ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
বহুভাষিক প্ৰশাসন ব্যৱস্থাৰ বাবে ‘ভাষিনী’ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ মিজোৰামৰ
কথিত ভাষাৰো ডিজিটেলকৰণ হ’ল মিজোৰামত: বুজাবুজি চুক্তিয়ে জনজাতীয় লোকসকলৰ সবলীকৰণৰ লগতে থলুৱা ভাষা সংৰক্ষণকো ত্বৰান্বিত কৰিব
Posted On:
18 JUN 2025 4:25PM by PIB Guwahati
সৰ্বাংগীন ডিজিটেল প্ৰশাসনৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগ (ডি আই বি ডি) আৰু মিজোৰাম চৰকাৰে বহুভাষিক প্ৰশাসন ব্যৱস্থাক প্ৰসাৰিত কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ লক্ষ্য হৈছে মিজো সমুদায়ক তেওঁলোকৰ মাতৃভাষাত ভাষা প্ৰযুক্তিৰ দিশেৰে সবলীকৰণ কৰা।

এই কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে মিজোৰামে ভাষিনীৰ অত্যাধুনিক আৰু উদ্ভাৱনীয় ভাষা মঞ্চক আঁকোৱালি ল’বলৈ সাজু হৈছে, আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ চহকী ভাষিক ঐতিহ্য সংৰক্ষণৰ লগতে সৰ্বাংগীন ডিজিটেল অন্তৰ্ভুক্তি আৰু সামগ্ৰিক নাগৰিক সমাজৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিক সুদৃঢ় কৰি তুলিছে।
২০২৫ চনৰ ১৮ জুনত নতুন দিল্লীৰ চি জি অ’ কমপ্লেক্সৰ MeitY কাৰ্যালয়ত জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। উল্লেখযোগ্য যে উপস্থিতসকলৰ ভিতৰত আছিল মিজোৰাম চৰকাৰৰ মুখ্য সচিব শ্ৰী খিল্লী ৰাম মীনা, আই এ এছ; মেইটীৰ অতিৰিক্ত সচিব শ্ৰী অভিষেক সিং, আই এ এছ; , মিজোৰাম চৰকাৰৰ আই চি টি আৰু সমবায় বিভাগৰ সচিব শ্ৰী অমিত শৰ্মা, আই এ এছ; আৰু ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগৰ মুখ্য কাৰ্যগবাহী বিষয়া শ্ৰী অমিতাভ নাগ। লগতে এই গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে MeitY, ডিজিটেল ইণ্ডিয়া ভাষিনী মণ্ডল, আৰু মিজোৰাম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৃন্দ।
এই বুজাবুজি চুক্তিখন মিজোৰামৰ প্ৰশাসন ব্যৱস্থাত থলুৱা ভাষাৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ উপৰিও ইয়াৰ চহকী ভাষিক ঐতিহ্য সংৰক্ষণ, আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ জৰিয়তে জনজাতীয় সমুদায়ক সবলীকৰণৰ বাবে চলি থকা প্ৰচেষ্টাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

মিজোৰাম চৰকাৰৰ মুখ্য সচিব শ্ৰী খিল্লী ৰাম মীনাই এই সন্দৰ্ভত আলোকপাত কৰি কয় যে “ভাষিনীৰ সৈতে এই অংশীদাৰিত্বই প্ৰতিগৰাকী মিজো নাগৰিকৰ বাবে ডিজিটেল প্ৰশাসন ব্যৱস্থাক সঁচা অৰ্থত সুলভ কৰি তুলিব। প্ৰযুক্তিক আঁকোৱালি লৈ আমাৰ ভাষা সংৰক্ষণ কৰি আমি মিজোৰামৰ বাবে ব্যাপক ৰূপত এক সৰ্বাংগীন ডিজিটেল ভৱিষ্যত গঢ়ি তুলিছো।”
ইফালে মেইটিৰ অতিৰিক্ত সচিব শ্ৰী অভিষেক সিং, আই এ এছ-এ কয় যে, “এই বুজাবুজি চুক্তিৰ জৰিয়তে ভাষিনীয়ে মিজোৰাম চৰকাৰক বহুভাষিক প্ৰশাসন ব্যৱস্থাক আগুৱাই নিয়াত আৰু ৰাজ্যখনৰ ভাষিক বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি উদ্ভাৱনক আদৰি লোৱাত যথেষ্ট সহায় কৰিব বুলি গৌৰৱ অনুভৱ কৰিছে। আমি একেলগে এনে এক ভৱিষ্যতৰ দিশত কাম কৰি আছো য’ত প্ৰতিগৰাকী ভাৰতীয়ই ভাষা নিৰ্বিশেষে, এক ডিজিটেল পৰিৱেশ তন্ত্ৰত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰাৰ লগতে ইয়াৰ দ্বাৰা লাভৱান্বিত হ’ব পাৰে।”
মিজোৰাম চৰকাৰৰ আইচিটি আৰু সমবায় বিভাগৰ সচিব আইএএছ বিষয়া শ্ৰী অমিত শৰ্মাই এই সন্দৰ্ভত কয় যে "ভাষিনীৰ বহুভাষিক প্ৰযুক্তিয়ে আমাৰ নাগৰিকসকলক সেৱা আগবঢ়োৱাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিব। এই সহযোগিতাই নিশ্চিত কৰে যে আমাৰ জনজাতীয় সমুদায়সমূহে নিজৰ মাতৃভাষাত ডিজিটেল সেৱাসমূহ লাভ কৰিব পাৰে, যাৰ ফলত প্ৰশাসন ব্যৱস্থা অধিক সম্পূৰ্ণ, সুলভ, আৰু সাংস্কৃতিকভাৱে সংবেদনশীল হৈ পৰিব।"
ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ নাগে এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে “এই সহযোগিতা কেৱল এক প্ৰযুক্তিৰ প্ৰয়োগ নহয়, ই ভাষিনী আৰু মিজোৰাম চৰকাৰৰ মাজত সহযোগিতাৰে সৃষ্টি কৰা প্ৰচেষ্টা, যাক ইয়াৰ জনসাধাৰণৰ ভাষাৰে কোৱা প্ৰশাসন ব্যৱস্থাৰ ডিজাইন কৰা হৈছে।”
কৌশলগত অংশীদাৰিত্বৰ লক্ষ্য হৈছে নিম্নোক্ত দিশবোৰ আহৰণ কৰা
- বৰ্ধিত নাগৰিক সেৱা – মিজো আৰু অন্যান্য স্থানীয় ভাষাত চৰকাৰী আঁচনি, সেৱা, আৰু তথ্যৰ অন্তৰ্ভুক্তি সক্ষম কৰি।
- সৰ্বাঙ্গীন প্ৰশাসন – ৰাজহুৱা প্ৰশাসনত ভাষাৰ বাধা আঁতৰাই এই পদক্ষেপে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত স্বচ্ছতা, বিশ্বাস, আৰু অংশগ্ৰহণক প্ৰসাৰিত কৰে।
- ডিজিটেল সবলীকৰণ – এই অংশীদাৰিত্বই নিশ্চিত কৰে যে ভাষাৰ বাধাৰ বাবে কোনো নাগৰিক যাতে পিছ পৰি থাকিবলগীয়া নহয়, যাৰ ফলত প্ৰযুক্তি আৰু প্ৰশাসন দুয়োটাকে প্ৰকৃততে সকলোৰে বাবে সুলভ আৰু আহৰণযোগ্য কৰি তোলা হয়।
- মিজো ভাষাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল উন্নীতকৰণ - এই সহযোগিতাই ভাৰতৰ বহুভাষিক ডিজিটেল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি সঠিক, সাংস্কৃতিকভাৱে প্ৰাসংগিক অনুবাদ সঁজুলি বিকশিত কৰিবলৈ মিজো ভাষাৰ ডাটাছেট আৰু এআই মডেল বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিব।
বহুভাষিক সমাধানৰ ফলপ্ৰসূ ৰূপায়ণত সহায় কৰিবলৈ আইজলত অতি সোনকালে এখন ভাষিনী ৰাজ্যম কৰ্মশালা অনুষ্ঠিত হ’ব, য’ত ৰাজ্যৰ বিষয়াবৃন্দ, স্থানীয় অংশীদাৰ, আৰু প্ৰযুক্তি অংশীদাৰসকলক একত্ৰিত হ’ব।
কৰ্মশালাখনত কাৰ্যসূচী ৰূপায়ণ, সামৰ্থ্য বিকাশ, আৰু বিভিন্ন বিভাগত ভাষা প্ৰযুক্তিৰ প্ৰয়োগ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
এই সহযোগিতাই ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগ (ডি আই বি ডি), ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, আৰু মিজোৰাম চৰকাৰৰ উমৈহতীয়া দৃষ্টিভংগীক প্ৰতিফলিত কৰে যাতে সকলো নাগৰিকৰ বাবে ডিজিটেল অন্তৰ্ভুক্তি নিশ্চিত হয় আৰু ভাষিকভাৱে এক সজীৱ ভৱিষ্যত গঢ়ি তোলাৰ পৰিকল্পনা সফল হয়।
*****
Dharmendra Tewari/ Navin Sreejith
(Release ID: 2137576)