গৃহ মন্ত্ৰালয়
নতুন ফৌজদাৰী আইনত ভুক্তভোগীকেন্দ্ৰিক পৰিৱৰ্তন
Posted On:
30 JUL 2025 5:34PM by PIB Guwahati
ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত পোন-প্ৰথমবাৰৰ বাবে নাৰী আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কীয় বিধানসমূহত অগ্ৰাধিকাৰ প্ৰদানেৰে এটা অধ্যায়ৰ অধীনত ৰখা হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে মৃত্যুদণ্ড পৰ্য্যন্ত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ১৮ বছৰ-অনূৰ্ধ মহিলাক দলবদ্ধ ধৰ্ষণৰ শাস্তি হ’ল যাৱজ্জীৱন কাৰাদণ্ড। বিবাহ, কৰ্মসংস্থাপন, পদোন্নতি আদিৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপনৰ নতুন অপৰাধো ইয়াত সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰিও ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত মানৱ সৰবৰাহৰ অপৰাধ আৰু সৰবৰাহ কৰা শিশুৰ যৌন শোষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। শিশুক নিয়োগ বা অপৰাধ সংঘটিত কৰিবলৈ নিয়োগ কৰা আইনকো শাস্তিযোগ্য কৰি তোলা হৈছে। নতুন ফৌজদাৰী আইনসমূহত মহিলা আৰু শিশুৰ সুৰক্ষাৰ সৈতে জড়িত মূল বিধানসমূহ পৰিশিষ্ট-II ত উল্লেখ কৰা হৈছে।
*****
পৰিশিষ্ট-I
নতুন ফৌজদাৰী আইনত ভুক্তভোগীকেন্দ্ৰিক ব্যৱস্থা
- অনলাইনযোগে ঘটনা সম্পৰ্কে অৱগতকৰণৰ ব্যৱস্থাঃ এতিয়া এজন ব্যক্তিয়ে ইলেক্ট্ৰনিক যোগাযোগৰ জৰিয়তে ঘটনাৰ সবিশেষ জনাব পাৰে, কায়িকভাৱে থানালৈ যোৱাৰ প্ৰয়োজনীয়তা নাই। ইয়াৰ ফলশ্ৰুতিত সহজ আৰু দ্ৰুত অৱগতকৰণ কাৰ্য্য প্ৰশস্ত হৈছে। এনে হোৱাত আৰক্ষীৰ তৎকালীন ব্যৱস্থা গ্ৰহণত সুবিধা হৈছে।
- যিকোনো থানাতে এফআইআৰ দাখিলৰ সুবিধাঃ শূন্য এফআইআৰ ব্যৱস্থা প্ৰৱৰ্তনৰ লগে-লগে এজন ব্যক্তিয়ে কোনো থানাত প্ৰথম তথ্য প্ৰতিবেদন (FIR) দাখিল কৰিব পাৰে। ইয়াৰ ফলশ্ৰুতিত আইনী কাৰ্য্যবিধি আৰম্ভত পলম নহয় আৰু অপৰাধৰ তাৎক্ষণিক প্ৰতিবেদন নিশ্চিত হয়।
- এফআইআৰ-ৰ বিনামূলীয়া কপিঃ ভুক্তভোগীয়ে এফআইআৰ-ৰ বিনামূলীয়া কপি লাভৰ অধিকাৰ আছে, ইয়াৰ ফলশ্ৰুতিত আইনী প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত হয়।
- গ্ৰেপ্তাৰৰ সময়ত অৱগতকৰণৰ অধিকাৰঃ গ্ৰেপ্তাৰৰ বেলিকা ব্যক্তিজনে নিজৰ পছন্দৰ ব্যক্তিক তেওঁলোকৰ পৰিস্থিতি সম্পৰ্কে অৱগতকৰণৰ অধিকাৰ আছে। ইয়াৰ জৰিয়তে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক তাৎক্ষণিক সহায় আগবঢ়োৱা কাৰ্য্য নিশ্চিত হ’ব।
- গ্ৰেপ্তাৰৰ তথ্য প্ৰদৰ্শনঃ প্ৰতিখন আৰক্ষী থানা আৰু জিলাত এতিয়া এএছআই ৰেংকৰ সম-পৰ্য্যায়ৰ এগৰাকী নিৰ্দিষ্ট আৰক্ষী বিষয়া থাকিব লাগিব আৰু গ্ৰেপ্তাৰ কৰা সকলো ব্যক্তিৰ তথ্য এতিয়া প্ৰতিখন থানাত বিশিষ্টভাৱে প্ৰদৰ্শিত হ’ব লাগিব। ইয়াৰ ফলত অভিযুক্ত ব্যক্তিসকলৰ অধিকাৰ সুৰক্ষিত হ’ব আৰু আৰক্ষীৰ দ্বাৰা জিম্মাত ৰখা হিংসা তথা অবৈধভাৱে আটকৰ দৃষ্টান্ত হ্ৰাস পাব।
পৰিশিষ্ট-I (ক্ৰমশঃ)
- ভুক্তভোগীলৈ অগ্ৰগতিৰ আপডেটঃ ভুক্তভোগীয়ে ৯০ দিনৰ ভিতৰত তেওঁলোকৰ গোচৰৰ অগ্ৰগতিৰ আপডেট লাভৰ অধিকাৰ আছে। এই ব্যৱস্থাই ভুক্তভোগীসকলক আইনী প্ৰক্ৰিয়াৰ সৈতে অৱগত আৰু জড়িত কৰি ৰাখে, স্বচ্ছতা আৰু বিশ্বাস বৃদ্ধি কৰে।
- vii. আৰক্ষীৰ প্ৰতিবেদন আৰু আন-আন নথি যোগানঃ অভিযুক্ত আৰু ভুক্তভোগী উভয়েই ১৪ দিনৰ ভিতৰত এফআইআৰ, আৰক্ষীৰ প্ৰতিবেদন/চাৰ্জশ্বীট, বিবৃতি, স্বীকাৰোক্তি আৰু আন-আন নথি-পত্ৰৰ প্ৰতিলিপি লাভৰ অধিকাৰ আছে।
- সাক্ষী সুৰক্ষা আঁচনিঃ নতুন আইনসমূহে সকলো ৰাজ্য চৰকাৰক সাক্ষীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সাক্ষী সুৰক্ষা আঁচনি ৰূপায়ণৰ নিৰ্দেশনা প্ৰদান কৰিছে, ইয়াৰ ফলশ্ৰুতিত আইনী কাৰ্য্যবিধিৰ বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতা বৃদ্ধি পায়।
- থানালৈ যোৱাৰ পৰা ৰেহাইঃ মহিলা, ১৫ বছৰ-অনূৰ্ধ, ৬০ বছৰ-উৰ্ধ আৰু বিশেষভাৱে সক্ষম তথা অধিক অসুস্থ লোকক থানালৈ যোৱাৰ পৰা ৰেহাই দিয়া হৈছে।
- বিএনএছএছ-ৰ ৩৬০ নং ধাৰাত বিচাৰৰ পৰা আঁতৰি অহাৰ পূৰ্বে ভুক্তভোগীৰ শুনানি গ্ৰহণ কৰাটো বাধ্যতামূলক।
*****
পৰিশিষ্ট-II
মহিলা আৰু শিশুক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা
- ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ নতুন পঞ্চম অধ্যায়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধক আন সকলো অপৰাধতকৈ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
- ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ বয়সৰ পাৰ্থক্য নাইকিয়া কৰা হৈছে। ইয়াৰ পূৰ্বে ১৬ বছৰ আৰু ১২ বছৰ অনূৰ্ধ ছোৱালী এজনীক দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত ভিন্ন শাস্তি নিৰ্ধাৰণ কৰা হৈছিল। এই বিধান সংশোধনেৰে এতিয়া আঠাইশ বছৰৰ তলৰ মহিলাক দলবদ্ধ ধৰ্ষণ কৰিলে আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তিৰ ব্যৱস্থা আছে।
- মহিলাসকলক পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্য হিচাপে স্বীকৃতি দিয়া হৈছে যিয়ে চমন কৰা ব্যক্তিজনৰ হৈ চমন লাভ কৰিব পাৰে। পূৰ্বে ‘কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য’ৰ ঠাইত এতিয়া ‘কোনো প্ৰাপ্তবয়স্ক সদস্য’ বুলি লিখা হৈছে।
- ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু ধৰ্ষণৰ অপৰাধৰ সৈতে জড়িত তদন্তৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অডিঅ’-ভিডিঅ’ মাধ্যমৰ জৰিয়তে ভুক্তভোগীৰ বক্তব্য ৰেকৰ্ড কৰিব লাগিব।
- মহিলাৰ বিৰুদ্ধে সংঘটিত কেতবোৰ অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগীৰ বক্তব্য যিমানদূৰ সম্ভৱ মহিলা দণ্ডাধীশে আৰু তেওঁৰ অনুপস্থিতিত এগৰাকী মহিলাৰ উপস্থিতিত পুৰুষ দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগে।
পৰিশিষ্ট-II (ক্ৰমশঃ)
- ধৰ্ষণৰ ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন ৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়ালৈ প্ৰেৰণ কৰিবলৈ মেডিকেল প্ৰেকটিচনাৰ বাধ্যতামূলক।
- vii. নতুন আইন অনুসৰি মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ভুক্তভোগীৰ সকলো চিকিৎসালয়তে বিনামূলীয়া প্ৰাথমিক চিকিৎসা বা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই প্ৰত্যাহ্বানমূলক সময়ত ভুক্তভোগীসকলৰ মংগল আৰু আৰোগ্যক অগ্ৰাধিকাৰ প্ৰদানেৰে অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ তাৎক্ষণিক সুবিধা নিশ্চিত কৰে।
- অপৰাধ সংঘটিত কৰিবলৈ শিশুক নিয়োগ কৰা কাৰ্য্যক ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ৯৫-ৰ অধীনত শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয়।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
***
VV/RR/HS/PS/PR/SB
(Release ID: 2150539)