প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 28 AUG 2025 3:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ চিৰস্থায়ী প্ৰতীক হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে মহাত্মা আয়ংকালীৰ শিক্ষা আৰু সমতাৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰি কয় যে তেওঁৰ উত্তৰাধিকাৰে দেশখনক সৰ্বাংগীন বিকাশৰ দিশত অনুপ্ৰাণিত কৰি যাব।

ছ’চিয়েল মিডিয়া চাইট এক্সত দিয়া পোষ্টত তেওঁ লিখে-

"মহাত্মা আয়াংকালীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয়। জ্ঞান আৰু শিক্ষাৰ প্ৰতিও তেওঁ অতি নিষ্ঠাবান আছিল। তেওঁৰ এই প্ৰচেষ্টাই ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ বাবে ভৱিষ্যত প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি যাব।"

*****

MJPS/SR/DB


(रिलीज़ आईडी: 2161597) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam