গৃহ মন্ত্ৰালয়
ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (বিপিআৰ এণ্ড ডি)ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত “নতুন অপৰাধ আইনৰ ৰূপায়ণ: স্বচ্ছতা, প্ৰযুক্তি আৰু বিশ্বাস” শীৰ্ষক বিষয়বস্তুকলৈ ড° আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনে
কেন্দ্ৰীয় গৃহ সচিবে বিপিআৰ এণ্ড ডিয়ে প্ৰকাশ কৰা নথিও উন্মোচন কৰে আৰু ২০২৪ তথা ২০২৫ চনৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক তথা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰাসকলক সম্বৰ্ধনা জনায়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰ্ট পলিচিং দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত বিপিআৰ এণ্ড ডিয়ে ভাৰতৰ আৰক্ষী বাহিনীক শক্তিশালী কৰাৰ অৰ্থে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে
বিপিআৰ এণ্ড ডিয়ে সকলো অংশীদাৰৰ সৈতে পৰামৰ্শ কৰি ১৫৫টা সমস্যা চিনাক্ত কৰিছে আৰু ২০২৪-২৫ বৰ্ষৰ বাবে ২৫টা গুৰুত্বপূৰ্ণ সমস্যাৰ ক্ষেত্ৰত কাম আৰম্ভ কৰিছে
বিপিআৰ এণ্ড ডিয়ে তিনিখন নতুন অপৰাধ আইন (এনচিএল)ৰ বিষয়ত দেশজোৰা সামৰ্থ্য বিকাশৰ পদক্ষেপত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।
Posted On:
29 AUG 2025 8:11PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনে নতুন দিল্লীত ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (বিপিআৰ এণ্ড ডি)ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে। এই উপলক্ষ্যে কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে “নতুন অপৰাধ আইন ৰূপায়ণ: স্বচ্ছতা, প্ৰযুক্তি আৰু বিশ্বাস” শীৰ্ষক বিষয়বস্তুকলৈ ড° আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে বিপিআৰ এণ্ড ডিৰ প্ৰকাশনসমূহো , যেনে নেচনেল পুলিচ ৰিচাৰ্ছ ৰিপোজিটৰী- তৃতীয় খণ্ড , ডাইৰেক্টৰী অব প্ৰিজন অফিচিয়েলছ ইন ইণ্ডিয়া -২০২৫ আৰু কম্পেণ্ডিয়াম অব প্ৰজেক্টছ -সপ্তম, অষ্টম আৰু নৱম খণ্ড (বিভিন্ন ক্ষুদ্ৰ অভিযানৰ অধীনত সম্পূৰ্ণ হোৱা ১৫টা প্ৰকল্প, ২০২১–২০২৫) আদি উন্মোচন কৰে। তেওঁ ২০২৪ তথা ২০২৫ চনৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক তথা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰাসকলক সম্বৰ্ধনা জনায়।
কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে ড০ আনন্দ স্বৰূপ গুপ্তা সোঁৱৰণী বক্তৃতা প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ স্মাৰ্ট পলিচিং দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত বিপিআৰ এণ্ড ডিয়ে ভাৰতৰ আৰক্ষী বাহিনীক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। তেওঁ বিপিআৰ এণ্ড ডিৰ বিকশিত ভূমিকাৰ তিনিটা জটিল মাত্ৰাৰ বিষয়তো আলোকপাত কৰে: সেয়া হৈছে- জটিল পুলিচিং প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা এক শক্তিশালী থিংক টেংক হিচাপে ইয়াৰ উত্থান ঘটোৱা; চিডিটিআই আৰু কেপিটিৰ জৰিয়তে প্ৰশিক্ষণ তথা সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰা আৰু নীতি তথা ব্যৱহাৰৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ ৰাজ্যসমূহলৈ ইয়াৰ প্ৰসাৰ ঘটোৱা, বিশেষকৈ নতুন অপৰাধমূলক আইনসমূহৰ ৰূপায়ণৰ বিষয়ত নিৰীক্ষণৰ ক্ষেত্ৰত । তেওঁ উল্লেখ কৰে যে এই সংস্কাৰসমূহৰ বিষয়ত বিপিআৰ এণ্ড ডিৰ নিবিড় নিৰীক্ষণে আইন প্ৰয়োগকাৰীৰ ক্ষেত্ৰত ইয়াৰ পৰিৱৰ্তনশীল ভূমিকাকে প্ৰতিফলিত কৰিছে। ভাষণৰ সামৰণিত তেওঁ দৃঢ়তাৰে কয় যে বিপিআৰ এণ্ড ডিয়ে নিজকে থিংক টেংক সংস্থালৈ ৰূপান্তৰিত কৰি আৰক্ষীৰ সংস্কাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ পূৰ্বে বিপিআৰ এণ্ড ডিৰ সঞ্চালক প্ৰধান শ্ৰী আলোক ৰঞ্জনে তেওঁৰ আদৰণি ভাষণত গৱেষণা, আৰক্ষীৰ সংস্কাৰ, সামৰ্থ্য বিকাশ আৰু আধুনিকীকৰণৰ বাবে থিংক টেংক হিচাপে ব্যুৰোৰ চাৰে পাঁচ দশকৰ সেৱাৰ বিষয়ত আলোকপাত কৰে। তেওঁ বিপিআৰ এণ্ড ডিৰ বাবে পথ প্ৰদৰ্শনকাৰী মূলমন্ত্ৰ “প্ৰতিটো ফালৰ পৰা আমাৰ ওচৰলৈ উচ্চ চিন্তা আহিবলৈ দিয়ক” মন্ত্ৰৰ কথাও পুনৰ উল্লেখ কৰাৰ লগতে দক্ষ আৰক্ষী ব্যৱস্থাৰ বাবে সকলো অংশীদাৰৰ সৈতে সহযোগিতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিষয়তো আলোকপাত কৰে।
বিপিআৰ এণ্ড ডিয়ে সকলো অংশীদাৰৰ সৈতে পৰামৰ্শ কৰি ১৫৫টা সমস্যা চিনাক্ত কৰিছে আৰু ২০২৪-২৫ বৰ্ষৰ বাবে ২৫টা গুৰুত্বপূৰ্ণ সমস্যাৰ ক্ষেত্ৰত কাম আৰম্ভ কৰিছে। কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ ভিতৰত আছে মেগা ইভেণ্ট মেনেজমেণ্ট, আৰ্হি কাৰাগাৰৰ বাবে মান প্ৰস্তুত কৰা, কাউণ্টাৰ ৰেডিকেলাইজেচন আৰু ডি-ৰেডিকেলাইজেচনৰ বাবে নীতি নিৰ্দেশনা, প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মানকৰণ, চিচিটিভি সম্পৰ্কীয় প্ৰত্যাহ্বান, উপকূলীয় আৰক্ষী ব্যৱস্থাৰ বাবে এছঅ’পি, পুলিচ বেণ্ড ইকুইপমেণ্টৰ স্বদেশীকৰণ আদি। ইয়াৰ উপৰি নতুন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত বিপিআৰ এণ্ড ডিয়ে গ্ৰহণ কৰা প্ৰচেষ্টা, শৈক্ষিক প্ৰতিষ্ঠান আৰু উদ্যোগৰ সৈতে সহযোগিতা, অংশীদাৰসকলৰ সৈতে যোগাযোগ, প্ৰভাৱৰ মূল্যায়ন আদিৰ বিষয়ত আলোকপাত কৰা হয়।
এই অনুষ্ঠানে সমগ্ৰ ভাৰতৰ আৰক্ষী ব্যৱস্থাৰ পৰিৱেশ তন্ত্ৰত আলোচনা, সহযোগিতা তথা জ্ঞান বিনিময়ৰ মঞ্চ হিচাপে বিপিআৰ এণ্ড ডিৰ ভূমিকাক পুনৰ দৃঢ় কৰি তুলিছে।
*****
RK / VV / RR / PS/DM
(Release ID: 2162179)
Visitor Counter : 11