পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
সংসদৰ প্ৰশ্নঃ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰিবেশ-সংবেদনশীল ভূমিৰ দিশ-পৰিৱৰ্তন
Posted On:
28 JUL 2025 3:47PM by PIB Guwahati
ইক’ চেন্সিটিভ জ’নত ভূমিৰ দিশ-পৰিৱৰ্তনৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে সংশ্লিষ্ট মুখ্যমন্ত্ৰী/প্ৰশাসকৰ নেতৃত্বাধীন ৰাজ্যিক বন্যপ্ৰাণী ব’ৰ্ডৰ যথাযথ পৰামৰ্শৰ পিছত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী কমিটিৰ (SCNBWL) বিবেচনাৰ বাবে দাখিল কৰে। বিশিষ্ট পৰিবেশবিদ, সংৰক্ষণবিদসকলৰে গঠিত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী কমিটিয়ে (SCNBWL) ইয়াৰ বিবেচনাৰ বাবে ৰখা প্ৰস্তাৱসমূহত জ্ঞাত সিদ্ধান্ত গ্ৰহণ কৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি অধিক প্ৰয়োজনীয়তাৰ বাবে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী কমিটিৰ (SCNBWL) বৈঠকৰ কাৰ্য্যবিৱৰণী চেন্ট্ৰেল এমপাৱাৰড কমিটিক (CEC) প্ৰদান কৰা হয়।
স্থায়ী কমিটিয়ে পথ-পৰিৱৰ্তনৰ বাবে দুই প্ৰস্তাৱৰ পৰামৰ্শ প্ৰদান কৰে যথাঃ
- কমিটিৰ ৮৪ সংখ্যক বৈঠকত অসমৰ উত্তৰ পাৰে গহপুৰ (১৫-নং ৰাষ্ট্ৰীয় ঘাইপথ) আৰু দক্ষিণ পাৰে নুমলীগড়ৰ (৭১৫-নং ৰাষ্ট্ৰীয় ঘাইপথ) মাজত ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে ৪-লেনযুক্ত সুৰংগ সংযোগ নিৰ্মাণৰ প্ৰস্তাৱ।
- কমিটিৰ ৭৮ সংখ্যক বৈঠকত কলিয়াবৰৰ পৰা নুমলীগড় অংশলৈ ৪ লেন কনফিগাৰেচনলৈ বৰ্তমানৰ কেৰেজ ৱে’ৰ বহলীকৰণ আৰু অগ্ৰগতি সাধনৰ প্ৰস্তাৱ।
ৰাজ্য চৰকাৰে কাৰ্বিআংলঙৰ কেতবোৰ খনন কাৰ্য্যকলাপে মহামান্য উচ্চতম ন্যায়ালয়ৰ ১২-০৪-২০১৯ ৰ আদেশ (I.A. No. 42944/2019 in W.P. (C) No. 202/1995) উলংঘা কৰা বুলি সদৰী কৰিছে। উক্ত আদেশত আন-আন বিষয়ৰ লগতে তলত দিয়া ধৰণে নিৰ্দেশ প্ৰদান কৰা হৈছিল, “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (KNP) দক্ষিণ সীমাৰ কাষেৰে আৰু কাৰ্বিআংলঙৰ পাহাৰৰ পৰা উৎপত্তি হোৱা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈ যোৱা নদী, জুৰি আৰু নিজৰাৰ সমগ্ৰ জলাধাৰ অঞ্চলত সকলো ধৰণৰ খনন আৰু আনুষংগিক কাৰ্য্যকলাপ তৎক্ষণাত নিষিদ্ধ কৰিব লাগে।”
ৰাজ্য চৰকাৰে জনাইছে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিতকৰণৰ বাবে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ কাষৰীয়া পৰিবেশ-সংবেদনশীল জলাশয়সমূহৰ পাৰিপাৰ্শ্বিক অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ উত্তৰ ৰেঞ্জ, ডোলামাৰাৰ অধীনত চলি থকা ২৮ টা শিলৰ কুৱেৰী আৰু ১৮ টা শিলৰ ক্ৰেচাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও সংমণ্ডলটোৰ ৰংছালি অঞ্চলত শিল আহৰণ, বালি মহল, বালি-তথা-গ্ৰেভেল খনন চুক্তি (MCA)ৰে জড়িত আনুষংগিক কাৰ্য্যকৰী অঞ্চলৰ লগতে ১০ টা খনন অনুমতিও বন্ধ কৰা হৈছে।
ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে বন্যপ্ৰাণীৰ পথ দুৰ্ঘটনা আৰু পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ আশংকা হ্ৰাসৰ অৰ্থে চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। যথাঃ
- ঘাইপথেৰে জীৱ-জন্তুৰ নিৰাপদ আহ-যাহৰ সুবিধাৰ বাবে আণ্ডাৰপাছ, ইলাভেটেড কৰিডৰ আৰু কালভাৰ্ট নিৰ্মাণ কৰা।
- বাসস্থানৰ যোগাযোগ অক্ষুণ্ণ ৰখা আৰু জীৱ-জন্তুৱে পথ অতিক্ৰমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিবলৈ বন্যপ্ৰাণী কৰিডৰ চিনাক্তকৰণ আৰু সুৰক্ষা।
- জীৱ-জন্তুক নিৰ্দিষ্ট নিৰাপদ ক্ৰছিং পইন্টৰ দিশে নিৰ্দেশনা প্ৰদান কৰিবলৈ পথৰ কাষত পৰিবেশ-অনুকূল বাধা স্থাপন আৰু ফেন্সিং।
- বন্যপ্ৰাণী ক্ৰছিং জ’নৰ ওচৰত ৰামবল ষ্ট্ৰিপ আৰু স্পীড ব্ৰেকাৰৰ দৰে গতি-হ্ৰাসৰ ব্যৱস্থা ৰূপায়ণ।
- বন্যপ্ৰাণীৰ উপস্থিতি সম্পৰ্কে চালকসকলক সতৰ্ক কৰিবলৈ আৰু গতিৰ নিয়ম বলবৎ কৰিবলৈ তথ্যসমৃদ্ধ আৰু সতৰ্কমূলক চাইনবৰ্ড স্থাপন কৰা।
- যাত্ৰী আৰু স্থানীয় সমাজক বন্যপ্ৰাণীৰ সুৰক্ষা সম্পৰ্কে সচেতন কৰিবলৈ জনসজাগতা অভিযান হাতত লোৱা হৈছে।
- vii. জীৱ-জন্তুৰ গতিবিধি নিৰীক্ষণ আৰু প্ৰশমনৰ বাবে গুৰুত্বপূৰ্ণ হটস্পট চিনাক্ত কৰিবলৈ কেমেৰা ট্ৰেপ, ইনফ্ৰাৰেড চেন্সৰ আৰু ড্ৰোন ব্যৱহাৰ কৰা হৈছে।
আজি লোকসভাত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কীৰ্তি বৰ্ধন সিঙে এটা লিখিত উত্তৰত এই তথ্য সদৰী কৰে।
***
VM/GS/SB
(Release ID: 2149707)