ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ইচিআইৰ তিনিটা নতুন পদক্ষেপ

ভোটাৰ তালিকা উন্নীতকৰণৰ বাবে মৃত্যু পঞ্জীয়নৰ তথ্য বৈদ্যুতিকভাৱে লাভ কৰিবলৈ বিএলঅ’ই ষ্টেণ্ডাৰ্ড ফটো আইডি পাব

ভোটাৰ ইনফৰ্মেচন স্লিপ অধিক ভোটাৰ অনুকূল কৰি তোলা হ’ব

Posted On: 01 MAY 2025 4:10PM by PIB Guwahati

ভাৰতীয় নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ শুদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত নাগৰিকসকলৰ বাবে ভোটদান প্ৰক্ৰিয়া অধিক সুবিধাজনক হৈ পৰিব। এই ব্যৱস্থাসমূহ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) শ্ৰী জ্ঞানেশ কুমাৰে চলিত বৰ্ষৰ মাৰ্চ মাহত নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত মুখ্য নিৰ্বাচনী বিষয়াৰ সন্মিলনৰ সময়ত গ্ৰহণ কৰা পদক্ষেপৰ সৈতে সামঞ্জস্যপূৰ্ণ।

এতিয়া আয়োগে ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০ৰ অধিনিয়ম ৯ আৰু জন্ম তথা মৃত্যু পঞ্জীয়ন আইন, ১৯৬৯ (২০২৩ চনত সংশোধিত)ৰ ধাৰা ৩(৫)(খ) অনুসৰি ভাৰতৰ মহাপঞ্জীয়কৰ পৰা বৈদ্যুতিকভাৱে মৃত্যু পঞ্জীয়নৰ তথ্য লাভ কৰিব। ইয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলে পঞ্জীয়নভুক্ত মৃত্যুৰ তথ্য সময়মতে লাভ কৰাটো নিশ্চিত হ’ব। ইয়াৰ দ্বাৰা বুথ স্তৰৰ বিষয়াসকলে (বিএলঅ’) প্ৰ-পত্ৰ ৭ৰ অধীনত আনুষ্ঠানিক অনুৰোধৰ বাবে অপেক্ষা নকৰাকৈ ক্ষেত্ৰ ভ্ৰমণৰ জৰিয়তে তথ্যসমূহ পুনৰ পৰীক্ষা কৰিবলৈও সক্ষম হ’ব

ভোটাৰ ইনফৰ্মেশ্যন স্লিপ (ভিআইএছ)ক অধিক ভোটাৰ অনুকূল কৰি তুলিবলৈ আয়োগে নিজৰ আৰ্হি সংশোধন কৰাৰো সিদ্ধান্ত লৈছে। ভোটাৰৰ ক্ৰমিক নম্বৰ আৰু অংশ নম্বৰ এতিয়া অধিক স্পষ্টভাৱে প্ৰদৰ্শিত হ’ব, আখৰৰ ফণ্টৰ আকাৰ বৃদ্ধি কৰা হ’ব, যাৰ ফলত ভোটাৰসকলে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰাটো সহজ হ’ব আৰু পোলিং বিষয়াসকলে ভোটাৰ তালিকাত নিজৰ নাম সহজে বিচাৰি উলিয়াব পাৰিব।

তদুপৰি আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ১৩বি (২)ৰ অধীনত ই আৰ অ’সমূহে নিযুক্তি দিয়া সকলো বি এল অ’ক স্বীকৃত ফটো পৰিচয় পত্ৰ প্ৰদান কৰিবলৈও নিৰ্দেশ দিছে, যাতে ভোটাৰ পৰীক্ষণ আৰু পঞ্জীয়ন অভিযানৰ সময়ত নাগৰিকে বি এল অ’সকলক স্বীকৃতি দিব পাৰে আৰু তেওঁলোকৰ সৈতে আত্মবিশ্বাসেৰে মত বিনিময় কৰিব পাৰে। নিৰ্বাচন সম্পৰ্কীয় কৰ্তব্য পালনত ভোটাৰ আৰু ইচিআইৰ মাজত প্ৰথম সংযোগস্থল হিচাপে ঘৰে ঘৰে যোৱাৰ সময়ত বিএলঅ’সকলক জনসাধাৰণে সহজে চিনাক্ত কৰিব পৰাটো গুৰুত্বপূৰ্ণ।

 

******

PK/GDH/RP/KD


(Release ID: 2138002)