নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতীয় বন্দৰৰ দ্বাৰা চালিত সামুদ্ৰিক বাণিজ্য
Posted On:
05 AUG 2025 6:24PM by PIB Guwahati
বিগত পাঁচ বছৰত আমদানি আৰু ৰপ্তানিৰ শতাংশসহ ভাৰতীয় বন্দৰৰ দ্বাৰা চালিত কাৰ্গোৰ মুঠ পৰিমাণৰ বৰ্ষভিত্তিক বিৱৰণ তলত দিয়া হৈছে:
বৰ্ষ
|
ভাৰতীয় বন্দৰৰ দ্বাৰা চালিত কাৰ্গো (নিযুত টন হিচাপত)
|
আমদানি আৰু ৰপ্তানিৰ %
|
২০২০-২১
|
১২৪৯.৯৮
|
৮১.৭৪
|
২০২১-২২
|
১৩২৩.৮০
|
৮০.১০
|
২০২২-২৩
|
১৪৩৫.৩৩
|
৭৮.৩৯
|
২০২৩-২৪
|
১৫৪২.৬৪
|
৭৮.৫৫
|
২০২৪-২৫
|
১৫৯৪.৩৩
|
৭৯.২৬
|
মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ অধীনত, চৰকাৰে ভাৰতত জাহাজ নিৰ্মাণ উদ্যোগক প্ৰসাৰিত কৰাৰ লগতে বিদেশত নিৰ্মিত জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰ তলত দিয়া ধৰণৰ:-
১) মন্ত্ৰালয়ে জাহাজ নিৰ্মাণ কাৰ্য্যকলাপত অধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ২০২৫ চনৰ ২৯ জানুৱাৰীত জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য নীতি (এছবিএফএপি)ৰ নিৰ্দেশনা সংশোধন কৰিছে।
২) চৰকাৰে ২০২১ চনৰ নৱেম্বৰত, ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ হ’বলগীয়া টাগ ক্ৰয়ৰ বাবে প্ৰধান বন্দৰসমূহৰ ব্যৱহাৰৰ বাবে, পাঁচ ধৰণৰ মানক টাগ ডিজাইন মুকলি কৰে।
৩) থলুৱা জাহাজ নিৰ্মাণক প্ৰসাৰিত কৰিবলৈ, মন্ত্ৰালয়ে ২০২৩ চনৰ ২০ ছেপ্টেম্বৰত ভাৰতত নিৰ্মিত, ভাৰতীয় পতাকাযুক্ত আৰু ভাৰতীয় মালিকানাধীন জাহাজসমূহক অগ্ৰাধিকাৰ দি, নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰা, যিকোনো ধৰণৰ জাহাজ চাৰ্টাৰত অনুসৰণ কৰিবলগীয়া ‘প্ৰথম প্ৰত্যাখ্যানৰ অধিকাৰ (আৰঅ’এফআৰ)’ ক্ৰম সংশোধন কৰে।
৪) মন্ত্ৰালয়ে ২০২৪ চনৰ ১৬ আগষ্টত গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম (জিটিটিপি) আৰম্ভ কৰে যাৰ লক্ষ্য হৈছে পৰিৱেশ অনুকূল টাগবোট কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ কম কৰা।
৫) চৰকাৰে আভ্যন্তৰীণ জাহাজৰ বাবে সেউজ নাও নিৰ্দেশনা জাৰি কৰিছে, যাৰ লক্ষ্য হৈছে অভ্যন্তৰীণ জলপথৰ জাহাজত সেউজ প্ৰযুক্তি গ্ৰহণক প্ৰসাৰিত কৰা।
৬) ভাৰত চৰকাৰে ২০১৬ চনৰ ১৩ এপ্ৰিলৰ গেজেট অধিসূচনা নং ১১২ৰ ভিত্তিত আন্তঃগাঁথনি উপখণ্ডৰ নবীকৃত হাৰ্ম’নাইজড মাষ্টাৰ লিষ্টত ‘শ্বিপয়াৰ্ড’ক অন্তৰ্ভুক্ত কৰিছে।
৭) থলুৱা জাহাজ নিৰ্মাণক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে, চৰকাৰে ২০১৬ চনৰ ১৯ মে’ত চৰকাৰী বিভাগ বা সংস্থাৰ কামত বা নিজৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া যিকোনো ধৰণৰ জাহাজ অধিগ্ৰহণৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগকে ধৰি চৰকাৰী বিভাগ বা সংস্থাসমূহে দিয়া নতুন জাহাজ নিৰ্মাণৰ অৰ্ডাৰৰ মূল্যায়ন আৰু নিবিদা প্ৰদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। যেতিয়াই কোনো জাহাজ নিবিদাৰ জৰিয়তে অধিগ্ৰহণ কৰা হ’ব, তেতিয়াই যোগ্য ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহে “প্ৰথম প্ৰত্যাখ্যানৰ অধিকাৰ” লাভ কৰিব, যাতে তেওঁলোকে বিদেশী শ্বিপয়াৰ্ডৰ দ্বাৰা প্ৰস্তাৱিত সৰ্বনিম্ন মূল্যৰ সমান প্ৰস্তাৱ দিব পাৰে। এই প্ৰয়াসৰ উদ্দেশ্য হৈছে ভাৰতীয় শ্বিপয়াৰ্ডত জাহাজ নিৰ্মাণৰ কাম-কাজক প্ৰসাৰিত কৰা। তদুপৰি, জাহাজ নিৰ্মাণ আৰু জাহাজৰ মালিকীস্বত্বৰ সৈতে জড়িত চৰকাৰী সংস্থাসমূহক ভাৰত চৰকাৰৰ ৰাজহুৱা ক্ৰয় (মেক ইন ইণ্ডিয়াক আগস্থান) আদেশ, ২০১৭ অনুসৰি স্থানীয় সামগ্ৰী সুনিশ্চিত কৰিবলৈ কোৱা হৈছে। এই আদেশ অনুসৰি, ২০০ কোটি টকাতকৈ কম মূল্যৰ জাহাজ ক্ৰয় ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাৰ পৰা কৰিব লাগিব।
(ঘ) যোৱা দশকত দেশৰ উপকূলীয় জাহাজ পৰিবহণ খণ্ডত দ্ৰুত বৃদ্ধি পৰিলক্ষিত হৈছে, ২০১৪-১৫ বিত্তীয় বৰ্ষত ৮৬.৩ নিযুত টন (এমটি)ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ১৬৫.৪ নিযুত টনলৈ প্ৰায় দুগুণ বৃদ্ধি পাইছে।
(ঙ) অত্যাৱশ্যকীয় সম্পত্তিৰ সমাৱেশন/আধুনিকীকৰণ, উপকূলীয় চোৱাচিতাৰ উন্নীতকৰণ, আঞ্চলিক অংশীদাৰিত্ব আৰু সংস্থাসমূহৰ মাজত তথ্য বিনিময়ৰ পদক্ষেপৰ জৰিয়তে ‘সামুদ্ৰিক সুৰক্ষা’ বৃদ্ধি কৰা হৈছে। সামুদ্ৰিক আৰু উপকূলীয় সুৰক্ষা শক্তিশালী কৰাৰ বাবে তলত উল্লেখ কৰা নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে:-
(১) ভাৰতীয় নৌসেনাক উপকূলীয় সুৰক্ষা আৰু অফশ্ব’ৰ নিৰাপত্তাকে ধৰি সামগ্ৰিক সামুদ্ৰিক সুৰক্ষাৰ বাবে দায়বদ্ধ কৰ্তৃপক্ষ হিচাপে নিয়োগ কৰা হৈছে।
(২) ভাৰতীয় উপকূলৰক্ষী বাহিনী (আইচিজি)ক উপকূলীয় আৰক্ষীয়ে টহল দিয়া অঞ্চলকে ধৰি ভূখণ্ডীয় জলসীমাত উপকূলীয় সুৰক্ষাৰ বাবে দায়িত্বত থকা কৰ্তৃপক্ষ হিচাপে নিয়োগ কৰা হৈছে।
(৩) সকলো অংশীদাৰৰ দ্বাৰা উপকূলীয় অঞ্চল আৰু ইইজেডত জাহাজ আৰু বিমানৰ দ্বাৰা টহল/চোৱাচিতা বঢ়োৱা হৈছে।
(৪) আইচিজিয়ে ভাৰতৰ সামুদ্ৰিক অঞ্চলত চোৱাচিতা আৰু নিৰাপত্তাৰ কামৰ বাবে প্ৰতিদিনে ১৮-২০খন জাহাজ, ৩০-৩৫খন নাও/ক্ৰাফ্ট আৰু ১০-১২খন বিমান নিয়োগ কৰে।
(৫) সাগৰত মাছ ধৰা নাও আৰু অন্যান্য পৰিচালকৰ ব্যক্তিগত তথ্যৰ সত্যতা পৰীক্ষা কৰিবলৈ নিয়মীয়াকৈ বৰ্ডিং অভিযান।
(৬) সকলো অংশীদাৰৰ মাজত সমন্বয়ৰ বাবে উপকূলীয় সুৰক্ষাৰ বাবে মানক পৰিচালনা পদ্ধতি (এছঅ’পি) সকলো উপকূলীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ৰূপায়ণ কৰা হৈছে।
(৭) মানক পৰিচালনা পদ্ধতি (এছঅ’পি) আৰু উপকূলীয় নিৰাপত্তা ব্যৱস্থাৰ বৈধতা নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ উপকূলীয় সুৰক্ষা অনুশীলন আৰু উপকূলীয় সুৰক্ষা অভিযান চলোৱা হয়।
(৮) ৪৬টা ৰাডাৰ ষ্টেচনেৰে গঠিত শ্ব’ৰ বেছড ফিক্সড চেন্সৰ চেইন (চিচিএছ)ৰ জৰিয়তে ইলেক্ট্ৰনিক চোৱাচিতা কৰা হয়। ইয়াৰ উপৰিও, চিএছএছ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত ৩৮টা ৰাডাৰ ষ্টেচন স্থাপন কৰি থকা হৈছে।
(৯) সামুদ্ৰিক আৰু উপকূলীয় নিৰাপত্তা শক্তিশালী কৰাৰ বাবে সজাগতা সৃষ্টিৰ বাবে আইচিজিয়ে মাছমৰীয়াসকলৰ বাবে নিয়মীয়াকৈ কমিউনিটি ইন্টাৰেকচন প্ৰগ্ৰেম (চিআইপি) চলাই আহিছে। চিআইপিৰ সময়ত, মাছমৰীয়াসকলক সাগৰত যেতিয়াই তেওঁলোকে কোনো সন্দেহজনক/বিদেশী নাও দেখা পায়, তেতিয়াই অৱগত কৰি নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়েও সচেতন কৰা হয়।
এই তথ্য বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এটা লিখিত উত্তৰত দিছে।
**********
SR/GDH/HK
(Release ID: 2152912)