যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

সমগ্ৰ ইটানগৰ আৰু নাহৰলাগুনত নেটৱৰ্কৰ মানদণ্ডৰ মূল্যায়ন ট্ৰাইৰ

অৰুণাচল প্ৰদেশৰ কাষৰীয়া অঞ্চলবোৰৰ উপৰি ডিমাপুৰ আৰু কোহিমা জিলাৰ লগতে নাগালেণ্ডৰ কাষৰীয়া অঞ্চল আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা বুমলা পাছ (টাৱাং) ঘাইপথ (এন এইচ-১৩)লৈকে থকা উত্তৰ-পূব অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকাৰ অধীন এলেকাতো নেটৱৰ্কৰ মানদণ্ড মূল্যায়ণ

Posted On: 07 AUG 2025 2:56PM by PIB Guwahati

ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ২০২৫ চনৰ জুন মাহত অনুষ্ঠিত হোৱা উত্তৰ-পূব অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকাৰ (এল এছ এ) স্বতন্ত্ৰ ড্ৰাইভ টেষ্টৰ ফলাফল প্ৰকাশ কৰিছে। এই মূল্যায়নত ইটানগৰ আৰু নাহৰলগুন (অৰুণাচল প্ৰদেশ), ডিমাপুৰ আৰু কোহিমা (নাগালেণ্ড), লগতে ইটানগৰ–বুমলা পাছ (টাৱাং)ৰ চহৰৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত পথসমূহ সামৰি লোৱা হৈছিল । কলকাতাৰ ট্ৰাই আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত এই ড্ৰাইভ পৰীক্ষাসমূহৰ লক্ষ্য আছিল বাস্তৱ জগতৰ পৰিস্থিতিত মোবাইল নেটৱৰ্কৰ পৰিৱেশন মূল্যায়ন কৰা। এই অধ্যয়নটোৱে চহৰ অঞ্চল, প্ৰতিষ্ঠানিক কেন্দ্ৰ, আৰু গ্ৰাম্য আৱাসিক অঞ্চলকে ধৰি বিভিন্ন পৰিৱেশ সামৰি লৈছিল।

২০২৫ চনৰ ২ জুন তাৰিখৰ পৰা ২৩ জুনলৈকে ট্ৰাইৰ দলসমূহে সমগ্ৰ ইটানগৰ, নাহৰলগুনৰ উপৰি অৰুণাচল প্ৰদেশৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে ইটানগৰ–বুমলা পাছ (টাৱাং), আৰু নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমাত বিস্তৃত পৰীক্ষা চলায়। এই পৰীক্ষালানিয়ে ২৭০.৩ কিলোমিটাৰ চহৰৰ পথ, ৫২৬.৬ কিলোমিটাৰ ঘাইপথ, ২৮টা হটস্পট স্থান, আৰু ১ কিলোমিটাৰ খোজ কঢ়াৰ এলেকাৰ পৰীক্ষা সামৰি লৈছিল। মূল্যায়ন কৰা নেটৱৰ্ক প্ৰযুক্তিসমূহৰ ভিতৰত আছিল 2G, 3G, 4G, আৰু 5G, যিয়ে বিভিন্ন হেণ্ডছেটৰ মাজেৰে সেৱাৰ অভিজ্ঞতাক ধৰি ৰাখিছিল। আইডিটিৰ তথ্যসমূহ সংশ্লিষ্ট সকলো টেলিকম সেৱা প্ৰদানকাৰী (টিএছপি)লৈ প্ৰেৰণ কৰা হৈছে।

পৰীক্ষা কৰা মুখ্য দিশবোৰ:

ক) ভইচ সেৱাসমূহ: কল ছেটআপ সফলতাৰ হাৰ (CSSR), ড্ৰপ কল হাৰ (DCR), কল ছেটআপ সময়, কল নিস্তব্ধ হাৰ, বক্তৃতাৰ মান (MOS), কভাৰেজ।

খ) ডাটা সেৱাসমূহ: ডাউনলোড/আপলোড থ্ৰুপুট, লেটেন্সি, জিটাৰ, পেকেট ড্ৰপ হাৰ, আৰু ভিডিঅ' ষ্ট্ৰীমিং বিলম্ব।

ইটানগৰ আৰু নাহৰলাগুন, অৰুণাচল প্ৰদেশ আৰু ইটানগৰৰ পৰা বুমলা পাছ, টাৱাংলৈকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ডিমাপুৰ আৰু কোহিমা, নাগালেণ্ডৰ সামগ্ৰিকভাৱে মোবাইল নেটৱৰ্কৰ প্ৰদৰ্শন তলত সংক্ষিপ্তভাৱে উল্লেখ কৰা হৈছে:

কল ছেটআপ সফলতাৰ হাৰ- এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ কল ছেটআপৰ সফলতাৰ হাৰ অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি) ক্ৰমে ৯০.১১%, ৪৯.৪৫%, ৮৯.৭৩% আৰু ৬৭.১৮%।

ড্ৰপ কল ৰেট- এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ ড্ৰপ কল ৰেট অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি)  ক্ৰমে ১.২৩%, ৬.৪১%, ২.১৭% & ৩.৬৮%।

৫জি ডাটা সেৱাই হটস্পটত শীৰ্ষ ডাউনলোড স্পীড ২৯৯.৯২ এমবিপিএছ আৰু আপলোড স্পীড ৪৪.৩৮ এমবিপিএছ স্পৰ্শ কৰিছিল।

অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু নাহৰলাগুনত এই মূল্যায়নে হোলোংগী চাৰিআলি, চাকমা-৬, পম, চিম্পু, ডোনি কলনী, চি ছেক্টৰ, বি ছেক্টৰ, ছুদ, পাপু নালাহ, লোবি দৰিয়া, হিমালয়ান বিশ্ববিদ্যালয়, তাৰাজুলি, নিৰ্জুলি গাঁও, আৰু দৈমুখ আদি অঞ্চল সামৰি লৈছিল। অৰুণাচল প্ৰদেশ ৰাজ্যিক বিধানসভা, কৰ আৰু আবকাৰী আয়ুক্ত কাৰ্যালয়, নাহৰলগুনৰ দৈনিক বজাৰ (নতুন), আৰু ৰামকৃষ্ণ মিছন হাস্পতালত ষ্টেটিক টেষ্টিঙৰ জৰিয়তেও বাস্তৱ জগতৰ নেটৱৰ্কৰ অৱস্থাৰ মূল্যায়ন কৰা হৈছিল। ইয়াৰ উপৰিও ইটানগৰৰ ড’নি প’লো বিমানবন্দৰ আৰু নাহৰলাগুন (ইটানগৰ) ৰে’লৱে ষ্টেচনত ৱাক-টেষ্টো কৰা হয়।

ইটানগৰৰ পৰা বুমলা পাছ (টাৱাং)লৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে ট্ৰাইয়ে চাগালি, ৰাচি, পাক্কে কেছাং, ৰিল্লোহ, জোলাং, পাম্পোলি, বানা, পালিজি, বুৰাগাওঁ, কিমি গাঁও, টেংগা উপত্যকা, বমডিলা, থেমবাং, ডিৰাং গাঁও, ৰামা কেম্প, চেংগে, লহৌ জাং, ক্ৰীমু, আৰু টাৱাং, আদি অঞ্চলত নেটৱৰ্কৰ মানদণ্ড পৰীক্ষা কৰে। ইয়াৰ উপৰি আন্তঃচহৰ ভ্ৰমণৰ সময়ত সেৱাৰ প্ৰদৰ্শনো মূল্যায়ন কৰে। যশৱন্তগড় যুদ্ধ স্মৃতিসৌধ, চেলা পাছ, ইউনিট হাস্পতাল, চৰকাৰী আই টি আই কলেজ, বমডিলা মাৰ্কেট, বল অৱ ফায়াৰ মিউজিয়াম, পালিজি কেথলিক চাৰ্চ, চৰকাৰী আৱাসিক বিদ্যালয়, চেপ্পাৰ ডাকঘৰ, চৰকাৰী মধ্যবিদ্যালয়, সাগলীত অতিৰিক্ত উপাযুক্তৰ কাৰ্যালয়, লেপটাপ বেপ্টিষ্ট চাৰ্চ, টৰুৰ চৰকাৰী মাধ্যমিক বিদ্যালয়, হোজ-য়াজে মাৰ্কেট, ছ’পো মাৰ্কেট, আৰু দৈমুখৰ চৰকাৰী কলেজো এই পৰীক্ষাত সামৰি লোৱা হয়।

নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমাত এই মূল্যায়নে খুছিয়াবিল, নাগাৰ্জন, থাহেখু, পদমপুখাৰী, নিহোটো, মেড্জিফেমা, মেংগুজুমা, কিৰুফে, চেচু (জুবজা), মেৰিমা, কোহিমা ভিলেজ, ৰুছ’মা, চিয়েডেমা, আৰু ফেছামা আদি অঞ্চল সামৰি লৈছিল। ডিমাপুৰ ৰেলৱে ষ্টেচন, ডিমাপুৰ বিমানবন্দৰ, নৌনে ৰিজৰ্ট, এন আই টি নাগালেণ্ড, নাগালেণ্ড মেডিকেল কলেজ, কোহিমা নিউ হাইকোৰ্ট, নাগালেণ্ড বিশ্ববিদ্যালয়, আৰু কোহিমা ৰাজ ভৱনকে ধৰি মূল স্থানসমূহত স্থবিৰ ব্যৱহাৰকাৰী অভিজ্ঞতাৰ অধিক মূল্যায়ন কৰা হৈছিল।

চাবি QoS মানদণ্ডবোৰৰ বিপৰীতে পৰিৱেশন:

CSSR: কল ছেটআপ সফলতাৰ হাৰ (%), CST: কল ছেটআপ সময় (ছেকেণ্ডত), DCR: কল হাৰ ড্ৰপ (%) আৰু MOS: গড় মতামত স্ক'ৰ।

সাৰাংশ-ভয়চ সেৱা

কল ছেটআপ সফলতাৰ হাৰ: এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ কল ছেটআপৰ সফলতাৰ হাৰ অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি) ক্ৰমে ৯০.১১%, ৪৯.৪৫%, ৮৯.৭৩% আৰু ৬৭.১৮%।

কল ছেটআপ সময়: এয়াৰটেল, বিএছএনএল, জিআইঅ’ আৰু ভিআইৰ কল ছেটআপ সময় অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি) ক্ৰমে ৪.৫৭, ৩.২২, ০.৮৭ আৰু ২.৩১ ছেকেণ্ড

ড্ৰপ কল ৰেট: এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ ড্ৰপ কল ৰেট অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি) ক্ৰমে ১.২৩%, ৬.৪১%, ২.১৭% & ৩.৬৮%।

কল চাইলেন্স/ম্যুট ৰেট: পেকেট চুইচড নেটৱৰ্ক (৫জি/৪জি)ত এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ চাইলেন্স কল ৰেট ক্ৰমে ৪.৪৩, ৩.১২%, ৮.৭৮% আৰু ৭.২২%।

গড় মতামত স্ক (এম এছ): এয়াৰটেল, বি এছ এন এল, আৰ জি আই এল আৰু ভি আই এলৰ গড় এম অ’ এছ ক্ৰমে ৩.৯৬, ২.৫৭, ৩.৭৪ আৰু ৪.২২।

সাৰাংশ - ডাটা সেৱা

ডাটা ডাউনলোডৰ পৰিৱেশন (সামগ্ৰিকভাৱে): এয়াৰটেলৰ (৫জি/৪জি/২জি) গড় ডাউনলোড স্পীড ৮০.০১ এমবিপিএছ, বিএছএনএল (৪জি/৩জি/২জি) ৩.২৭ এমবিপিএছ, আৰজেআইএল (৫জি/৪জি) ৯১.০৯ এমবিপিএছ আৰু ভিআইএল (৪জি/২জি) ২০.৮৯ এমবিপিএছ।

ডাটা আপলোডৰ পৰিৱেশন (সামগ্ৰিকভাৱে): এয়াৰটেলৰ (৫জি/৪জি/২জি) গড় আপলোড স্পীড ১৫.৮৪ এমবিপিএছ, বিএছএনএল (৪জি/৩জি/২জি) ৩.৬৫ এমবিপিএছ, আৰজেআইএল (৫জি/৪জি) ৮.৩০ এমবিপিএছ আৰু ভিআইএল (৪জি/২জি) ৬.৯৩ এমবিপিএছ।

ডাটা প্ৰদৰ্শন - হটস্পটসমূহ (Mbps ):

Airtel- 4G D/L: 22.44             4G U/L: 8.50

            5G D/L: 155.38           5G U/L: 44.38

BSNL- 4G D/L: 7.54              4G U/L: 9.01

RJIL-   4G D/L: 38.55            4G U/L: 7.45

            5G D/L: 299.92   5G U/L: 25.16

VIL-    4G D/L: 16.59             4G U/L: 8.02

টোকা- “D/L” ডাউনলোড স্পীড, “U/L” আপলোড স্পীড

 

TRAI-এ পৰামৰ্শ কৰা সঁজুলি আৰু বাস্তৱ সময়ৰ পৰিৱেশত প্ৰামাণিক প্ৰট’কল ব্যৱহাৰ কৰি এই পৰীক্ষাসমূহ কৰা হৈছিল। বিশদ প্ৰতিবেদন ট্ৰাইৰ ৱেবছাইট www.trai.gov.in ত উপলব্ধ। অধিক তথ্য বা স্পষ্টীকৰণৰ বাবে শ্ৰী বি প্ৰবীণ কুমাৰ, উপদেষ্টা, আঞ্চলিক কাৰ্যালয় (কলকাতা), ট্ৰাই,ৰ সৈতে ইমেইলৰ জৰিয়তে adv.kolkata@trai.gov.in বা ফোনযোগে +91-33-22361401 নম্বৰত যোগাযোগ কৰিব পাৰিব।

***

Samrat/Allen


(Release ID: 2153994)
Read this release in: English , Urdu , Hindi , Tamil