নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ড° ভূপেন হাজৰিকাৰ গুৱাহাটীস্থ বাসভৱনত উপস্থিত হৈ কিংবদন্তি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে

“ভূপেন দাৰ কৰ্ম অসমৰ জনসাধাৰণৰ বাবে আশা আৰু গৌৰৱৰ অমল উৎস হিচাবে অব্যাহত আছে। তেওঁৰ উত্তৰাধিকাৰ অসমৰ সাংস্কৃতিক নৱজাগৰণৰ এক পথ প্ৰদৰ্শনকাৰী শক্তি। বিশ্ব পৰ্যায়ত অসমীয়া পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ ভূপেন দাৰ উত্তৰাধিকাৰক যুৱক-যুৱতীসকলৰ মাজলৈ কঢ়িয়াই নিব লাগিব”: শ্ৰী সৰ্বানন্দ সোণোৱাল

Posted On: 26 JUL 2025 8:37PM by PIB Guwahati

আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে  সংগীত জগতৰ কিংবদন্তি ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা  জ্ঞাপন কৰিবলৈ  ড° হাজৰিকাৰ গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত বাসগৃহত উপস্থিত হয় । শ্ৰী সৰ্বানন্দ সোণোৱালে হাজৰিকা পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বাসভৱনটো পৰিদৰ্শন কৰি কিংবদন্তি  শিল্পীগৰাকীৰ জীৱন তথা উত্তৰাধিকাৰৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই ভ্ৰমণৰ সময়ত শ্ৰী সোণোৱালক ড° ভূপেন হাজৰিকাৰ  পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে ডাঃ হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই আদৰণি জনায়। তেওঁলোকে মন্ত্ৰীগৰাকীক  বাসগৃহটোৰ বিভিন্ন কোঠা দেখুৱায়, য’ত শিল্পীগৰাকীৰ স্মৃতি বিজড়িত নানান সমল,  বাদ্যযন্ত্ৰ, গ্ৰন্থ আৰু কবি, সুৰকাৰ তথা  মানৱতাবাদী শিল্পী হিচাপে কিংবদন্তি শিল্পীগৰাকীৰ  যাত্ৰাক প্ৰতিফলিত কৰা নানান  ফটো সংৰক্ষিত হৈ আছে।

এই ভ্ৰমণৰ সময়তে  সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভূপেন দাৰ কৰ্ম  অসমবাসীৰ বাবে আশা আৰু গৌৰৱৰ অমল উৎস হিচাবে অব্যাহত আছে।তেওঁৰ গীতত এতিয়াও ঐক্য, মমতা আৰু মানৱতাৰ মূল্যবোধৰ প্ৰতিধ্বনি অনুৰণিত হৈ আছে — যিবোৰ মূল্যবোধ প্ৰতিগৰাকী  অসমীয়াই নিজৰ হৃদয়ত সযতনে সাঁচি ৰাখিছে ।”

শ্ৰী সোণোৱালে ড° হাজৰিকাৰ উত্তৰাধিকাৰ আজিৰ যুৱক-যুৱতীসকলৰ মাজলৈ লৈ যোৱাৰ  গুৰুত্বৰ বিষয়ত আলোকপাত কৰি কয় “ভূপেন দাৰ কালজয়ী সৃষ্টিসমূহ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।তেওঁৰ সংগীত আৰু বাৰ্তা এতিয়াও প্ৰাসংগিক আৰু ই যুৱ প্ৰজন্মক মানৱতা, সামাজিক সম্প্ৰীতি আৰু সাংস্কৃতিক গৌৰৱক আঁকোৱালি ল’বলৈ গভীৰভাৱে অনুপ্ৰাণিত কৰিব পাৰে।তেওঁ আমাক দেখুৱাই গৈছে যে শিল্প পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হ’ব পাৰে আৰু আমাৰ নৱ প্ৰজন্মই নিশ্চয়কৈ সেই দৰ্শন আকোঁৱালি লোৱা  উচিত।”

সোণোৱালে ড০ হাজৰিকাৰ কলাত্মক আৰু সাংস্কৃতিক অৱদানক প্ৰতিফলিত কৰাৰ অৰ্থে অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে ড০ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে কৰা পৰিকল্পনাৰ বিষয়েও  আলোকপাত কৰে।শ্ৰী সোণোৱালে শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে আৰু ড০ হাজৰিকাৰ উত্তৰাধিকাৰৰ জাতীয় তথা বিশ্বব্যাপী থকা উচ্চতাৰ বিষয়ত  আলোকপাত কৰি সুখ প্ৰকাশ কৰে।

শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘ভূপেন দাৰ সংগীতে অসমীয়া সমাজক এক শক্তিশালী সাংস্কৃতিক শক্তি হিচাপে একত্ৰিত কৰি একতাৰ দোলেৰে বান্ধি ৰখাৰ শক্তি বহন কৰিছে।এনে ঐক্য আৰু গৌৰৱৰ দ্বাৰাই আমি অসমীয়া পৰিচয়ক বিশ্ব মঞ্চত উপযুক্ত স্থানলৈ লৈ যাব পাৰো । ড° হাজৰিকাৰ বাসভৱনৰ  ৰূপান্তৰে ইয়াক  শান্তি আৰু শ্ৰদ্ধাৰ এক পূণ্য স্থান হিচাপে পৰিগণিত কৰিছে, য’ত তেওঁৰ চিৰস্থায়ী উপস্থিতি অনুভৱ কৰিব পাৰি আৰু তেওঁৰ অসাধাৰণ জীৱন তথা উত্তৰাধিকাৰৰ বহু দিশৰ সাক্ষী হ’ব পাৰি। ই  কিংবদন্তি ড০ ভূপেন হাজৰিকাৰ কালজয়ী মনোভাৱৰ পৰা আহৰণ কৰা চিন্তা, শিক্ষণৰ দ্বাৰা প্ৰেৰণা লাভৰো সুযোগ প্ৰদান কৰে।”


***

SR/GDH/SJ/HK/DM


(Release ID: 2148968)
Read this release in: English , Urdu , Hindi