নৌ-পৰিবহন মন্ত্ৰালয়
বিশ্বৰ শক্তিসমূহে ভাৰতৰ সৈতে সামুদ্ৰিক অংশীদাৰিত্ব বিচাৰিছে; শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিনিয়োগ তথা নীল অৰ্থনীতি সন্দৰ্ভত আলোচনা কৰিলে ৰাষ্ট্ৰদূতসকলে
ৰাষ্ট্ৰদূতসকলৰ বৈঠকত শ্ৰী সৰ্বানন্দ সোণোৱালে ১ ট্ৰিলিয়ন ডলাৰৰ সামুদ্ৰিক বিনিয়োগৰ পৰিকল্পনা দাঙি ধৰে
ভাৰত সামুদ্ৰিক সপ্তাহৰ বাবে চৰকাৰ-উদ্যোগৰ অংশীদাৰিত্বলৈ ২৮ গৰাকী ৰাষ্ট্ৰদূতৰ সমৰ্থন
“বন্দৰৰ পৰা সেউজ হাইড্ৰজেন হাবলৈকে ভাৰতে বিশ্ব সামুদ্ৰিক অংশীদাৰিত্বৰ দুৱাৰ মুকলি কৰিলে:” শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
27 AUG 2025 9:27PM by PIB Guwahati
আজি দিল্লীত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেল। এই মেজমেলত ২৮খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে জ্যেষ্ঠ বিষয়া, উদ্যোগৰ শীৰ্ষ ব্যক্তি তথা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিয়ে ২৭–৩১ অক্টোবৰলৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত সামুদ্ৰিক সপ্তাহ (আই এম ডব্লিউ) ২০২৫ৰ পূৰ্বে সহযোগিতা সম্পৰ্কীয় বিষয়কলৈ আলোচনা কৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বিশ্বৰ সামুদ্ৰিক বাণিজ্য, বহনক্ষম জাহাজ পৰিবহন আৰু নীল অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাৰ বিষয়ে আলোকপাত কৰা হয়। শ্ৰী সোণোৱালে চৰকাৰৰ ১ ট্ৰিলিয়ন ডলাৰৰ সামুদ্ৰিক বিনিয়োগৰ পৰিকল্পনাৰ বিষয়ত আলোকপাত কৰি ভাৰতক বিনিয়োগ তথা উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিবলৈ বিশ্বৰ অংশীদাৰসকলক আহ্বান জনায়।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ আলমত ভাৰতৰ সামুদ্ৰিক যাত্ৰাই এক নতুন অধ্যায়ত প্ৰৱেশ কৰিছে।মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ দৰে পৰিৱৰ্তনশীল পদক্ষেপৰ জৰিয়তে আমাৰ বন্দৰ, জাহাজ আৰু লজিষ্টিক পৰিৱেশতন্ত্ৰ অধিক স্থিতিস্থাপক, বহনক্ষম তথা ভৱিষ্যতৰ বাবে সাজু হৈ উঠিছে।’
ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত আমি আমাৰ বন্দৰ, জাহাজ, আৰু লজিষ্টিক পৰিৱেশ তন্ত্ৰসমূহক স্থিতিস্থাপক, বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব পৰা পৰিৱেশ তন্ত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আছো। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰ খনত বিস্তৃত পথ মুকলি হৈছে।এই সুযোগসমূহে ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ সামুদ্ৰিক বিনিয়োগৰ শক্তিশালী সম্ভাৱনাৰ সৈতে বন্দৰ আৰু কাৰ্গো টাৰ্মিনেল পৰিচালনা, মাল্টি-মডাল টাৰ্মিনেল, সামুদ্ৰিক সেৱা, জাহাজ নিৰ্মাণ, জাহাজ পুনঃব্যৱহাৰ আৰু জাহাজ মেৰামতি, সেউজ হাইড্ৰজেন হাব তথা জাহাজ সম্পৰ্কীয় বিষয়ৰ বহনক্ষম সমাধানৰ পথ নিৰ্ধাৰণ কৰিবলৈ পৰিকল্পনা গ্ৰহণৰ পথ মুকলি কৰিছে।”
অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰেও ভাষণ আগবঢ়ায়। তেওঁ বন্দৰৰ আধুনিকীকৰণ, আভ্যন্তৰীণ জলপথৰ সম্প্ৰসাৰণ তথা সেউজ আৰু ডিজিটেল জাহাজ পৰিবহন আদি বিষয়ৰ সংস্কাৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত তেওঁ ব্যক্তিগত খণ্ডক ইয়াৰ সৈতে অধিক মাত্ৰাত জড়িত হ'বলৈ আহ্বান জনায়।
ভাষণ প্ৰসংগত শ্ৰী শান্তনু ঠাকুৰে কয় -‘আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে প্ৰায়ে এই কথাত গুৰুত্ব দি আহিছে যে ‘বন্দৰসমূহ কেৱল সমৃদ্ধিৰ দুৱাৰ নহয়, বৰঞ্চ ভাৰতৰ ভৱিষ্যতৰ দুৱাৰ।’ এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে নিজৰ সামুদ্ৰিক খণ্ডক আধুনিকীকৰণ কৰি আছে, যাতে ই দেশ-নিৰ্মাণ, নতুন প্ৰযুক্তি গ্ৰহণ আৰু বহনক্ষম উন্নয়নৰ স্তম্ভ হৈ পৰিব পাৰে।বিশ্বই এই সম্ভাৱনাক উপলব্ধি কৰাৰ লগে লগে ভাৰতে সামুদ্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য গতিশীলতা লাভ কৰিছে আৰু বিনিয়োগ তথা অংশীদাৰিত্বৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে জাহাজ নিৰ্মাণ, বন্দৰৰ আধুনিকীকৰণ, স্মাৰ্ট লজিষ্টিক আৰু সেউজ জাহাজ চলোৱাৰ বিষয়ত হাত মিলাইছে। এআই-চালিত লজিষ্টিক, ডিজিটেল বন্দৰ পৰিচালনা আৰু স্বয়ংক্ৰিয়কৰণে আমাৰ বন্দৰসমূহক অধিক কাৰ্যক্ষম তথা বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তুলিছে”।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী আৰ লক্ষ্মণনে সেউজ হাইড্ৰজেন হাব, এল এন জি বাংকাৰিং, জাহাজ নিৰ্মাণ, জাহাজৰ পুনঃব্যৱহাৰ তথা সামুদ্ৰিক ঔদ্যোগিক উদ্যানত বিনিয়োগৰ সমান্তৰালভাৱে বাধাৱন বন্দৰ, গালাথিয়া বে ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ আৰু টুনা টেক্ৰা টাৰ্মিনেলৰ দৰে বৃহৎ প্ৰকল্পসমূহৰ সুযোগৰ বিষয়ে বিস্তৃতভাবে আলোকপাত কৰে।
এই মেজমেলত ভাৰতৰ মূল সামুদ্ৰিক অগ্ৰাধিকাৰসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। জাহাজ নিৰ্মাণৰ ক্ষমতা বৃদ্ধি কৰা আৰু বন্দৰ নেতৃত্বাধীন উন্নয়নকে ধৰি দেশখনক এই বিষয়ত বিশ্বৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত প্ৰতিনিধিসকলে নীল অৰ্থনীতিৰ পৰিসৰৰ বিষয়তো আলোকপাত কৰে। প্ৰতিনিধিসকলে সাগৰীয় সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে বহনক্ষম বৃদ্ধি তথা জীৱিকাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। আলোচনাত হাইড্ৰজেন চালিত তথা কম নিৰ্গমন হোৱা জাহাজৰ জৰিয়তে সেউজ জাহাজৰ বিষয়টোক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ উপৰি দক্ষতা তথা স্বচ্ছতা উন্নত কৰাৰ অৰ্থে সামুদ্ৰিক লজিষ্টিকছত ডিজিটেলাইজেচনৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত সামুদ্ৰিক বিত্তীয় সাহায্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত আই এফ এছ চি-গিফ্ট চিটি ( IFSC-GIFT)ৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয় আৰু আই এফ এছ চি-গিফ্ট চিটিক বিশ্বব্যাপী বিনিয়োগ আকৰ্ষণ তথা উদ্ভাৱনৰ ক্ষেত্ৰত লাভাৱান্বিত কৰাৰ এক মূল চালিকাশক্তি হিচাবে অৱলোকন কৰা হয়।
মেজমেলত ৰাষ্ট্ৰদূতসকলে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপক আদৰণি জনায়, য’ত পাঁচখন নতুন আইন — বিল অৱ লেডিং এক্ট, কেৰিজ অৱ গুডছ বাই ছি এক্ট, মাৰ্চেণ্ট শ্বিপিং এক্ট, ক’ষ্টেল শ্বিপিং এক্ট আৰু ইণ্ডিয়ান পোৰ্ট এক্ট আদি আছে — যিয়ে ঔপনিৱেশিক যুগৰ আইনসমূহৰ স্থান গ্ৰহণ কৰিছে আৰু ভাৰতৰ সামুদ্ৰিক কাঠামোক বিশ্বৰ উত্তম পদ্ধতিৰ সৈতে সংপৃক্ত কৰিছে।
শ্ৰী সোণোৱালে লগতে কয়, “ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ এনে এক মঞ্চ হ’ব, য’ত ধাৰণাসমূহ প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ বাট মুকলি হ’ব পাৰে, লগতে প্ৰতিশ্ৰুতিসমূহ অংশীদাৰিত্বলৈ পৰিণত হ’ব পাৰে। ভাৰতে সমৃদ্ধিশালী, বহনক্ষম তথা সৰ্বাংগীন সামুদ্ৰিক ভৱিষ্যতক সহযোগিতাৰে আগবঢ়াই নিবলৈ সাজু হৈ আছে।”
মেজমেলৰ ফলাফলসমূহ ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সৈতে সংযুক্ত কৰা হ’ব। ইয়াৰ ফলত দ্বিবাৰ্ষিক ফ্লেগশ্বিপ ইভেণ্টে বিশ্বব্যাপী অংশীদাৰসকলৰ অগ্ৰাধিকাৰসমূহ চিহ্নিত কৰিব পাৰিব।
ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ বিষয়ে:
ভাৰত সামুদ্ৰিক সপ্তাহ হৈছে ভাৰতীয় বন্দৰ আৰু লজিষ্টিকছৰ ভৱিষ্যত গঢ় দিবলৈ নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী তথা এই খণ্ডৰ অগ্ৰণী ব্যক্তিসকলক একত্ৰিত কৰিবলৈ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ
দ্বিবাৰ্ষিক ফ্লেগশ্বিপ মঞ্চ । ২০২৫ চনৰ সংস্কৰণটো চলিত বৰ্ষৰ ২৭–৩১ অক্টোবৰলৈ মুম্বাইৰ নেছকো প্ৰদৰ্শনী কেন্দ্ৰ(NESCO Exhibition Centre)ত অনুষ্ঠিত হ’ব। য’ত আন্তঃগাঁথনি, মানৱ সম্পদ আৰু ভৱিষ্যতৰ বাবে সাজু উদ্ভাৱনৰ জৰিয়তে ভাৰতৰ সামুদ্ৰিক বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব।
For more details, visit: www.imw.org.in


****
SR/GDH/PN/HK/DM
(Release ID: 2161422)
Visitor Counter : 10