ক'অপাৰেশ্বন মন্ত্ৰালয়
আজি নতুন দিল্লীৰ পি এইচ ডি হাউচত আয়োজিত পেকছত উদীয়মান প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে সমবায় মন্ত্ৰালয়ৰ সচিব ড° আশীষ কুমাৰ ভূটানীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত সমবায় মন্ত্ৰালয় গঠন কৰাটো এক ঐতিহাসিক পদক্ষেপ আছিল
হ্ৰস্বম্যাদী ঋণ প্ৰদানৰ সুবিধাৰ জৰিয়তে লাভাৱান্বিত হোৱা লোকৰ সংখ্যা ৪২% লৈ বৃদ্ধি পাইছে, যিয়ে এই কথা স্পষ্ট কৰি তুলিছে যে পিএচিএছ ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বাবে উপযোগী হৈছে
সমবায় বেংকিং গাঁথনিয়ে নতুন প্ৰযুক্তিক আঁকোৱালি ল’ব লাগে, তেওঁলোকৰ কাৰ্য্যকলাপত স্বচ্ছতা নিশ্চিত কৰিব লাগে আৰু নিজকে প্ৰতিযোগিতামূলক কৰি তুলিবলৈ তেওঁলোকৰ মানৱ সম্পদ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব লাগে
এতিয়া লক্ষ্য হৈছে ৮০,০০০ পিএচিএছ কম্পিউটাৰাইজ কৰি ভাৰত চৰকাৰৰ সকলো আঁচনি পিএচিএছৰ সৈতে একত্ৰিত কৰা আৰু সেইবোৰক সক্ৰিয় অৰ্থনৈতিক তথা সামাজিক সত্তালৈ ৰূপান্তৰ কৰা
মন্ত্ৰালয়ে উদীয়মান প্ৰযুক্তিসমূহ চিনাক্ত কৰি তথা সেইবোৰ একত্ৰিত কৰি পেকছক অন্তৰ্ভুক্ত, সক্ৰিয় কৰি তোলাৰ বাবে নিৰৱচ্ছিন্নভাৱে, দক্ষতাৰে আৰু স্বচ্ছতাৰে কাম কৰিছে
Posted On:
01 JUL 2025 5:10PM by PIB Guwahati



আজি নতুন দিল্লীৰ পি এইচ ডি হাউচত আয়োজিত “পেকছত উদীয়মান প্ৰযুক্তি” বিষয়ক কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত সমবায় মন্ত্ৰালয়ৰ সচিব ড০ আশীষ কুমাৰ ভূটানীয়ে ভাষণ প্ৰদান কৰে। পি এইচ ডি চি চি আইৰ চি ই অ’ শ্ৰীযুত ৰঞ্জিত মেহতা আৰু সমবায় মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া তথা অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়া, নাবাৰ্ড, এন চি ডি চি, এন এফ ডি বি, এন চি চি টি, এন চি চি এফ, আই এফ চি অ’, ক্ৰিভচিঅ’ আদিৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। কৰ্মশালাখনৰ আকৰ্ণণীয় কথাটো হৈছে এয়াই যে ইয়াত ১২ খন ৰাজ্যৰ পৰা পিএচিএছৰ ১২২ গৰাকী সদস্য আৰু সমবায় মন্ত্ৰালয়, ৰাজ্যসমূহৰ আৰ চি এছ আৰু বিভিন্ন আনুষংগিক মন্ত্ৰালয়/সংগঠনৰ বিষয়া তথা কৰ্মীসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত গ্ৰহণ কৰা আলোচনাৰ বিষয়সমূহৰ ভিতৰত আছিল ‘ডিজিটেল ইণ্ডিয়াৰ যুগত পিএচিএছ’, ‘লিভাৰেজিং প্ৰিচিচন এগ্ৰি টুলছ’, ‘এআই আৰু আইঅ’টি, সমবায় ফিনটেক আৰু নীতি উদ্ভাৱন’ তথা তামিলনাডু, জম্মু - কাশ্মীৰ আৰু মিজোৰামৰ সফলতাৰ কাহিনীৰ বিষয়ত আলোচনা আদি ।
অনুষ্ঠানত ভাষণ আগবঢ়াই সমবায় মন্ত্ৰালয়ৰ সচিব ড০ আশীষ কুমাৰ ভূটানীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহজীৰ নিৰ্দেশনাত ২০২১ চনৰ ৬ জুলাইত সমবায় মন্ত্ৰালয় গঠন কৰা হৈছিল, যি ভাৰত চৰকাৰে গ্ৰহণ কৰা এক ঐতিহাসিক পদক্ষেপ হিচাবে বিবেচিত হৈছে। সমবায় প্ৰতিষ্ঠানসমূহ ১০০ বছৰতকৈও অধিক পুৰণি, প্ৰথম এনে ঋণ প্ৰতিষ্ঠান ১৯০৪ চন আশে-পাশে চেন্নাইৰ ওচৰত গঢ় লৈ উঠিছিল। আজি ১৩ কোটিৰো অধিক সদস্যৰে ১ লাখতকৈ অধিক পিএচিএছ আছে।
ড০ আশীষ কুমাৰ ভুটানীয়ে কয় যে আজিও সামগ্ৰিকভাৱে হ্ৰস্বম্যাদী ঋণ প্ৰদানৰ ক্ষেত্ৰত সমবায় ঋণ প্ৰতিষ্ঠানৰ অংশ ১৫%লৈ হ্ৰাস পোৱাৰ পিছতো পেকছৰ হ্ৰস্বম্যাদী ঋণ প্ৰদানৰ সুবিধাৰ জৰিয়তে লাভৱান হোৱা লোকৰ সংখ্যা ৪২% লৈ বৃদ্ধি পাইছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে পেকছৰ দৰে প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সেৱা আগবঢ়োৱাত সফল হৈছে আৰু গ্ৰাম্য ভাৰতৰ উপযোগী বিবেচিত হৈছে।
ড০ আশীষ কুমাৰ ভুটানীয়ে লগতে কয় যে দেশৰ প্ৰায় ২০০০ বেংকিং অনুজ্ঞাপত্ৰৰ ভিতৰত ১৯০০ অনুজ্ঞাপত্ৰ সমবায় খণ্ডতে আছে, ১০০খন অনুজ্ঞাপত্ৰ অন্য বেংকৰ সৈতে আছে। গ্ৰাম্য এলেকাত সৰ্বনিম্ন ঋণ গাঁথনিয়ে নতুন প্ৰযুক্তিক আঁকোৱালি ল’ব পৰা নাই। যাৰ ফলত সীমিত বেংকিং সুবিধাৰ বাবে সমবায় বেংকৰ কাৰ্য্যকলাপ বহু পৰিমাণে বাধাপ্ৰাপ্ত হৈছে। তেওঁ কয় যে মন্ত্ৰালয় গঠনৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংক , বিত্ত মন্ত্ৰালয় আৰু আয়কৰ বিভাগৰ সৈতে সমবায় খণ্ডৰ বেংকিং বিষয়সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে। এতিয়া সমবায় বেংকিং গাঁথনিয়ে নতুন প্ৰযুক্তিক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে, তেওঁলোকৰ কাম-কাজত স্বচ্ছতা নিশ্চিত কৰাৰ লগতে নিজৰ মানৱ সম্পদৰ সমস্যাসমূহ সমাধান কৰি নিজকে প্ৰতিযোগিতামূলক কৰি তোলাৰ সময় আহি পৰিছে।
সমবায় মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে কয় যে পিএচিএছ পূৰ্বতে কেৱল ঋণৰ বাবে বা কৃষিৰ উদ্দেশ্যেহে আছিল। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশনাত মন্ত্ৰালয়ে সমাজৰ বাবে নিজৰ পৰিসৰ বৃদ্ধি কৰি পেকছক শক্তিশালী কৰি তোলাৰ লগতে কাৰ্যকৰী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কয় যে সমবায় মন্ত্ৰালয়ে ফেডাৰেল মডেলৰ অধীনত পিএচিএছক ২৬টা ভিন্ন ধৰণৰ কাৰ্য্যকলাপত জড়িত কৰি অধিক আত্মনিৰ্ভৰশীলতাৰে জীয়াই থাকিবলৈ সক্ষম কৰি তোলা আৰ্হিৰ উপ-বিধিসমূহ ৰচনা কৰিছে। সমবায় মন্ত্ৰালয়ে ৪ বছৰৰো কম সময়ৰ ভিতৰতে সমবায়ৰ বিভিন্ন স্তৰৰ সৈতে জড়িত ৬০+ পদক্ষেপ আৰম্ভ কৰিছে।
সমবায় মন্ত্ৰালয়ে গ্ৰহণ কৰা দ্বিতীয়টো ডাঙৰ পদক্ষেপ হৈছে সমবায়ৰ ৰাষ্ট্ৰীয় তথ্যকোষ গঠন, যিয়ে কেন্দ্ৰৰ লগতে ৰাজ্য উভয়কে সংশ্লিষ্ট ব্যৱধান চিনাক্ত কৰিবলৈ সক্ষম কৰি তুলিছে আৰু সমবায়ৰ নীতিৰ ভিত্তিত দেশৰ উন্নয়নৰ বাবে নিজ নিজ অঞ্চলত বিদ্যমান শূন্যতা পূৰণ কৰিবলৈ সমবায় প্ৰতিষ্ঠানসমূহৰ উন্নয়নৰ পৰিকল্পনা কৰিব পাৰিছে। সমবায় ঋণ প্ৰতিষ্ঠানৰ তৃণমূল পৰ্যায়ৰ কম্পিউটাৰাইজেচন , পিএচিএছ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত মন্ত্ৰালয়ে গ্ৰহণ কৰা তৃতীয়টো ডাঙৰ পদক্ষেপ। প্ৰায় ৩০০০ কোটি টকা আজিলৈকে পিএচিএছ কম্পিউটাৰাইজেচন আঁচনিত ব্যয় কৰা হৈছে আৰু এতিয়া যিটো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সেয়া হৈছে ৮০,০০০ পিএচিএছ ৰ কম্পিউটাৰাইজেচন তথা ভাৰত চৰকাৰৰ সকলো আঁচনি পিএচিএছৰ সৈতে একত্ৰিত কৰি সক্ৰিয় অৰ্থনৈতিক আৰু সামাজিক সত্তালৈ ৰূপান্তৰিত কৰা।
ড০ ভূটানীয়ে ৰে’লৱে টিকট কম্পিউটাৰাইজেচনৰ সৈতে পেকছ ডিজিটাইজেচনৰ সুবিধা তুলনা কৰি কয় যে ডিজিটাইজেশ্যনে পেকছৰ কাম-কাজত অধিক স্বচ্ছতা আনি দিছে আৰু এনেদৰে এই ব্যৱস্থাই পেকছক অধিক কাৰ্য্যকৰী কৰি তুলিব আৰু সামগ্ৰিকভাৱে সমাজৰ বাবে মূল্যৱান কৰি তুলিব।
ড০ আশীষ কুমাৰ ভূটানীয়ে লগতে কয় যে পেকছ হৈছে ৰাজ্যসমূহৰ এনে এটা প্ৰতিষ্ঠান যিটো আইনৰ দ্বাৰা সমৰ্থিত। ৰাজ্য চৰকাৰসমূহত এনে কম প্ৰতিষ্ঠানহে আছে যিবোৰ আইনৰ দ্বাৰা সমৰ্থিত। তেওঁ কয় যে ভাৰত চৰকাৰৰ বাবে “এক ষ্টপ শ্বপ” হোৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষমতা পেকছৰ আছে। তেওঁ কয় যে আমি মাত্ৰ পেকছসমূহে শেহতীয়া প্ৰযুক্তিসমূহ আঁকোৱালি লোৱাটো নিশ্চিত কৰিব লাগিব।
ড০ ভূটানীয়ে কয় যে আমাৰ কৃষক আৰু গ্ৰাম্য লোকসকলক বতৰৰ পৰামৰ্শ, দুৰ্যোগৰ সময়ত পৰামৰ্শ, বৰষুণৰ ভৱিষ্যদ্বাণী, কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰাৰ পৰামৰ্শ আৰু নতুন প্ৰযুক্তি ব্যৱস্থাটোৰ সৈতে সংযোগ কৰি আমাৰ গ্ৰাম্য ভাৰতক সজাগ আৰু শক্তিশালী কৰি তুলিব পাৰি। তেওঁ কয় যে পেকছক সৰ্বাংগীন, নিৰৱচ্ছিন্নভাৱে, দক্ষতাৰে আৰু স্বচ্ছতাৰে কাম কৰিব পৰাকৈ সক্ৰিয় কৰি তুলিবলৈ ব্যৱস্থাসমূহত উদীয়মান প্ৰযুক্তিসমূহ চিনাক্ত তথা একত্ৰিত কৰাটো মন্ত্ৰালয়ৰ প্ৰধান উদ্দেশ্য ।
মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ অংশ হিচাপে আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৰ্ষৰ অংশ হিচাপে ড০ আশীষ কুমাৰ ভূটানীয়ে এই উপলক্ষে “এক পেড় মা কে নাম”ৰ অধীনত এজোপা গছপুলি ৰোপণ কৰাৰ লগতে অংশগ্ৰহণকাৰী সমবায়ৰ সদস্যসকলে স্থাপন কৰা ষ্টলসমূহ পৰিদৰ্শন কৰে।
কৰ্মশালাত উপস্থিত থকা পেকছৰ সদস্যসকলে নিজৰ মত প্ৰকাশ কৰে। ৩খন কাৰিকৰী অধিৱেশনৰ উপৰি আঞ্চলিক আয়ুক্ত, ষ্টাৰ্ট আপ, আনুষংগিক মন্ত্ৰালয়ৰ সদস্য আৰু বহু শিক্ষাবিদেও ইয়াত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতাৰ কথা বিনিময় কৰে। আৰচিএছ আৰু জম্মু আৰু কাশ্মীৰ, তামিলনাডু আৰু মিজোৰামৰ সচিবসকলেও নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। । অংশগ্ৰহণকাৰী পেকছসমূহক প্ৰমাণ পত্ৰ বিতৰণৰ জৰিয়তে কৰ্মশালাৰ সামৰণি পৰে।
RK/VV/RR/PR/PS/DM
(Release ID: 2141343)