গৃহ মন্ত্ৰালয়
পাৰমাণৱিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ পদক্ষেপ
Posted On:
23 JUL 2025 1:43PM by PIB Guwahati
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা (এনডিএমপি, ২০১৯) অনুসৰি পাৰমাণৱিক জৰুৰীকালীন অৱস্থাৰ বাবে ৰাজহুৱা ক্ষেত্ৰত সঁহাৰি পৰিকল্পনা পদ্ধতিৰ অধীনত জৰুৰীকালীন সঁহাৰিৰ ক্ষেত্ৰত সংহত জিলা দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা (ডিডিএমপি) বিশেষ অংশ হৈ আহিছে। যিকোনো পাৰমাণৱিক আৰু ৰেডিঅ’লজিকেল দুৰ্যোগৰ বাবে পাৰমাণৱিক শক্তি বিভাগ (DAE) হৈছে ন’ডেল সংস্থা আৰু ইয়াৰ বাবে ই সংকট ব্যৱস্থাপনাৰ পৰিকল্পনা (CMP) প্ৰস্তুত কৰিছে।
পাৰমাণৱিক আৰু ৰেডিঅ’লজিকেল সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাৰ অধীনত প্লাণ্ট ইমাৰ্জেন্সি, ছাইট ইমাৰ্জেন্সি আৰু অফ-ছাইট ইমাৰ্জেন্সি আদি জৰুৰীকালীন অৱস্থা আদিক গণ্য কৰা হয়। অফ-ছাইট জৰুৰীকালীন অৱস্থাত অতি কম সম্ভাৱনাপূৰ্ণ দুৰ্ঘটনা সম্পৰ্কীয় আশংকা/জৰুৰীকালীন পৰিস্থিতি জড়িত হৈ থাকে , য’ত প্ৰকল্পৰ পৰা ৰাজহুৱা ক্ষেত্ৰলৈ তেজস্ক্রিয় পদাৰ্থ/বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ অত্যধিক হাৰত বিয়পি পৰাৰ বিষয়ত হস্তক্ষেপ কৰা হয়।
প্ৰতিটো পাৰমাণৱিক শক্তি কেন্দ্ৰ (এনপিপি)ৰ প্লাণ্ট ইমাৰ্জেন্সি আৰু ছাইট ইমাৰ্জেন্সি অৱস্থাৰ বাবে জৰুৰীকালীন প্ৰস্তুতি তথা সঁহাৰি (ইপিআৰ) পৰিকল্পনা পাৰমাণৱিক শক্তি কেন্দ্ৰ (এনপিপি) পৰিচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত বাধ্যতামূলকভাবে প্ৰয়োজনীয় ।
এনপিপিসমূহ থকা সকলো স্থানৰ বাবে অফ-ছাইট ইপিআৰ পৰিকল্পনা, ৰাজহুৱা ক্ষেত্ৰত সঁহাৰিমূলক কাৰ্য্যসমূহ পৰিকল্পনা জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডিডিএমএ) এনপিপিৰ সমন্বয়ত প্ৰস্তুত কৰে। এয়া এনডিএমএৰ নিৰ্দেশনা অনুসৰি কৰা হয় । প্ৰস্তুতিৰ স্তৰ আৰু অধিক শক্তিশালী কৰাৰ বাবে অফ-ছাইট জৰুৰীকালীন অনুশীলন চলাবলৈ পাৰমাণৱিক শক্তি নিয়ন্ত্ৰণ ব’ৰ্ডে (এইআৰবি) নতুন ব্যৱস্থা প্ৰস্তুত কৰিছে। জৰুৰীকালীন ব্যৱস্থাপনাৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰি বিভিন্ন ধৰণৰ অনুশীলনৰ ধাৰণা গ্ৰহণ কৰা লগতে সেইবোৰ ৰূপায়ন কৰা হয়।
ওপৰত উল্লেখ কৰা পৰিকল্পনাৰ অন্যতম অংশীদাৰ হৈছে আৰক্ষী কৰ্মীসকল। সময়ে সময়ে তেওঁলোকক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। তদুপৰি, এনডিএমএই সামৰ্থ্য বিকাশৰ বাবে সকলো অংশীদাৰৰ বাবে ৭টা পাৰমাণৱিক উদ্যোগ স্থানৰ আশে-পাশে ৰাসায়নিক জৈৱিক ৰেডিঅ’লজিকেল আৰু নিউক্লিয়াৰ (চিবিআৰএন) সজাগতা বিষয়ক এদিনীয়া কাৰ্যসূচী চলাই আছে।
পাৰমাণৱিক আৰু ৰেডিঅ’লজিকেল জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত যিকোনো উৎস চিনাক্ত কৰিবলৈ দেশৰ ৫৬খন চহৰৰ আৰক্ষী থানাত এনডিএমএই তিনিটা ভিন্ন ধৰণৰ যন্ত্ৰ ক্ৰমে গ’-ন’-গ’ যন্ত্ৰ, ড’জিমিটাৰ আৰু জৰীপ মিটাৰ বিতৰণ কৰিছে।
এনডিএমএই বিমানবন্দৰ/সাগৰীয় বন্দৰসমূহত চিবিআৰএন জৰুৰীকালীন প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে জৰুৰীকালীন সঁহাৰিদাতাসকলক আৰম্ভনিতে চিবিআৰএন জৰুৰীকালীন অৱস্থাৰ বিষয়ত দক্ষ কৰি তুলিব পাৰি। আজিলৈকে ৩৮টা প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আয়োজন কৰা হৈছে আৰু ১৫০০ৰো অধিক লোকক প্ৰশিক্ষণ দিয়া হৈছে।
২০২১-২৬ চনৰ বাবে অনুমোদিত কেন্দ্ৰীয় খণ্ডৰ আঁচনি ‘স্বাস্থ্য খণ্ডৰ দুৰ্যোগ প্ৰস্তুতি আৰু সঁহাৰি’ৰ অধীনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পাৰমাণৱিক শক্তি কেন্দ্ৰ (এনপিপি) আৰু সন্ত্ৰাসবাদৰ আশংকা প্ৰৱণ চহৰসমূহ (য’ত ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু নিউক্লিয়াৰ (চিবিআৰএন) আন্তঃগাঁথনি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে/পৰিকল্পিত কৰা হৈছে , তাত কাম কৰা চিকিৎসকসকলৰ বাবে ৰেডিয়লজিকেল আৰু পাৰমাণৱিক দুৰ্যোগৰ চিকিৎসা ব্যৱস্থাপনা বিষয়ক দক্ষতা ভিত্তিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণ কৰ্মশালাসমূহ ভাৰতৰ পাৰমাণৱিক শক্তি নিগম, (এনপিচিআইএল)ৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে। ২০২১ বৰ্ষৰ পৰা ১৫ জুলাই, ২০২৫লৈ ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৯১ গৰাকী স্বাস্থ্য কর্মীক প্ৰশিক্ষণ দিয়া হৈছে।
তেজষ্ক্ৰিয় বিষক্ৰিয়াৰ লক্ষণ থকা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সময়োপযোগী আৰু ফলপ্ৰসূ চিকিৎসা সঁহাৰি গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকৰ ভূমিকাক ইতিমধ্যে স্বীকৃতি দিয়া হৈছে। দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু চেন্নাইৰ দৰে চহৰৰ ডাঙৰ ডাঙৰ চিকিৎসালয়সমূহ ডি এ ইৰ অধীনত ৰেডিয়চন ইমাৰ্জেন্সি মেডিকেল নেটৱৰ্কৰ অংশ হৈ পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিকিৎসকসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে পাৰমাণৱিক আৰু ৰেডিঅ’লজিকেল ইমাৰ্জেন্সীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ত সময়ে সময়ে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। যদিও পাৰমাণৱিক প্ৰকল্পৰ ওচৰত চিকিৎসা সুবিধা আৰু চিকিৎসাক্ষেত্ৰৰে জড়িত পেছাদাৰী লোক উপলব্ধ, তথাপি সকলো ডাঙৰ চহৰতে এনে ৰোগীৰ চিকিৎসাৰ সুবিধা বৃদ্ধিৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
ৰাজহুৱা ক্ষেত্ৰত বৰ্তমানৰ ইপিআৰ/চিএমপি পৰিকল্পনা অধিক চিন্তা-চৰ্চাৰে অতি শক্তিশালী কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনডিএমএৰ নিৰ্দেশনাত এনপিচিআইএল, ডিএই আৰু ডিডিএমএই এনে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ধাৰণা কৰা হৈছে যে, বৰ্তমান সময়ত কোৰিয়াৰ বিকিৰণ দুৰ্যোগৰ আইনখনৰ ভিত্তিত বৰ্তমানৰ ইপিআৰ পৰিকল্পনাটো সংশোধন কৰাৰ কোনো প্ৰয়োজনীয়তা নাই।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।
***
RK/VV/HS/PS/PR/DM
(Release ID: 2147610)