ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বিহাৰত এছআইআৰ-ৰ শেহতীয়া তথ্য

১৮ লাখ মৃত ভোটাৰ চিনাক্ত
২৬ লাখ ভোটাৰ ভিন্ন সমষ্টিলৈ স্থানান্তৰিত আৰু ৭ লাখ ভোটাৰৰ দুটা স্থানত অন্তৰ্ভুক্তি

Posted On: 22 JUL 2025 6:11PM by PIB Guwahati

বিহাৰত অব্যাহত এছআইআৰ-ত ২০২৫-ৰ ১ আগষ্টত প্ৰকাশ পাবলগীয়া খচৰা ভোটাৰ তালিকাত সকলো যোগ্য ভোটাৰকে অন্তৰ্ভুক্তকৰণৰ ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিহাৰৰ ১২ টা প্ৰধান ৰাজনৈতিক দলৰ জিলা সভাপতিয়ে নিযুক্তি প্ৰদান কৰা প্ৰায় ১ লাখ বিএলঅ’, ৪ লাখ স্বেচ্ছাসেৱক আৰু ১.৫ লাখ বিএলএ-কে প্ৰমুখ্য কৰি সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাই একেলগে কাম কৰি যিসকল ভোটাৰে এতিয়াও তেওঁলোকৰ বিস্তৃত বিৱৰণৰ প্ৰ-পত্ৰ (EF) জমা দিয়া নাই বা তেওঁলোকক ঠিকনা অনুসৰি পোৱা হোৱা নাই, সেই সন্দৰ্ভত নিৰীক্ষণ অব্যাহত ৰাখিছে।

২) চিইঅ’/ডিইঅ’/ইআৰঅ’/বিএলঅ’-সকল সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈছে আৰু এতিয়ালৈকে প্ৰ-পত্ৰ লাভ নকৰা ২১.৩৬ লাখ ভোটাৰৰ লগতে মৃত্যু হোৱা বা স্থায়ীভাৱে স্থানান্তৰিত হোৱা বা একাধিক স্থানত নাম অন্তৰ্ভুক্ত প্ৰায় ৫২.৩০ লাখ ভোটাৰৰ বিশদ তালিকাও প্ৰদান কৰিছে।

৩) ২৪-০৬-২০২৫ ত এছআইআৰ-ৰ নিৰ্দেশনা অনুসৰি ২০২৫-ৰ ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে সম্পূৰ্ণ এমাহ ধৰি ভোটাৰসকলৰ বাবে খচৰা ভোটাৰ তালিকাত যিকোনো সংযোজন, কৰ্তন আৰু শুধৰণিৰ বাবে আপত্তি দাখিলৰ ব্যৱস্থা কৰা হৈছে।

 

৪ 

মুঠ ভোটাৰ (২০২৫-ৰ ২৪ জুনলৈকে)

৭,৮৯,৬৯,৮৪৪

শতাংশ

প্ৰ-পত্ৰ লাভ কৰা হৈছে

৭,১৬,০৪১০২

৯০.৬৭%

প্ৰ-পত্ৰ ডিজিটাইজড কৰা হৈছে

৭,১৩,৬৫,৪৬০

৯০.৩৭%

এতিয়ালৈকে ঠিকনা অনুসৰি নোপোৱা ভোটাৰৰ সংখ্যা

৫২,৩০,১২৬

৬.৬২%

৭.১

এতিয়ালৈকে মৃত ভোটাৰৰ সংখ্যা

১৮,৬৬,৮৬৯

২.৩৬%

৭.২

এতিয়ালৈকে স্থায়ীভাৱে স্থানান্তৰিত ভোটাৰৰ সংখ্যা

২৬,০১,০৩১

৩.২৯%

৭.৩

একাধিক স্থানত অন্তৰ্ভুক্ত ভোটাৰ

৭,৫০,৭৪২

০.৯৫%

৭.৪

অনুসৰণ কৰিব নোৱাৰা ভোটাৰ

১১,৪৮৪

০.০১%

সামৰি লোৱা মুঠ ভোটাৰ (৫+৭)

,৬৮,৩৪,২২৮

৯৭.৩০%

এতিয়াও লাভ নকৰা প্ৰ-পত্ৰ

২১,৩৫,৬১৬

২.৭০%

******

PK/GDH/RP/SB


(Release ID: 2146998)
Read this release in: English , Urdu , Hindi