কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূবৰ ষ্টাৰ্ট-আপ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰক যত্ন ল’বলৈ ১১–১২ জুলাইত শ্বিলঙত উত্তৰ-পূব সন্মিলন ২০২৫ৰ প্ৰস্তুতি আইআইচিএইৰ

আইআইচিএ উত্তৰ-পূব আঞ্চলিক চৌহদৰ আধাৰশিলা স্থাপন কৰিব বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে

সন্মিলনত ষ্টাৰ্টআপ অন্তৰ্ভুক্তি আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনা, ইনকিউবেচন আৰু উদ্ভাৱন মডেল, পুঁজিৰ সুযোগ আৰু বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানকে ধৰি অনুষ্ঠিত হ’ব বিভিন্ন অধিবেশন আৰু অনুষ্ঠান

Posted On: 10 JUL 2025 6:01PM by PIB Guwahati

ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেয়াৰ্ছ (আইআইচিএ)য়ে ১১–১২ জুলাই, ২০২৫ত  প্ৰতিষ্ঠিত আইআইএম শ্বিলং চৌহদত আইআইচিএ উত্তৰ-পূব সন্মিলন ২০২৫ আয়োজন কৰিবলৈ সাজু হৈছে। “আইডেচনৰ পৰা ইনকৰ্পৰেশ্যনলৈ” শীৰ্ষক দুদিনীয়া ধ্বজাবাহী অনুষ্ঠানৰ লক্ষ্য হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতি তন্ত্ৰৰ যত্ন লোৱা। পুৱা ০৯:৩০ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব।

সন্মিলনক কৌশলগত নীতি আলোচনা, প্ৰতিষ্ঠানিক অংশীদাৰিত্ব আৰু পুঁজিৰ প্ৰৱেশৰ জৰিয়তে উদ্ভাৱন, ইনকিউবেচন আৰু উদ্যোগ বিকাশৰ বাবে অনুঘটক হিচাপে কল্পনা কৰা হৈছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাৰ, কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব দীপ্তি গৌৰ মুখাৰ্জী আৰু মেঘালয় চৰকাৰৰ মুখ্য সচিব শ্ৰী ড’নাল্ড ফিলিপছ ৱাহলাঙৰ উপস্থিতিত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতা নিৰ্মলা সীতাৰমণে অনুষ্ঠানটো উদ্বোধন কৰিব। এই অনুষ্ঠানত আইআইচিএৰ সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিং আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব।

উদ্বোধনী অধিবেশনত আইআইএম শ্বিলং, এছটিপিআই, এনএছআইচি ভিচি ফাণ্ড লিমিটেড, এছআইডিবিআই, ডিএফএছ, নাবাৰ্ড, পিএনবি, এছবিআই কেপছ, বিএছই, এনএছই, আইচিএআই, আইচিএছআই, আইচিএমআই আৰু বহুতো অগ্ৰণী প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ বিষয়া আৰু নেতাসকলে অংশগ্ৰহণ কৰিব।

সন্মিলনত বিভিন্ন ধৰণৰ অধিবেশন আৰু বৈঠক আয়োজন কৰা হৈছে, সেইবোৰ হৈছেঃ

• ষ্টাৰ্টআপ নিগম আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনা

• ইনকিউবেচন আৰু উদ্ভাৱনৰ আৰ্হি

• পুঁজিৰ সুযোগ (বীজৰ পৰা প্ৰাৰম্ভিক পৰ্যায়লৈকে)

• ষ্টাৰ্টআপৰ বাবে নীতিৰ কাঠামো আৰু উদগনি

• দক্ষতা আৰু নিয়োগ কৌশল হিচাপে ঔদ্যোগীকৰণ

• ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক আৰু বিনিয়োগকাৰীৰ সৈতে ফায়াৰছাইড আড্ডা

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ, আঞ্চলিক এমএছএমই আৰু ঔদ্যোগীকৰণৰ উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।

আইআইচিএ উত্তৰ-পূব চৌহদৰ আধাৰশিলা

শ্বিলঙৰ আইআইচিএ উত্তৰ-পূব আঞ্চলিক চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠান শ্ৰীমতী নিৰ্মলা সীতাৰমণে উত্তৰ-পূৰ্বাঞ্চলত উন্নত নীতি শিক্ষা, কৰ্পৰেট শাসন প্ৰশিক্ষণ আৰু ঔদ্যোগীকৰণ সহায়ক আন্তঃগাঁথনিৰ বাবে এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

চৌহদটোৱে উত্তৰ-পূবৰ অনন্য আকাংক্ষা আৰু সুযোগৰ অনুকূলে সামৰ্থ্য বিকাশ, গৱেষণা, ইনকিউবেচন, আৰু নীতি উদ্ভাৱনৰ বাবে আঞ্চলিক কেন্দ্ৰ হিচাপে কাম কৰিব।

বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান

আঞ্চলিক সহযোগিতাক প্ৰতিষ্ঠানিকৰণৰ বাবে আইআইচিএই তলত উল্লেখ কৰা মূল প্ৰতিষ্ঠানসমূহৰ সৈতে সাতটা কৌশলগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব। প্ৰতিষ্ঠানসমূহ হৈছে মেঘালয় প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (এমএটিআই), ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আইআইএম), শিলচৰ, ভাৰতীয় ছফটৱেৰ টেকন'লজি পাৰ্কছ (এছটিপিআই), ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্টছ প্ৰতিষ্ঠান (আইচিএআই), ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠান (আইচিএছআই), ভাৰতীয় কষ্ট একাউণ্টেণ্ট ইনষ্টিটিউট (আইচিএমএআই), নেচনেল ইউনিভাৰ্চিটি আৰু জুদিচিয়েল একাউণ্টেণ্টছ, একাডেমী, অসম।

এই অংশীদাৰিত্বসমূহে সামৰ্থ্য বিকাশ, অনুসৰণ প্ৰশিক্ষণ, ইনকিউবেচন, আৰু আঞ্চলিক জ্ঞান বিনিময়ৰ সুবিধা প্ৰদান কৰিব।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম), শ্বিলং এই অনুষ্ঠানৰ জ্ঞান অংশীদাৰ।

আন আন প্ৰগ্ৰেম পাৰ্টনাৰৰ ভিতৰত প্ৰাইম, মেঘালয় চৰকাৰ, ভাৰতীয় ষ্টেট বেংক (এছবিআই), পঞ্জাব নেচনেল বেংক (পিএনবি), ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (এছআইডিবিআই), উত্ত-পূব পৰিষদ (এনইচি), ভাৰতীয় ছফটৱেৰ টেকন’লজি পাৰ্কছ (এছটিপিআই), নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই), বম্বে ষ্টক এক্সচেঞ্জ (বিএছই), আইচিএআই, আইচিএছআই, আইচিএমআই আদি উল্লেখযোগ্য।

ষ্টাৰ্টআপ আৰু উদ্ভাৱন প্ৰদৰ্শনী

সন্মিলনত ষ্টাৰ্টআপ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত সমগ্ৰ উত্তৰ-পূবৰ ৩৯টা ষ্টাৰ্টআপ, এফপিঅ’, বিত্তীয় প্ৰতিষ্ঠান আৰু ইনকিউবেটৰ প্ৰদৰ্শিত হ’ব। এই মঞ্চই আঞ্চলিক উদ্ভাৱনক গুৰুত্ব দিব আৰু বিনিয়োগকাৰী আৰু পৰিস্থিতিতন্ত্ৰ সক্ষমকাৰীৰ সৈতে অৰ্থপূৰ্ণ সংযোগ সক্ষম কৰিব।

আইআইচিএ উত্তৰ-পূব সন্মিলন ২০২৫ এক পৰিৱৰ্তনশীল অনুষ্ঠান হিচাপে স্থান লাভ কৰিছে, যিয়ে অঞ্চলটোৰ উদ্যোগীকৰণৰ সম্ভাৱনাক মুকলি কৰি দিয়ে আৰু জ্ঞান, নীতি, আৰু অংশীদাৰিত্বৰ জৰিয়তে স্থানীয় আকাংক্ষাৰ সৈতে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহক গুৰুত্ব প্ৰদান কৰিব।

***

NB/AD


(Release ID: 2143906)
Read this release in: English , Urdu , Hindi , Punjabi