গৃহ মন্ত্ৰালয়
প্ৰাকৃতিক দুৰ্যোগৰ পৰা হোৱা ক্ষতিৰ প্ৰতিৰোধ
Posted On:
22 JUL 2025 3:48PM by PIB Guwahati
দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ ওপৰত থাকে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাসমূহ সম্পূৰ্ণ কৰে আৰু প্ৰয়োজনীয় সামগ্ৰী আৰু বিত্তীয় সাহায্য় প্ৰদান কৰে। প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে উপযুক্ত প্ৰস্তুতি, প্রশমন আৰু দ্ৰুত সঁহাৰি ব্যৱস্থা গ্ৰহণৰ বাবে দেশৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক তথা জিলা পৰ্যায়ত সুপ্রতিষ্ঠিত প্ৰতিষ্ঠানিক ব্যৱস্থা আছে।
কেন্দ্ৰীয় চৰকাৰে ভাৰতত দুৰ্যোগৰ বিপদাশংকা হ্ৰাসকৰণ ব্যৱস্থাটো শক্তিশালী কৰি দুৰ্যোগৰ সময়ত বিপদাশংকা হ্ৰাস কৰিবলৈ আৰু দেশত ফলপ্ৰসূ প্রশমন ব্যৱস্থা নিশ্চিত কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই দিশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অনুমোদন জনোৱা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ তলত উল্লেখ কৰা হ’লঃ
১. ৰাষ্ট্ৰীয় ভূমিস্খলন বিপদাশংকা প্রশমন প্ৰকল্পৰ বাবে মুঠ বিত্তীয় ব্যয় হ’ব ৩ কোটি টকা। এন ডি এম এফ-ৰ ৯০০ কোটি টকাৰ কেন্দ্ৰীয় অংশৰ সৈতে পোন্ধৰখন (১৫) ৰাজ্যত ইয়াৰ ৰূপায়ণৰ বাবে ১০০০ কোটি টকা ধাৰ্য কৰা হৈছে । এই ১৫খন ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ, অসম, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু পশ্চিম বংগ। বৰ্তমান উত্তৰাখণ্ডলৈ ৪.৫৪ কোটি টকা মুকলি কৰা হৈছে।
২. ইয়াৰ পূৰ্বে, ২০১৯ চনত, চৰকাৰে চাৰিখন (৪) ৰাজ্যৰ বাবে ভূমিস্খলন বিপদাশংকা প্রশমন আঁচনি (এল আৰ এম এছ) অনুমোদন কৰে। ইয়াৰ অধীনত ছিকিম, মিজোৰাম, নাগালেণ্ড আৰু উত্তৰাখণ্ডক কেন্দ্ৰীয় সাহায্যৰ জৰিয়তে ৪৩.৯১ কোটি টকা প্ৰদান কৰা হৈছে। আঁচনিখনৰ প্ৰধান ফলাফলসমূহৰ ভিতৰত আছে ভূমিস্খলন প্রশমন, বাস্তৱ সময় নিৰীক্ষণ, সজাগতা কাৰ্যসূচী আৰু সামৰ্থ্য নিৰ্মাণ তথা প্ৰশিক্ষণ।
৩. ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জি এছ আই)-এ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি), নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাস্টিং (এন চি এম আৰ ডব্লিউ এফ), নেচনেল ৰিম’ট চেঞ্চিং চেণ্টাৰ (এন আৰ এছ চি) ৰ দৰে একাধিক উৎসৰ পৰা বিভিন্ন তথ্যৰ বাস্তৱ-সময়ৰ একত্ৰীকৰণৰ বাবে কলকাতাত ৰাষ্ট্ৰীয় ভূমিস্খলন পূৰ্বানুমান কেন্দ্ৰ (এন এল এফ চি) স্থাপন কৰিছে।
৪. ভূমিস্খলনৰ আশংকা হ্ৰাস কৰিবলৈ জিএছআইয়ে ব্ৰিটিছ জিঅ’লজিকেল চাৰ্ভে (বিজিএছ) ৰ সহযোগিতাত ভাৰতৰ বাবে এক প্ৰাৰম্ভিক আঞ্চলিক ভূমিস্খলনৰ আগতীয়া সতৰ্কবাণী প্ৰণালী (এলইডব্লিউএছ) বিকশিত কৰিছে। ভাৰতৰ তিনিখন জিলা- পশ্চিম বংগৰ দাৰ্জিলিং তথা কালিম্পং জিলা আৰু তামিলনাডুৰ নীলগিৰি জিলাত ইয়াৰ মূল্যায়ন আৰু পৰীক্ষা আৰম্ভ কৰা হৈছে।
৫. ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি), নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাস্টিং (এন চি এম আৰ ডব্লিউ এফ), নেচনেল ৰিম’ট চেঞ্চিং চেণ্টাৰ (এন আৰ এছ চি) আৰু সকলো সংশ্লিষ্ট ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এছ ডি এম এ) দৰে বিভিন্ন অংশীদাৰৰ সহযোগিতাত জি এছ আই-এ আন ৬খন ৰাজ্যৰ ১৮খন জিলাত পৰীক্ষামূলক ভূমিস্খলনৰ পূৰ্বানুমান বুলেটিন প্ৰদান কৰি আহিছে। এই বুলেটিনসমূহত তালুক/মহকুমা পৰ্যায়লৈকে পূৰ্বানুমানৰ তথ্য আছে।
৬. সাতখন (৭) চহৰত নগৰীয়া বানপানীৰ বিপদাশংকা হ্ৰাস প্ৰকল্পৰ অধীনত আহমেদাবাদ, বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, কলকাতা, মুম্বাই আৰু পুনেৰ বাবে মুঠ বিত্তীয় ব্যয় হ’ব ৩০৭৫.৬৫ কোটি টকা। এনডিএমএফৰ পৰা কেন্দ্ৰীয় অংশ হৈছে ২৪৮২.৬২ কোটি টকা। এতিয়ালৈকে এই সাতখন চহৰলৈ ৭০৯.৫৪ কোটি মুকলি কৰা হৈছে।
৭. ৰাষ্ট্ৰীয় জি এল অ’ এফ বিপদাশংকা ব্যৱস্থাপনা কাৰ্যসূচীৰ বাবে মুঠ বিত্তীয় ব্যয় হ’ব ৫০০ কোটি টকা। চাৰিখন (৪) ৰাজ্যত ইয়াৰ ৰূপায়ণৰ বাবে ১৫০ কোটি টকা ধাৰ্য কৰা হৈছে। এই ৰাজ্য কেইখন হৈছে- অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম আৰু উত্তৰাখণ্ড। এন ডি এম এফ-ৰ পৰা কেন্দ্ৰীয় অংশ হৈছে ১৩৫ কোটি টকা আৰু এতিয়ালৈকে ২৭.৭৩ কোটি টকা মুকলি কৰা হৈছে।
৮. বাৰখন (১২) খৰাং প্ৰৱণ ৰাজ্যৰ অনুঘটক সাহায্যৰ বাবে মুঠ বিত্তীয় ব্যয় হ’ব ২০২২.১৬ কোটি টকা। যাৰ ভিতৰত এন ডি এম এফ-ৰ পৰা কেন্দ্ৰীয় অংশ হৈছে ১২০০ কোটি টকা। এই ১২খন ৰাজ্য হৈছে- অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশ।
৯ বজ্ৰপাত সুৰক্ষাৰ ওপৰত প্ৰতিৰোধ প্ৰকল্পৰ বাবে দহ (১০) খন ৰাজ্যৰ মুঠ বিত্তীয় ব্যয় হ’ব ১৮৬.৭৮ কোটি টকা। এই ৰাজ্য কেইখন হৈছে- অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। বজ্ৰপাত সুৰক্ষাৰ বাবে এন ডি এম এফ-ৰ পৰা কেন্দ্ৰীয় অংশ হৈছে ১২১.১৪ কোটি।
১০. উনৈশখন (১৯) ৰাজ্যৰ ১৪৪ খন উচ্চ-অগ্ৰাধিকাৰী জিলাত বনৰীয়া জুইৰ বিপদাশংকা ব্যৱস্থাপনাৰ বাবে প্রশমন প্ৰকল্পৰ অধীনত মুঠ বিত্তীয় ব্যয় হ'ব ৮১৮.৯২ কোটি টকা। ইয়াৰ ভিতৰত এন ডি এম এফ আৰু এন ডি আৰ এফ-ৰ পৰা কেন্দ্ৰীয় অংশ হৈছে ৬৯০.৬৩ কোটি টকা। এই আঁচনিৰ বাবে চিনাক্ত কৰা ৰাজ্যসমূহ হ’ল- অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মণিপুৰ, মহাৰাষ্ট্ৰ, মিজোৰাম, মধ্যপ্ৰদেশ, মেঘালয়, নাগালেণ্ড, উৰিষ্যা, তামিলনাডু, তেলেংগানা আৰু উত্তৰাখণ্ড।
১১. জনসাধাৰণৰ মাজত আগতীয়া সতৰ্কবাণী সময়মতে প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কমন এলাৰ্টিং প্ৰট’কল (চি এ পি) আধাৰিত ইন্টিগ্রেটেড এলাৰ্ট চিষ্টেম (এছ এ চি এইচ ই টি) আৰম্ভ কৰিছে। চি এ পি প্লেটফৰ্মে সতৰ্কবাণী সৃষ্টি কৰা সংস্থাসমূহক একত্ৰিত কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি) কেন্দ্ৰীয় জল আয়োগ (চিডব্লিউচি), ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ তথ্য সেৱা কেন্দ্ৰ (আইএনচিঅ’ আইএছ), প্ৰতিৰক্ষা ভূ-তথ্য বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান (ডিজিআৰই), ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই) আৰু ভাৰতীয় বন জৰীপ (এফএছআই) বিভাগ- সকলো ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছডিএমএ) ৰ সৈতে, যিবোৰে এছ এম এছ, মোবাইল এপ, ব্ৰউজাৰ এলাৰ্ট, আৰ এছ এছ ফিড আৰু লগতে গগন তথা নাভিক উপগ্ৰহ টাৰ্মিনেলৰ জৰিয়তে আঞ্চলিক ভাষাত ভূ-লক্ষ্যযুক্ত সতৰ্কবাণী জাৰি কৰিবলৈ সক্ষম।
ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে সতৰ্কবাণী প্ৰচাৰ কৰিবলৈ চি এ পি মঞ্চ ব্যৱহাৰ কৰিছে। শেহতীয়া দুৰ্যোগসমূহত এই ব্যৱস্থা সফলতাৰে ব্যৱহাৰ কৰা হৈছে। এতিয়ালৈকে চি এ পি মঞ্চ ব্যৱহাৰ কৰি ৬৪০০ কোটিতকৈও অধিক সতৰ্কবাণী এছ এম এছ যোগে প্ৰচাৰ কৰা হৈছে।
১২. কেন্দ্ৰীয় চৰকাৰে আপদা মিত্ৰ আঁচনিও ৰূপায়ণ কৰিছে, যাৰ অধীনত ভূমিস্খলন, ঘূৰ্ণীবতাহ, ভূমিকম্প আৰু বানৰ সম্ভাৱনা থকা ৩৫০ খন জিলাক (ৰাজস্থানৰ ১৩খন জিলাৰ ৪৭০০গৰাকী স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণকে ধৰি) সামাজৰ স্বেচ্ছাসেৱকসকলক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ দিয়া হৈছে।
১৩. কেন্দ্ৰীয় চৰকাৰে ভূমিস্খলন, ঘূৰ্ণীবতাহ, ভূমিকম্প আৰু বানৰ সম্ভাৱনা থকা দেশৰ ৩১৫ খন জিলাক সামৰি লৈ ৰাষ্ট্ৰীয় কেডেট ক’ৰ (এনচিচি), ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ) আৰু ভাৰত স্কাউটছ এণ্ড গাইডছ (বিএছএণ্ডজি) (ৰাজস্থানৰ ১৩খন জিলাৰ ১২৬৫০গৰাকী স্বেচ্ছাসেৱককে ধৰি) ৰ স্বেচ্ছাসেৱকসকলক প্ৰশিক্ষণ দিবলৈ ২০২৪-২৫ বৰ্ষত "যুৱ আপদা মিত্ৰ আঁচনি "(ৱাইএএমএছ) আৰম্ভ কৰিছে।
সজাগতা সৃষ্টি আৰু সামৰ্থ্য নিৰ্মাণ উপাদান হৈছে এনে প্রশমন কাৰ্যসূচীৰ অন্যতম প্ৰধান উপাদান। ৰাষ্ট্ৰীয় ভূমিস্খলন বিপদাশংকা প্রশমন প্ৰকল্পৰ অধীনত, "সম্প্ৰদায় আৰু পঞ্চায়ত ৰাজ প্ৰতিষ্ঠানৰ সদস্যসকলৰ বাবে ভূমিস্খলন-প্ৰৱণ অঞ্চলত গ্ৰাম্য টাস্ক ফ’ৰ্চ গঠনকে ধৰি সংবেদনশীলতা কাৰ্যসূচী " শীৰ্ষক এটা উপ-উপাদান আছে, যাৰ বাবে ১৪ কোটি টকা আৱণ্টন কৰা হৈছে। বনজুইৰ বিপদাশংকা ব্যৱস্থাপনাৰ বাবে প্রশমন আঁচনিৰ অধীনত ১৯খন ৰাজ্যৰ ১৪৪খন জিলা চিনাক্ত কৰি ২২ কোটি টকা আৱণ্টন দিয়া হৈছে। বজ্ৰপাত সুৰক্ষাৰ প্রশমন প্ৰকল্পৰ অধীনত গাঁও পঞ্চায়তসমূহক মৌলিক সঁজুলি আৰু অগ্নি নিৰ্বাপন দক্ষতাৰে সজ্জিত কৰাৰ বাবে গাওঁ পঞ্চায়ত আৰু গাঁও টাস্ক ফ’ৰ্চৰ সদস্যসকলৰ বাবে মাষ্টাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে ১.৫০ কোটি আৱণ্টন কৰা হৈছে। একেদৰে, স্থানীয় পৰ্যায়ত ক্ষমতা নিৰ্মাণ বাৰখন (১২) খৰাং প্ৰৱণ ৰাজ্যৰ কাৰ্যসূচীৰ বাবে অনুঘটক সাহায্যৰ এটা উপাদান। ৰাজস্থানৰ কৃষি খণ্ডৰ খৰাং প্ৰতিৰোধৰ ওপৰত কৃষকৰ প্ৰশিক্ষণ তথা সজাগতাৰ বাবে ২ কোটি টকা আবণ্টন দিয়া হৈছে।
লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে।
***
RK/VV/HS/PS/PR/MK
(Release ID: 2147200)