গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিএছএফ আৰু এনচিবিৰ যুটীয়া অভিযানত ভাৰত বাংলাদেশ সীমান্তত ২২৫.৮১ কেজি গাঞ্জা জব্দ

प्रविष्टि तिथि: 21 JUL 2025 6:02PM by PIB Guwahati

ভাৰত-বাংলাদেশ সীমান্তত আন্তঃসীমান্ত অপৰাধ আৰু মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অধীন গুৱাহাটী ফ্ৰণ্টিয়া সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) দলে নাৰ্কটিক্স কণ্ট্ৰ ব্যুৰ’ (এনচিবি) ৰ সৈতে সমন্বয়ৰে এজন ভাৰতীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত ২২৫.৮১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

 

বাংলাদেশলৈ চোৰাং চালানৰ উদ্দেশ্যে অবৈধভাৱে গাঞ্জা মজুত কৰাৰ সন্দৰ্ভত লাভ কৰা নিৰ্ভৰযোগ্য গোপন তথ্যৰ ভিত্তিত চলিত বৰ্ষৰ ২১ জুলাইত বিএছএফৰ ৭৮ সংখ্যক বেটলিয়ন, বিএছএফৰ কে- স্কোৱাড আৰু শিলিগুৰিত থকা এনচিবিৰ আঞ্চলিক গোটৰ বিষয়াসকলে এক বিশেষ যুটীয়া অভিযান চলাইছিলভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰ জিলাৰ শিঙিমাৰী গাঁৱত এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত এজন ভাৰতীয় চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বাসগৃহৰ পৰা ২২৫.৮১ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। আটক কৰা ব্যক্তিজনক জব্দ কৰা মাদক দ্ৰব্যৰ সৈতে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে নাৰ্কটিক্স কণ্ট্ৰ ব্যুৰক চমজাই দিয়া হৈছে।

*********

PG/SS/HS


(रिलीज़ आईडी: 2146696) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Bengali-TR