নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

চিন্তন বৈঠকত বিকশিত ভাৰতৰ বাবে সামুদ্ৰিক পৰিৱেশতন্ত্ৰলৈ ৰূপান্তৰ আনিবৰ বাবে উদ্ভাৱন আৰু কল্পনাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted On: 06 AUG 2025 9:19PM by PIB Guwahati

আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ এখন চিন্তন বৈঠকত ভাষণ দিয়ে। ভাষণকালতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডটোৰ ৰূপান্তৰক আৰু অধিক আগ্ৰাসী ৰূপত আগুৱাই নিবলৈ উদ্দেশ্য, উদ্ভাৱন আৰু সংস্কাৰ-চালিত চিন্তাধাৰাৰে নেতৃত্ব দিবলৈ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে সামুদ্ৰিক পৰিৱেশতন্ত্ৰক এক অত্যাৱশ্যকীয় খণ্ডত পৰিণত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।

শ্ৰী সৰ্বানন্দ সোণোৱালে সকলো বিভাগকে জাতীয় উচ্চাকাংক্ষাৰ মনোভাৱৰ সৈতে নিজৰ কামক একাকাৰ কৰিবলৈ আহ্বান জনাই কয়, “এই বৈঠকে আমাক সোঁৱৰাই দিয়ে যে সংস্কাৰৰ আৰম্ভণি কোনো নিৰ্দেশনাৰ পৰা নহয়, আলোচনাৰ পৰা হয়।”

বিগত দশকটোত মন্ত্ৰালয়ে সমগ্ৰ ভাৰতৰ সামুদ্ৰিক খণ্ডত উল্লেখযোগ্য উন্নয়নৰ নেতৃত্ব বহন কৰিছে। সাগৰমালা কাৰ্যসূচীৰ অধীনত লজিষ্টিক ব্যয় হ্ৰাস আৰু বন্দৰ নেতৃত্বাধীন বিকাশৰ দুৱাৰ খুলি দিবলৈ আঠ শতাধিক প্ৰকল্প চিনাক্ত কৰা হৈছে। প্ৰধান বন্দৰ কৰ্তৃপক্ষ আইন, ২০২১ ৰ সুৰূপায়ণে বন্দৰসমূহক অধিক আৰ্থিক আৰু কাৰ্য্যকৰী স্বায়ত্তশাসন প্ৰদান কৰিছে, যাৰ ফলত বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ দূৰদৰ্শী নেতৃত্বই আমাক আওপুৰণি, ঔপনিৱেশিক যুগৰ নীতিৰ ঠাইত আধুনিক, ভৱিষ্যতৰ বাবে সাজু কাঠামোৰে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পুনৰ কল্পনা আৰু সংস্কাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।” তেওঁ লগতে কয়,  “আমাৰ মন্ত্ৰালয়ৰ ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে আমি অধিক দক্ষতা, বহনক্ষমতা, আৰু কৌশলগত বৃদ্ধি নিশ্চিত কৰিবলৈ সামুদ্ৰিক শাসনক বিশ্ব মানদণ্ডৰ সৈতে একাকাৰ কৰি ৰাখিছো।

ক্ৰুজ পৰ্যটনে গতি লাভ কৰিছে। জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত আভ্যন্তৰীণ জলপথৰ কাম-কাজেও যথেষ্ট অগ্ৰগতি লাভ কৰিছে, পৰম্পৰাগত পথ আৰু ৰে’ল পথৰ সলনি মাল্টিমডেল বা বহুমুখী পৰিবহণৰ বিকল্প আগবঢ়াইছে। ভাৰতে বহনক্ষম জাহাজ চলোৱাৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে। সমূদ্ৰতীৰ শক্তি, LNG বাংকাৰিং আৰু শক্তি-দক্ষ জাহাজৰ সংযোজনৰ দৰে পদক্ষেপে বিশ্বব্যাপী ডিকাৰ্বনাইজেচন বা কাৰ্বনমুক্তকৰণৰ প্ৰতি দেশৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট (জিএমআইএছ), ইণ্ডিয়ান মেৰিটাইম উইক (আইএমডব্লিউ) আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থা (আইএমঅ’)ত ভাৰতৰ সক্ৰিয় ভূমিকাৰ জৰিয়তেও আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে।

মন্ত্ৰীগৰাকীয়ে সমগ্ৰ সামুদ্ৰিক খণ্ডত প্ৰতিষ্ঠানিক সামৰ্থ্য শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মূল কেন্দ্ৰবিন্দুসমূহৰ ভিতৰত আছে ক্লিয়াৰেন্স প্ৰক্ৰিয়াসমূহ ডিজিটেলাইজ কৰা, মানৱ সম্পদ ব্যৱস্থাসমূহ আধুনিকীকৰণ কৰা, বন্দৰ কৰ্পৰেটাইজেচন ত্বৰান্বিত কৰা, আৰু বিবাদ নিষ্পত্তি ব্যৱস্থা বৃদ্ধি কৰা। শ্ৰী সোণোৱালে দৃঢ়তাৰে কয় যে ভাৰতৰ সামুদ্ৰিক মানদণ্ডক বিশ্বৰ মানদণ্ডৰ সৈতে একাকাৰ কৰাটো এটা শীৰ্ষ অগ্ৰাধিকাৰ হৈয়েই আছে।

চিন্তন বৈঠকক মুকলি আলোচনাৰ মঞ্চ হিচাপে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক ক্ষেত্ৰ পৰ্যায়ৰ অন্তৰ্দৃষ্টি, প্ৰত্যাহ্বান, আৰু কাৰ্য্যকৰী সমাধানৰ বিষয়ে মতামত বিনিময় কৰিবলৈও উৎসাহিত কৰে। শ্ৰী সোণোৱালে কয়, “ভাৰতৰ সামুদ্ৰিক পুনৰুত্থান এতিয়া কেৱল এটা দৃষ্টিভংগী নহয়, এয়া এক আন্দোলন।” "প্ৰতিজন বিষয়া, প্ৰতিটো সিদ্ধান্তই ৰাষ্ট্ৰীয় অগ্ৰগতিক আৰু অধিক ক্ষীপ্ৰতা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নজিৰ স্থাপনেৰে নহয়, উদ্দেশ্যৰে নেতৃত্ব দিয়ক। আহক আমি আমাৰ এই মন্ত্ৰালয়ক এনে এক মন্ত্ৰালয়ত পৰিণত কৰো, যিয়ে কেৱল আন্তঃগাঁথনিত নহয়, কল্পনা শক্তিৰেও মাপকাঠী নিৰ্ধাৰণ কৰে," তেওঁ বিষয়াসকলক আহ্বান জনায়।

****
 

SR/GDH/HK


(Release ID: 2153461)
Read this release in: English , Urdu , Hindi , Malayalam