আয়ুষ
প্ৰধানমন্ত্ৰীৰ আহ্বানত সুস্থতাৰ নামত ঐক্যবদ্ধ হৈছে ভাৰত: ১০,০০০ৰো অধিক সংস্থাই ‘যোগ সংগম’ৰ বাবে কৰিছে পঞ্জীয়ন
Posted On:
27 MAY 2025 6:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ কাৰ্যক্ৰমৰ ‘১২২ সংখ্যক খণ্ড’ত ভাৰতৰ কৰ্পৰেট সংস্কৃতিত ক্ৰমবৰ্ধমান হাৰত ‘যোগ’-ৰ একত্ৰীকৰণক প্ৰশংসা কৰি ইয়াক ৰাষ্ট্ৰীয় সুস্থতাৰ প্ৰতি ব্যক্তিগত খণ্ডৰ দায়বদ্ধতাৰ এক শক্তিশালী সূচক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে জনোৱা এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১০,০০০ৰো অধিক সংস্থাই ‘যোগ সংগম’-ৰ বাবে পঞ্জীয়ন কৰিছে, যিটো কাৰ্যক্ৰম দেশৰ ইতিহাসৰ আটাইতকৈ বৃহত্ সম্প্ৰদায়-সঞ্চালিত সুস্থতা অনুষ্ঠান হোৱাৰ বাবে সাজু হৈছে।
প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ ভাষণৰ সময়ত কয়, ‘আমাৰ কৰ্প’ৰেটসমূহো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। কিছুমান প্ৰতিষ্ঠানে নিজৰ কাৰ্যালয়ত যোগাভ্যাসৰ বাবে আচুতীয়া স্থান সজাই ৰাখিছে। কিছুমান ষ্টাৰ্ট-আপে ‘অফিচ যোগা আৱাৰ্ছ’ নিৰ্দ্ধাৰণ কৰিছে। ব্যক্তিগত খণ্ডই দেশৰ স্বাস্থ্য আন্দোলনত কেনেদৰে অৰিহণা যোগাইছে এয়া হৈছে তাৰে এক ইতিবাচক লক্ষণ।
২০২৫ চনৰ ২১ জুনত ‘যোগ সংগম’ৰ প্ৰস্তুতিয়ে শিখৰত আৰোহণ কৰিব, কিয়নো বৰফাবৃত হিমালয়ৰ শিখৰৰ পৰা আৰম্ভ কৰি ৰ’দত জলমল উপকূলীয় মন্দিৰলৈকে – সমগ্ৰ ভাৰতৰ এক লাখৰো অধিক স্থান যোগাভ্যাসৰ সজীৱ কেন্দ্ৰলৈ ৰূপান্তৰিত হ’বলৈ সাজু হৈছে। অংশগ্ৰহণকাৰীসকলে শ্বাস ল’ব, নিশ্বাস এৰিব, আৰু সমন্বয়ৰে গতি কৰিব, যিয়ে বিশ্বৰ প্ৰতি ভাৰতৰ কালজয়ী উপহাৰ– ‘যোগ’ক ঐক্য, স্বাস্থ্য আৰু আভ্যন্তৰীণ শান্তিৰ বাবে এক শক্তি হিচাপে মূৰ্ত কৰি তুলিব।
‘যোগ সংগম’ত কেনেকৈ অংশগ্ৰহণ কৰিব:
১/ yoga.ayush.gov.in/yoga-sangam –ত সবিশেষ লাভ কৰক
২/ আপোনালোকৰ গোটটো বা সংস্থাটো পঞ্জীয়ন কৰক
৩/ ২০২৫ চনৰ ২১ জুন তাৰিখে আপোনালোকে যোগাসন অধিৱেশন আয়োজন কৰক
৪/ অনুষ্ঠানৰ পিছত অংশগ্ৰহণৰ সবিশেষ ‘আপলোড’ কৰি আনুষ্ঠানিকভাৱে প্ৰশংসাৰ প্ৰমাণ পত্ৰ লাভ কৰক
এই উদযাপন যোগাসনৰ অধিৱেশনতকৈয়ো অধিক — ই হৈছে সম্প্ৰদায়, কৰ্মক্ষেত্ৰ, বিদ্যালয়, আৰু ব্যক্তিৰ দ্বাৰা পৰিচালিত এক ৰাষ্ট্ৰীয় আন্দোলন। ই হৈছে সুস্থতাৰ এক সমন্বিত লহৰ, যিয়ে প্ৰতিগৰাকী নাগৰিকক একেলগে উশাহ ল’বলৈ আৰু সুস্থ হ’বলৈ, অধিক লয়বদ্ধ ভাৰতত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়।
আন্দোলনত যোগদান কৰক
আপুনি কৰ্পৰেট নেতা, শিক্ষক, ছাত্ৰ, গৃহিণী, বা স্বাস্থ্যৰ প্ৰতি আগ্ৰহী যিয়েই নহওক কিয়— ‘যোগ সংগম’-য়ে আপোনাক এটা ঐতিহাসিক আন্দোলনৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছে। আহক আমি মুকলি আকাশৰ তলত একত্ৰিত হওঁ আৰু সুস্থ জাতিৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰোঁ৷
****
MV/AKS/KB
(Release ID: 2131769)