নৌ-পৰিবহন মন্ত্ৰালয়
ৰাজ্যসভাই গৃহীত কৰিলে ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫, অৱসান ঘটালে ঔপনিৱেশিক যুগৰ আইনৰ
“নতুন আইনখনে বিশ্ব সেউজ বিধি , ভাৰতীয় বন্দৰৰ বাবে দুৰ্যোগৰ প্ৰস্তুতি সবল কৰি তুলিব”: শ্ৰী সৰ্বানন্দ সোণোৱাল
“সামুদ্ৰিক ৰাজ্য উন্নয়ন পৰিষদ (এম এছ ডি চি) গঠন কৰাটো সমবায় ফেডাৰেলিজমৰ এক উৎকৃষ্ট উদাহৰণ:” শ্ৰী সৰ্বানন্দ সোণোৱাল
“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কল্পনা কৰা ধৰণে ভাৰতৰ সামুদ্ৰিক সম্ভাৱনা মুকলি কৰা ই এক মাইলৰ খুঁটিস্বৰূপ সংস্কাৰ:” শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
18 AUG 2025 6:23PM by PIB Guwahati
ঔপনিৱেশিক যুগৰ এক শতিকাৰো অধিক সময় ধৰি ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে প্ৰচলিত হৈ থকা ভাৰতীয় বন্দৰ আইন, ১৯০৮ৰ ঠাইত আধুনিক কাঠামোৰ সূচনা কৰিব পৰা তথা ব্যাপক সংস্কাৰৰ সম্ভাৱনা বহন কৰা ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫ আজি দিল্লীত ৰাজ্যসভাই গৃহীত কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখন উচ্চ সদনত গৃহীত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।ইতিমধ্যে লোকসভাৰ দ্বাৰা অনুমোদন জনোৱা এই বিধেয়কখন শীঘ্ৰে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ’ব। এবাৰ কাৰ্যকৰী হ’লে ই ভাৰতীয় বন্দৰসমূহত শাসন ব্যৱস্থাৰ ৰূপান্তৰ ঘটাব, বন্দৰ নেতৃত্বাধীন উন্নয়নৰ বাবে কেন্দ্ৰ–ৰাজ্যৰ সমন্বয় শক্তিশালী কৰিব আৰু দেশৰ বাণিজ্যিক উচ্চাকাংক্ষা পূৰণৰ বাবে গুৰুত্বপূৰ্ণ খণ্ডত বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক “ভাৰতৰ সামুদ্ৰিক সম্ভাৱনা মুকলি কৰাৰ এক মাইলৰ খুঁটি স্বৰূপ সংস্কাৰ” বুলি অভিহিত কৰে।
উচচ সদনত শ্ৰী সোণোৱালে কয়, ‘বন্দৰ কেৱল সামগ্ৰী পৰিবহনৰ প্ৰৱেশদ্বাৰেই নহয়, ই হৈছে বৃদ্ধি, নিয়োগ আৰু বহনক্ষম উন্নয়নৰ ইঞ্জিন।ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫ৰ জৰিয়তে ভাৰতে বিশ্বব্যাপী সামুদ্ৰিক নেতৃত্বলৈ গতি কৰিছে। “এই সংস্কাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে, যাৰ নিৰ্ণায়ক নেতৃত্বই ভাৰতে ঔপনিৱেশিক উত্তৰাধিকাৰৰ বোজা ত্যাগ কৰাটো নিশ্চিত কৰিছে আৰু আধুনিক, সমসাময়িক, আন্তঃৰাষ্ট্ৰীয় সংহতি তথা ভৱিষ্যতৰ প্ৰতি সাজু নীতি আঁকোৱালি লোৱাটো নিশ্চিত কৰিছে।”
সংস্কাৰৰ এটা দশকৰ আধাৰত হোৱা বৃদ্ধি
বিগত ১০ বছৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ লক্ষ্যণীয় সম্প্ৰসাৰণ ঘটিছে। ২০২৪–২৫ বিত্তীয় বৰ্ষত প্ৰধান বন্দৰসমূহত কাৰ্গো পৰিচালনাই অভিলেখ সৃষ্টি কৰিছে, সেয়া ৮৫৫ নিযুত টন হৈছে।২০১৪–১৫ বিত্তীয় বৰ্ষত সেয়া আছিল ৫৮১ নিযুত টন। একে সময়ছোৱাত বন্দৰৰ ক্ষমতা প্ৰায় ৮৭ শতাংশ বৃদ্ধি পাইছে। জাহাজৰ গড় টাৰ্ণআউট সময় আধালৈ হ্ৰাস কৰি ৪৮ ঘণ্টা কৰা হৈছে, যিটো বিশ্বব্যাপী মানৰ সৈতে সংগতি ৰাখিছে।
উপকূলীয় এলেকাত জাহাজৰ পৰিবহনৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাই ১১৮ শতাংশ হৈছে , আনহাতে অভ্যন্তৰীণ জলপথত সামগ্ৰীৰ চলাচল প্ৰায় সাতগুণ বৃদ্ধি পাইছে। ভাৰতীয় বন্দৰসমূহে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, বিশ্ব বেংকৰ কণ্টেইনাৰ বন্দৰৰ পৰিৱেশন সূচকাংকত ৯টা বন্দৰে স্থান লাভ কৰিছে। তথাপি এই উদ্যোগৰ অগ্ৰণী ব্যক্তিসকলে বহুদিনৰে পৰাই ১৯০৮ চনৰ আওপুৰণি আইনৰ ঠাইত আধুনিক আইন প্ৰণয়নৰ আহ্বান জনাইছিল।
নতুন বিধেয়কখনৰ মূল বিধান
ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫ত কেন্দ্ৰ আৰু উপকূলীয় ৰাজ্যৰ মাজত সমন্বয় স্থাপনৰ বাবে সামুদ্ৰিক ৰাজ্য উন্নয়ন পৰিষদ (MSDC)ক বিধিগত পৰামৰ্শমূলক সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। সংহত বন্দৰ উন্নয়ন নিশ্চিত কৰিবলৈ এম এছ ডি চিয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে পৰিকল্পনা প্ৰস্তুত কৰিব।
উপকূলীয় ৰাজ্যসমূহক ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ড গঠন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হ’ব, যাৰ ফলত সমগ্ৰ ভাৰতৰ ১২টা ডাঙৰ আৰু ২০০+ অ-প্ৰধান বন্দৰত একেধৰণৰ স্বচ্ছ শাসন ব্যৱস্থা থাকিব । বিধেয়কখনে সময়মতে খণ্ড নিৰ্দিষ্ট সমাধানৰ ব্যৱস্থা কৰিবলৈ বিবাদ নিষ্পত্তি সমিতিও গঠন কৰাৰ পথ মুকলি কৰিছে।
এই বিধেয়কখনে মাৰ্প’ল(MARPO) আৰু বেলেষ্ট ৱাটাৰ মেনেজমেণ্টৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তিসমূহ মানি চলাটো বাধ্যতামূলক কৰাৰ লগতে বন্দৰসমূহে জৰুৰীকালীন প্ৰস্তুতি ব্যৱস্থা বজাই ৰাখিব লাগিব। ডিজিটাইলাইজেচন হৈছে সামুদ্ৰিক একক খিৰিকী আৰু উন্নত জাহাজ পৰিবহণ ব্যৱস্থাৰ দৰে ব্যৱস্থাৰ সৈতে এক কেন্দ্ৰীয় পদক্ষেপ , যিয়ে দক্ষতা বৃদ্ধি কৰিব, বাধাসমূহ হ্ৰাস কৰিব আৰু খৰচ কমাব।
ভাৰতৰ বিশ্ব সামুদ্ৰিক লক্ষ্য
শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই সংস্কাৰে ভাৰতক ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, ইউৰোপীয় সংঘৰ সদস্য আৰু আমেৰিকাকে ধৰি বিশ্বৰ আগশাৰীৰ বন্দৰ ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে খোজত খোজ মিলাই আগুৱাই যোৱাত সহায় কৰিব। ।
শ্ৰী সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শিতাই আমাক আমাৰ সামুদ্ৰিক খণ্ডৰ প্ৰকৃত সম্ভাৱনা মুকলি কৰিবলৈ সক্ষম কৰিছে, ভাৰতক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে আগুৱাই নিয়াৰ সময়ত দেশ খনে শীৰ্ষ বিশ্ব সামুদ্ৰিক ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ কাষ চাপি গৈছে।” তেওঁ কয় যে বিধেয়কখন কেৱল দক্ষতাৰ বিষয়ে নহয়, ই ফেডাৰেল অংশীদাৰিত্বৰ বিষয়েও। ৰাজ্য আৰু কেন্দ্ৰই বন্দৰৰ বিকাশৰ ক্ষেত্ৰত একেলগে কাম কৰাটো নিশ্চিত কৰাও ইয়াৰ লক্ষ্য ।
বিকশিত ভাৰত, ২০৪৭ৰ দিশে
মোদী চৰকাৰে বন্দৰ নেতৃত্বাধীন উন্নয়নক নিজৰ ‘অমৃত কাল’ পৰিকল্পনাৰ মূল উপাদান হিচাপে গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলে কয় যে এই নতুন আইনখনে বাণিজ্যিক প্ৰতিযোগিতাৰ ক্ষমতা বৃদ্ধি কৰিব, ব্যক্তিগত বিনিয়োগক আকৰ্ষণ কৰিব, চাকৰিৰ সৃষ্টি কৰিব আৰু ভাৰতৰ জাহাজ তথা বন্দৰ পৰিচালনাত বহনক্ষমতা নিশ্চিত কৰিব।
ৰাজ্যসভাৰ অনুমোদনৰ লগে লগে ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫ স্বাধীন ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ অন্যতম উল্লেখযোগ্য গাঁথনিগত সংস্কাৰ হিচাপে প্ৰশংসিত হৈছে। যিটো সময়ত ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উন্নত ৰাষ্ট্ৰ আৰু সামুদ্ৰিক নেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ লক্ষ্য স্থিৰ কৰিছে সেই সময়তে এই আইনখনে দেশৰ সামুদ্ৰিক খণ্ডটোক ২০৪৭ চনৰ দিশত দৃঢ়তাৰে আগুৱাই লৈ যোৱাত সহায় কৰিব।
SR/GDH/PN/HK/DM
(Release ID: 2157797)