বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ অধীনত ১৩.৫৯ লাখ কোটি টকা মূল্যৰ ২৯৩টা আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন

Posted On: 05 AUG 2025 4:13PM by PIB Guwahati

২০২১ চনৰ অক্টোবৰ মাহত পি এম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন (পিএমজিএছএনএমপি) আৰম্ভ হোৱাৰ পিছৰে পৰা ভূ-স্থানীয় মঞ্চৰ বিকাশ, বহু-ভূ-সম্পৰ্কীয় তথ্যৰ সংহতি, আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা (আৰ্থ-সামাজিক আন্তঃগাঁথনিকে ধৰি)ৰ বাবে পৰিকল্পনা সঁজুলি/ছফ্টৱেৰৰ ব্যৱস্থা আৰু সামৰ্থ্য বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। নেটৱৰ্ক পৰিকল্পনা গোট (এনপিজি) ব্যৱস্থাটোক প্ৰতিষ্ঠানিকৰণ কৰা হৈছে, যাৰ অধীনত আন্তঃগাঁথনি প্ৰকল্পসমূহক সংহত পৰিকল্পনা, মাল্টি-মডেলিটি, ইণ্টাৰ মডেলিটি, প্ৰচেষ্টাৰ সমন্বয়, সমগ্ৰ চৰকাৰী পদ্ধতি আৰু প্ৰকল্প এলেকা আৰু ইয়াৰ আশে-পাশে প্ৰান্তীয় লোকসকলৰ সংযোগৰ বাবে মূল্যায়ন কৰা হয়। এতিয়ালৈকে এনপিজি ব্যৱস্থাৰ জৰিয়তে ১৩.৫৯ লাখ কোটি টকাৰ ২৯৩টা আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন কৰা হৈছে।

পিএম গতিশক্তি পদক্ষেপৰ অধীনত এতিয়ালৈকে ৮টা আন্তঃগাঁথনি, ২২টা সামাজিক আৰু ২৭টা অৰ্থনৈতিক আৰু অন্যান্য মন্ত্ৰালয়/বিভাগকে ধৰি ৫৭টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগক পিএমজিএছ এনএমপিত সামৰি লোৱা হৈছে। ৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক পিএমজিএছএনএমপিত অন্তৰ্ভূক্ত কৰা হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬৯টা স্তৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ ৭৩১টা স্তৰকে ধৰি প্ৰায় ১৭০০টা তথ্য স্তৰৰ মেপিং কৰি পিএমজিএছএনএমপিত একত্ৰিত কৰা হৈছে। পিএমজিএছৰ অধীনত বছৰেকীয়া অগ্ৰগতি পৰিশিষ্ট-‘ক’ত দিয়া হৈছে।

প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্ট্ৰাৰ প্লেনৰ বাবে কোনো নিৰ্দিষ্ট বা পৃথক পুঁজি আবণ্টন কৰা নাই। কিন্তু বিত্ত মন্ত্ৰালয়, ব্যয় বিভাগে “২০২২-২৩ চনৰ বাবে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্যৰ আঁচনি”ৰ দ্বিতীয় খণ্ডৰ জৰিয়তে পিএমজিএছৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যসমূহৰ মাজত বিতৰণৰ বাবে ৫০০০ কোটি টকাৰ ব্যৱস্থা কৰিছে।

প্ৰাৰম্ভিক ২১টাৰ উপৰিও ৩৬টা নতুন মন্ত্ৰালয়/বিভাগক পিএমজিএছ-নেচনেল মাষ্টাৰ প্লেন আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়ালৈকে মুঠ ৫৭টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ পিএমজিএছএনএমপিত অন্তৰ্ভূক্ত কৰা হৈছে। সবিশেষ পৰিশিষ্ট-‘খ’ত দিয়া হৈছে।

লোকসভাত আজি বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতীন প্ৰসাদে এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে।

অধিক জানিবলৈ ইয়াত ক্লিক কৰক। https://www.pib.gov.in/PressReleasePage.aspx?PRID=2152521
*****

Abhishek Dayal/Abhijith Narayanan/Shabbir Azad/DB


(Release ID: 2152658)
Read this release in: English , Urdu , Hindi