গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ফৌজদাৰী কাৰ্য্যবিধিত ইলেক্ট্ৰনিক প্ৰমাণ

Posted On: 05 AUG 2025 3:37PM by PIB Guwahati

ন্যায়িক প্ৰক্ৰিয়াৰ গতি, কাৰ্য্যক্ষমতা আৰু স্বচ্ছতা বৃদ্ধিৰ অৰ্থে ই-সাক্ষ্য, ই-চমন আৰু ন্যায়-শ্ৰুতি (VC) ৰ দৰে এপ্লিকেচন যুগুত কৰা হৈছে। ই-সাক্ষ্যই ডিজিটেল প্ৰমাণৰ বৈধ, বৈজ্ঞানিক আৰু টেম্পাৰ-প্ৰুফ সংগ্ৰহ, সংৰক্ষণ আৰু ইলেক্ট্ৰনিক দাখিল কাৰ্য্য প্ৰশস্তকৰণৰ ফলশ্ৰুতিত প্ৰামাণ্যতা নিশ্চিত হৈছে আৰু পলম হ্ৰাস পাইছে। ই-চমনে ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে চমন প্ৰদান কাৰ্য্য প্ৰশস্তকৰণৰ ফলশ্ৰুতিত প্ৰক্ৰিয়াটো দ্ৰুত, সময়সীমাবদ্ধ আৰু সহজে অনুসৰণ কৰিব পৰা হৈ উঠিছে। ন্যায়- শ্ৰুতিয়ে (VC) ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্ত, সাক্ষী, আৰক্ষী বিষয়া, প্ৰচিকিউটৰ, বৈজ্ঞানিক বিশেষজ্ঞ, বন্দী আদিৰ ভাৰ্চুৱেল উপস্থিতিৰ সুবিধা প্ৰদান কৰে। চিকিৎসালয়ৰ সৈতে মেডিকো আইনী প্ৰতিবেদন আদান-প্ৰদানৰ বাবে মেডিকো আইনী পৰীক্ষা আৰু মৰণোত্তৰ প্ৰতিবেদন (MedLeaPR) এপ্লিকেচনৰ সৈতে সংযুক্তিৰ ব্যৱস্থাও কৰা হৈছে।

নতুন ফৌজদাৰী আইনসমূহৰ বিধান অনুসৰি ২৩ নতুন কাৰ্য্যক্ষমতা প্ৰদানৰ বাবে ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক চিষ্টেমছ (CCTNS) এপ্লিকেচন উন্নীতকৰণৰ অৰ্থে নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে (NCRB) চফ্টৱেৰ যুগুত কৰি উলিয়াইছে। এইসমূহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ব্যৱহাৰৰ বাবে প্ৰদান কৰা হৈছে।

এনচিআৰবি-এ সকলো অংশীদাৰৰ সুবিধাৰ্থে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় বিস্তৃত গাইড হিচাপে ‘এনচিআৰবি সংকলন অৱ ক্রিমিনেল ল’ নামৰ এটা ম’বাইল এপো মুকলি কৰিছে। ম’বাইল এপটো এণ্ড্ৰইড আৰু আইঅ’এছ প্লেটফৰ্মত উপলব্ধ।

ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (BNNS), ২০২৩-ৰ ধাৰা ২৫৪ (সুৰক্ষাৰ বাবে প্ৰমাণ), ধাৰা ২৬৫ (বিচাৰৰ বাবে প্ৰমাণ) আৰু ধাৰা ২৬৬ (প্ৰতিৰক্ষাৰ বাবে প্ৰমাণ)-ত প্ৰমাণ ৰেকৰ্ডিং আৰু সাক্ষীৰ পৰীক্ষাৰ বাবে অডিঅ’-ভিডিঅ’ ইলেক্ট্ৰনিক মাধ্যমৰ ব্যৱহাৰৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বিএনএছএছ-ৰ ৫৩০ নং ধাৰাত উল্লেখ আছে যে বিএনএছএছ-ৰ অধীনত সকলো বিচাৰ, অনুসন্ধান আৰু কাৰ্য্যবিধি ইলেক্ট্ৰনিক ম’ডত, ইলেক্ট্ৰনিক যোগাযোগৰ ব্যৱহাৰ বা অডিঅ’-ভিডিঅ’ ইলেক্ট্ৰনিক মাধ্যমৰ ব্যৱহাৰৰ জৰিয়তে সম্পন্ন হ’ব পাৰে।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

*****

RK/VV/RR/HS/PS/PR/SB


(Release ID: 2152540)
Read this release in: English , Urdu , Hindi , Bengali