যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
ডিজিটেল এম্বেছাদৰ হিচাপে যুৱক-যুৱতীসকলৰ সবলীকৰণৰ অৰ্থে দেশজুৰি সঞ্চাৰ মিত্ৰ আঁচনি প্ৰৱৰ্তন দূৰসংযোগ বিভাগৰ
ডিজিটেল সাক্ষৰতা আৰু টেলিকম সজাগতাৰ নেতৃত্ব দিব সঞ্চাৰ মিত্ৰ, শিক্ষাৰ্থী স্বেচ্ছাসেৱকে
প্ৰথম কাৰ্যসূচীত অসম এল এছ এয়ে সমগ্ৰ অসমৰ ১৮ খন আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সৈতে অংশীদাৰিত্ব কৰিছে
Posted On:
11 JUL 2025 4:12PM by PIB Guwahati
ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ ক্ষেত্ৰ কাৰ্যালয় অসম এল এছ এয়ে আজি গুৱাহাটীৰ বি এছ এন এল ভৱনত সমগ্ৰ অসমৰ আই আই টি, আই আই টি, এন আই টি, আৰু অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ মুৰব্বী তথা প্ৰতিনিধিৰ সৈতে এক পাৰস্পৰিক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। নাগৰিক আৰু টেলিকম পৰিৱেশ তন্ত্ৰৰ মাজত যোগাযোগৰ ব্যৱধান দূৰ কৰিবলৈ শিক্ষাৰ্থী স্বেচ্ছাসেৱকসকলক ডিজিটেল এম্বেছাদৰ হিচাপে নিয়োজিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ আৰম্ভ হোৱা সঞ্চাৰ মিত্ৰ আঁচনিৰ বিষয়ে অৱগত কৰা আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত সভাপতিত্ব কৰে নতুন দিল্লীৰ ডিজি টেলিকমৰ উপদেষ্টা সুনীতা চন্দ্ৰাই। আজিৰ এই অনুষ্ঠানত অতিৰিক্ত সঞ্চালক প্ৰধান তথা অসম এল এছ এৰ মুৰব্বী শ্ৰী সুৰেশ পুৰী আৰু নতুন দিল্লীৰ দূৰসংযোগ বিভাগৰ উপ-সঞ্চালক প্ৰধান (মিডিয়া) তথা মুখপাত্ৰ শ্ৰী হেমেন্দ্ৰ কুমাৰ শৰ্মাই আঁচনিখনৰ উদ্দেশ্য আৰু ইয়াৰ গাঁথনিগত দিশ সম্পৰ্কে বিশদভাবে আলোকপাত কৰে।
অনুষ্ঠানত মুখ্য ভাষণ প্ৰদান কৰি ডিজি টেলিকমৰ উপদেষ্টা শ্ৰীমতী সুনীতা চন্দ্ৰাই কয় যে, "এই ব্যৱস্থাৰ লক্ষ্য হৈছে দূৰসংযোগ বিভাগৰ পদক্ষেপ, টেলিকম সেৱা, আৰু বিভিন্ন নাগৰিককেন্দ্ৰিক প্ৰচেষ্টাৰ মাজত এখন সেঁতু নিৰ্মাণ কৰা। ই আমাৰ ব্যৱহাৰকাৰী, গ্ৰাহক তথা জনসাধাৰণে যাতে ভালদৰে উপকৃত হ'ব পাৰে । আমি বিশ্ববিদ্যালয় আৰু কলেজৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি তথা সেৱা এই পদক্ষেপৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছিলো"।
শ্ৰী সুৰেশ পুৰীয়ে সঞ্চাৰ মিত্ৰ আঁচনিৰ প্ৰসংগত তিনিটা মূল স্তম্ভৰ কথা উল্লেখ কৰে। সেইবোৰ হৈছে - সংযোগ স্থাপন, শিক্ষিত কৰি তোলা আৰু উদ্ভাৱন কৰা।তেওঁ দৃঢ়ততাৰে কয় যে জনসচেতনতাই হৈছে সুৰক্ষিত, দায়িত্বশীল, আৰু সকলোকে সামৰি লোৱা টেলিকম সেৱাৰ ব্যৱহাৰৰ মূল চাবিকাঠি।
শ্ৰী হেমেন্দ্ৰ কুমাৰ শৰ্মাই ডিজিটেল বিপ্লৱ আৰু ভাৰতে এতিয়া টেলিকম সেৱাৰ ক্ষেত্ৰত গ্ৰাহক হৈ থকাৰ সলনি অত্যাধুনিক টেলিকম সেৱা তথা সামগ্ৰীৰ প্ৰদানকাৰীত পৰিণত হোৱাৰ কথা উল্লেখ কৰে। তেওঁ এই প্ৰসংগতে টেলিকম সেৱাৰ ভূমিকাৰ ৰূপৰেখাও দাঙি ধৰে।তেওঁ বিভিন্ন ডিজিটেল জালিয়াতিৰ পৰা নিৰীহ নাগৰিকক ৰক্ষা কৰিবলৈ তৃণমূল পৰ্যায়ত জনসচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। । এই প্ৰসংগতে তেওঁ ‘ডিজিটেল এম্বেছাদৰ’ হিচাপে সঞ্চাৰ মিত্ৰসকলৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে।
বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আঁচনিখনৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদৰ্শন কৰে।
উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াই নৱীকৰণ কৰি গ্ৰহণ কৰা ‘সঞ্চাৰ মিত্ৰ আঁচনি’ক পাইলট পদক্ষেপ স্তৰৰ পৰা শক্তিশালী, পৰিমাপযোগ্য আৰু উদগনি-চালিত জাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। ভাৰতৰ যুৱ শক্তি— শিক্ষাৰ্থী স্বেচ্ছাসেৱক — টেলিকম সজাগতা, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল সৱলীকৰণৰ ৰাষ্ট্ৰদূত হ’বলৈ সংগঠিত কৰাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। শ্ৰী সিন্ধিয়াই এই আঁচনিখনক চাৰিটা ডি — ডেম'ক্ৰেচী, ডেম'গ্ৰাফী, ডিজিটাইজেচন আৰু ডেলিভাৰীৰ ৰূপত ভাৰতৰ নেতৃত্বৰ প্ৰতীক হিচাপে অভিহিত কৰিছিল।
সঞ্চাৰ মিত্ৰ আঁচনিঃ
প্ৰথম অৱস্থাত নিৰ্বাচিত প্ৰতিষ্ঠানসমূহত পাইলট প্ৰপকল্প হিচাবে চলি থকা সঞ্চাৰ মিত্ৰ আঁচনিখনৰ পাইলট পৰ্যায়ত লাহ কৰা উৎসাহজনক সঁহাৰি আৰু আশাব্যঞ্জক প্ৰভাৱৰ পিছত এতিয়া ইয়াক দেশজুৰি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শিক্ষাৰ্থী স্বেচ্ছাসেৱকসকলক—সঞ্চাৰ মিত্ৰ বুলি অভিহিত কৰা হৈছে আৰু তেওঁলোকে ডিজিটেল সুৰক্ষা, চাইবাৰ জালিয়াতি প্ৰতিৰোধ, আৰু ইএমএফ সম্পৰ্কীয় উদ্বেগ আদি মূল টেলিকম ক্ষেত্ৰৰ বিষয়সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে দায়িত্বশীলভাবে মোবাইল ফোনৰ ব্যৱহাৰ তথা ডিজিটেল সাক্ষৰতাক প্ৰসাৰিত কৰিব।
সম্প্ৰসাৰিত সঞ্চাৰ মিত্ৰ আঁচনিৰ লক্ষ্য কেৱল জনসচেতনতা বৃদ্ধি কৰাই নহয়, অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক ৫জি, ৬জি, কৃত্ৰিম বুদ্ধিমত্তা আৰু চাইবাৰ নিৰাপত্তাকে ধৰি অত্যাধুনিক টেলিকম প্ৰযুক্তিৰ সৈতে পৰিচিত কৰোৱাৰ সুবিধাও প্ৰদান কৰা হ'ব। আঁচনিখনে প্ৰশিক্ষণ, প্ৰকল্পত অংশগ্ৰহণ আৰু বাস্তৱ জগতৰ টেলিকম পদক্ষেপৰ সৈতে জড়িত কৰি ডিজিটেলভাৱে সচেতন, দক্ষ আৰু গৱেষণামুখী যুৱ কৰ্মশক্তি গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।
অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক স্থানীয় দূৰসংযোগ বিভাগৰ ক্ষেত্ৰ গোটৰ সৈতে আলোচনা কৰি চিনাক্ত কৰা হ’ব আৰু প্ৰাসংগিক শৈক্ষিক পটভূমিৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলক—টেলিকম, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ বিজ্ঞান, চাইবাৰ নিৰাপত্তা—সঞ্চাৰ মিত্ৰ হিচাপে মনোনীত কৰা হ’ব।
সঞ্চাৰ মিত্ৰসকলে এই ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰা আৰু নেশ্যনেল কমিউনিকেশ্যন একাডেমী–টেকন’লজি (এনচিএ-টি) আৰু দূৰসংযোগ বিভাগৰ মিডিয়া শাখাৰ জড়িয়তে প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰিব। সঞ্চাৰ মিত্ৰই তৃণমূল পৰ্যায়ত সজাগতা অভিযান চলাব, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আৰু বেচৰকাৰী সংস্থাসমূহৰ সৈতে জড়িত হ’ব আৰু তেওঁলোকৰ সৈতে থাকি ডিজিটেল আচৰণৰ অনুঘটক হিচাপে কাম কৰিব।
উৎকৃষ্টতাক উৎসাহিত কৰিবলৈ, অংশগ্ৰহণকাৰীসকলৰ দক্ষতাক উদ্ভাৱন, সামঞ্জস্য আৰু প্ৰভাৱৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে মূল্যায়ন কৰা হ’ব। অসাধাৰণ প্ৰদৰ্শন কৰাসকলক ইন্টাৰশ্বিপ, ৰাষ্ট্ৰীয় টেলিকম প্ৰকল্পৰ সৈতে জড়িত হোৱা, ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ দৰে উচ্চ পৰ্যায়ৰ মঞ্চত অংশগ্ৰহণ আৰু আইটিইউৰ মান তথা নীতিগত কামৰ সৈতে জড়িত হোৱাকে ধৰি বহু সুযোগ প্ৰদান কৰা হ'ব।
সঞ্চাৰ মিত্ৰ আঁচনিয়ে যুৱক-যুৱতীসকলৰ কৌশলগত সংযোগ ঘটাই ভাৰতক টেলিকম গৱেষণা, উন্নয়ন আৰু উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী কেন্দ্ৰত পৰিগণিত হোৱাৰ দৃষ্টিভংগীৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাবে চিহ্নিত কৰিছে।
Follow DoT Handles for more: -
X - https://x.com/DoT_India
Insta https://www.instagram.com/department_of_telecom?igsh=MXUxbHFjd3llZTU0YQ==
Fb - https://www.facebook.com/DoTIndia





Samrat/Allen/DM
(Release ID: 2144124)