গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 19 AUG 2025 3:26PM by PIB Guwahati

চৰকাৰে ১৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা এখন আঁচনি হিচাপে ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী-১ (ভিভিপি-১)ত অনুমোদন জনাইছে। এই আঁচনিখনৰ জৰিয়তে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ উত্তৰ সীমান্তৰ কাষৰীয়া ১৯ খন জিলাৰ ৪৬ টা খণ্ডৰ নিৰ্বাচিত গাঁৱৰ ব্যাপক উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত ৬৬২ খন সীমান্ত গাঁৱক অগ্ৰাধিকাৰ ভিত্তিত ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে। ৰাজ্য অনুসৰি গাঁৱৰ সংখ্যা তলত উল্লেখ কৰা হ’ল: অৰুণাচল প্ৰদেশ-৪৫৫, হিমাচল প্ৰদেশ-৭৫, ছিকিম-৪৬, উত্তৰাখণ্ড-৫১ আৰু লাডাখ (কেন্দ্ৰীয়শাসিত অঞ্চল)-৩৫।

এই কাৰ্যসূচীয়ে নিৰ্বাচিত গাঁৱসমূহত পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু কৃষি/উদ্যান শস্যকে ধৰি সমবায় সমিতিৰ উন্নয়নৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ সুযোগ সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত সংযোগ নথকা গাঁৱলৈ পথ সংযোগ, গাঁৱৰ আন্তঃগাঁথনি, স্বাস্থ্য সুবিধা, শিক্ষা আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তিকে ধৰি শক্তি, দূৰদৰ্শন আৰু দূৰসংযোগ সংযোগ আদিও অন্তৰ্ভুক্ত আছে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে নিৰ্বাচিত গাঁওসমূহত মানুহক থাকিবলৈ যথেষ্ট অনুপ্ৰেৰণা যোগোৱা।

আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্ত (আইএলবি) সংলগ্ন ব্লকসমূহত অৱস্থিত নিৰ্বাচিত কৌশলগত গাঁওসমূহৰ বিস্তৃত উন্নয়নৰ বাবে ভিভিপি-ৰ অধীনত ইতিমধ্যে সামৰি লোৱা উত্তৰ সীমান্তৰ বাহিৰে অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ (কেন্দ্ৰীয়শাসিত অঞ্চল), লাডাখ (কেন্দ্ৰীয়শাসিত অঞ্চল), মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাদে কেন্দ্ৰীয় চৰকাৰে ২ এপ্ৰিল, ২০২৫ তাৰিখে ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম-(ভিভিপি-)ক কেন্দ্ৰীয় খণ্ড আঁচনি হিচাপে অনুমোদন জনাইছে, যাৰ মুঠ ব্যয় হৈছে বিত্তীয় বৰ্ষ ২০২৮-২৯ লৈকে ,৮৩৯ কোটি টকা। ।

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।

 

RK/VV/RR/PS/PR/HS


(ৰিলিজ আই ডি : 2157989) অতিথি কক্ষ : 28
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati