্ৰদান কৰে। ইয়াত  বিনিয়োগৰ সুবিধা আৰু ৰূপায়ণৰ বাধাসমূহ  চিনাক্তকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়।

 

এই অনুষ্ঠানত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। লগতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও সন্মিলনত উপস্থিত থাকে । বিমান সংস্থা আৰু হেলিকপ্টাৰ অপাৰেটৰ, অ’ইএম, এফটিঅ’, এমআৰঅ’, কাৰ্গো প্লেয়াৰ আৰু ড্ৰ’ন কোম্পানীকে ধৰি ৭০ জনতকৈ অধিক উদ্যোগৰ অংশীদাৰে সক্ৰিয়ভাৱে সন্মিলনত অংশগ্ৰহণ কৰে আৰু আঞ্চলিক বিমান পৰিবহণ উন্নয়নক আগুৱাই নিয়াত ৰাজহুৱা–ব্যক্তিগত সহযোগিতাৰ গুৰুত্বৰ  বিষয়ত আলোকপাত কৰে। এনেদৰে আঞ্চলিক সন্মিলন আয়োজনৰ বাবে এফআইচিচিআইয়ে অতি গুৰুত্বপূৰ্ণ উদ্যোগৰ আন্তঃপৃষ্ঠ প্ৰদান কৰে।

 

এই সন্মিলনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানবন্দৰ আৰু হেলিপেড উন্নয়নৰ আৰ্হি, উড়ান, বিমান পৰিবহণৰ দক্ষতা আৰু হেলিকপ্টাৰৰ জৰুৰীকালীন চিকিৎসা সেৱা (এইচইএমএছ)ৰ বিষয় উপস্থাপন কৰি ৰাজ্যসমূহক খণ্ডগত অন্তৰ্দৃষ্টি তথা ৰূপায়ণৰ পথৰ সন্ধান দিয়ে। 

 

মন্ত্ৰালয়ৰ ভৱিষ্যতৰ  পদক্ষেপসমূহত আৰু অধিক গতি প্ৰদান কৰি আগন্তুক ফ্লেগশ্বিপ ইভেণ্টটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হয় — ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, বিমানবন্দৰ কৰ্তৃপক্ষ আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই)য়ে , উইংছ ইণ্ডিয়া ২০২৬ যৌথভাৱে আয়োজন কৰিব।  উইংছ ইণ্ডিয়া ২০২৬ ২৮ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হোৱাৰ কথা ।  এই অনুষ্ঠানে ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডৰ বৃদ্ধি আৰু সুযোগসমূহ প্ৰদৰ্শনৰ বাবে এক অগ্ৰণী মঞ্চ হিচাপে কাম কৰিব, সমগ্ৰ বিশ্বৰ মূল ব্ক্তি তথা প্ৰতিষ্ঠানসমূহক  একত্ৰিত কৰি অংশীদাৰিত্ব, উদ্ভাৱন আৰু নীতিগত আলোচনাক লাভাৱান্বিত কৰিব।

 

অৰুণাচল প্ৰদেশ বিধানসভাত পুৱা  মূল অনুষ্ঠানৰ পূৰ্বে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে ডনি প’লো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন পৰিদৰ্শন কৰে । ইয়াত যাত্ৰী চলাচলৰ বাবে কাম আৰম্ভ কৰা হৈছে। ৪১০০ বৰ্গমিটাৰত নিৰ্মিত এই যাত্ৰী পৰিচালনাৰ ক্ষমতা এতিয়া বছৰি ১ নিযুত  যাত্ৰীলৈ আৰু পিক আৱাৰৰ ক্ষমতা ৮০০ লৈ বৃদ্ধি পাইছে।তেওঁ উড়ান  যাত্ৰী কেফে আৰু শিশুৰ বাবে এটা ক্ৰেচো উদ্বোধন কৰে। তেওঁ টাৰ্মিনেল ভৱনৰ ভিতৰত এভিএছএআৰ দোকান (আঞ্চলিকৰ দক্ষ শিল্পীৰ স্থান হিচাপে বিমানবন্দৰ) উদ্বোধন কৰে। আজি নতুন টাৰ্মিনেলৰ পৰা দিল্লী অভিমুখী ইণ্ডিগোৰ বিমানে  উৰা মাৰে  ।

 

****

SR/DK/DM


(Release ID: 2164146) Visitor Counter : 2
Read this release in: English , Hindi