নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিব্ৰুগড়ত 'হৰ ঘৰ ত্ৰিৰঙ্গা' অভিযানৰ শুভাৰম্ভ শ্ৰী সৰ্বানন্দ সোণোৱালৰ

प्रविष्टि तिथि: 13 AUG 2025 8:24PM by PIB Guwahati

ভাৰতৰ ৭৯ তম স্বাধীনতা দিৱসৰ পূৰ্বে বুধবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে হৰ ঘৰ ত্ৰিৰঙ্গা (ঘৰে ঘৰে ত্ৰিৰংগা পতাকা) অভিযান আৰম্ভ কৰে।

ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা শ্ৰী সোণোৱালে বিজেপিৰ প্ৰাক্তন ডিব্ৰুগড় জিলা সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰেন্দ্ৰ নাৰায়ণ দত্তৰ বাসগৃহত উপস্থিত হয়; লগতে বিশিষ্ট লোকশিল্পী শ্ৰী ৰামচন্দ্ৰ চাঁচনী; আৰু ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ অধিবক্তা শ্ৰী অসীম দত্তৰ বাসগৃহতো উপস্থিত হয়।

এই ভ্ৰমণৰ সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা শ্ৰী সৰ্বানন্দ সোণোৱালে শুভেচ্ছা বিনিময় কৰি প্ৰত্যেককে ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰে আৰু ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। লগতে ছাত্ৰ-ছাত্ৰীসকলক দেশপ্ৰেমেৰে বিঢৌত হ’বলৈ আহ্বানেৰে পতাকা বিতৰণ কৰে।

ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ শান্তিপাৰাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত শ্ৰী সোণোৱালে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আৰু দেশপ্ৰেমক সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এই যাত্ৰাত বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা, সাধাৰণ সম্পাদক শ্ৰীযুত সুশীল তাছা, অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি)ৰ অধ্যক্ষ শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগম (ডিএমচি) ৰ পৌৰপতি শ্ৰী সৈকত পাত্ৰ, উপ-পৌৰপতি শ্ৰীযুত উজ্জল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ (ডিডিএ)ৰ অধ্যক্ষ শ্ৰীযুত অসীম হাজৰিকা, বিজেপি মহিলা মৰ্চাৰ জিলা সভানেত্ৰী শ্ৰীমতী মামুন গগৈ মিত্ৰ, আৰু ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষ পুষ্পাঞ্জলি সোণোৱালো উপস্থিত থাকে।


(रिलीज़ आईडी: 2157327) आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी