উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সন্মিলনৰ প্ৰাৰম্ভিক অনুষ্ঠানত সভাপতিত্ব কৰিলে কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই
                    
                    
                        উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলন প্ৰাৰম্ভিক অনুষ্ঠানৰ আয়োজন কৰে  ড’নাৰ মন্ত্ৰালয়ে; শ্ৰী সিন্ধিয়াই  উত্তৰ-পূবক  ভৱিষ্যতৰ বিকাশৰ কেন্দ্ৰ হিচাপে অভিহিত কৰে
উত্তৰ পূৰ্বাঞ্চলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰা নাই, ই নিজেই নিজক নিৰ্মাণ কৰিছে, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়াই  উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাৰম্ভিক অনুষ্ঠানত  কয়
                    
                
                
                    Posted On:
                14 MAY 2025 7:32PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় যোগাযোগ  তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত আজি ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সন্মিলনৰ এখন সংবাদমেল অনুষ্ঠিত কৰা হয় । 
 
এই অনুষ্ঠানত ড’নাৰ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী  শ্ৰীযুত সুকান্ত মজুমদাৰ , ড’নাৰ মন্ত্ৰালয়ৰ সচিব  শ্ৰী চঞ্চল কুমাৰ, এ.ডি.জি, পিআইবি – মিছ মনীষা বার্মা, ড’নাৰ মন্ত্ৰালয়ৰ পৰিসংখ্যা সম্পৰ্কীয়  পৰামৰ্শদাতা,  শ্ৰী ধৰ্মবীৰ ঝাকে ধৰি মন্ত্ৰালয়ৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল অনুষ্ঠানত উপস্থিত থাকে।
সংবাদমাধ্যমৰ আগত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ প্ৰাৰম্ভিক অনুষ্ঠানলৈ  সকলোকে আদৰণি জনাই কয় যে ভৱিষ্যতে ভাৰতৰ বাবে সৰ্বাধিক সম্ভাৱনা বহন কৰা  উত্তৰ-পূৰ্বাঞ্চলে বিভিন্ন ক্ষেত্ৰত  আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, “এই অনুষ্ঠানে আমাৰ অষ্ট লক্ষ্মীৰ সমৃদ্ধিৰ কথা – আমাৰ আঠখন ৰাজ্য, যিবোৰ ৰাজ্যই  আমাৰ দেশে প্ৰতিনিধিত্ব কৰা পৰিৱৰ্তনশীল বৃদ্ধিৰ মূলতে আছে, সেয়া প্ৰদৰ্শন কৰিব।” 
 
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰীৰ সংকল্প, তেওঁৰ দায়বদ্ধতা, তেওঁৰ দৃষ্টিভংগীক সাৰোগত কৰি  ২০৪৭ চনৰ ভিতৰত ভাৰতক  বিকশিত কৰি তোলাৰ ক্ষেত্ৰত উত্তৰ-পূব অঞ্চলটোৱে মুখ্য ভূমিকা গ্ৰহণ কৰিব।’
 
মন্ত্ৰীগৰাকীয়ে কয় যে  বাজেট সহায়ৰ (GBS) ১০ শতাংশ , যাৰ পৰিমাণ  প্ৰায় এক লাখ কোটি টকা হব, সেয়া  উত্তৰ-পূবত  বিনিয়োগ কৰা হৈছে। 
 
তেওঁ লগতে কয়, “উত্তৰ-পূবৰ সাংস্কৃতি ঐতিহ্যৰ  লগতে প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ তথা উত্তৰ-পূবৰ ভৌগোলিক অৱস্থানে এই অঞ্চলটোক বিশ্বৰ বাবে  দক্ষিণ-পূব এছিয়াৰ  আটাইতকৈ শক্তিশালী প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰিছে।” 
 
মন্ত্ৰীগৰাকীয়ে কয়, “যোৱা ১০ বছৰত কৰা  বিনিয়োগ, আন্তঃগাঁথনিৰ বিকাশ, স্বাস্থ্যসেৱাৰ বিকাশ, শিক্ষাৰ বিকাশ  আদিয়ে  প্ৰধানমন্ত্ৰীৰ সংকল্পৰ কথাই পুনৰ প্ৰতীয়মান কৰিছে।  যোৱা ১০ বছৰে  উত্তৰ-পূবে  উন্নয়নৰ বাবে এখন   মঞ্চ বিচাৰি পাইছে। উত্তৰ-পূব  অৰ্থনৈতিক শক্তি হৈ উঠাৰ প্ৰচুৰ  সম্ভাৱনা আছে, এয়া কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবেও।” তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰা নাই, বৰঞ্চ  ই নিজকে গঢ়ি তুলিছে।
 
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো যে এই  অঞ্চলটোৰ ভৱিষ্যতৰ সোপান ৰচনা কৰা এটা নতুন যুগৰ আৰম্ভণিৰ সাক্ষী হ’বলৈ আপোনালোকেও এই অনুষ্ঠানত  যোগদান কৰক। যিটো যুগে কেৱল উত্তৰ-পূবৰ বাবেই নহয়, ভাৰতৰ বাকী অংশৰ লগতে  দক্ষিণ-পূব এছিয়াৰ বাবেও সমৃদ্ধিৰ প্ৰতিশ্ৰুতি বহন কৰিছে।’
 
শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই লগতে কয়  যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ  শোভাবৰ্ধন কৰিব বুলি  সন্মতি দিছে। ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ সন্মিলনত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, সাংসদ, কূটনীতিবিদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ  মাননীয় মুখ্যমন্ত্ৰীসকলে  অংশগ্ৰহণ কৰিব।
 
অনুষ্ঠানত ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে উত্তৰ-পূবৰ আঠখন ৰাজ্যকে সামৰি লোৱা মূল বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে আলোকপাত কৰে।শ্ৰী চঞ্চল কুমাৰে উত্তৰ-পূবত বিনিয়োগ  প্ৰসাৰিত কৰাৰ বাবে মুম্বাই, বাংগালুৰু, আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, কলকাতা, গুৱাহাটী আৰু নতুন দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন চহৰত ড’নাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজন কৰা বিভিন্ন বিনিয়োগকাৰীৰ ৰোডশ্ব’ৰ বিষয়ত আলোকপাত কৰে। 
 
ড’নাৰ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে লগতে  জনোৱা মতে, ড’নাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত প্ৰি-ছামিট কাৰ্যসূচীয়ে উত্তৰ-পূবৰ সকলো ৰাজ্যতে ১ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিছে। শীৰ্ষ সন্মিলনৰ প্ৰাকক্ষণত ২০২৫ চনৰ ১৫ এপ্ৰিলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ  সমন্বয়ত সুষমা স্বৰাজ ভৱনত এখন ৰাষ্ট্ৰদূত সভাৰ আয়োজন কৰা হয়। এই সভাৰ উদ্দেশ্য আছিল অঞ্চলটোলৈ বিদেশী বিনিয়োগকাৰীকআকৰ্ষণ কৰা।  এই অনুষ্ঠানত ৭৫খনতকৈও অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ  অভূতপূৰ্ব অংশগ্ৰহণে  উত্তৰ-পূব অঞ্চলটোত বিনিয়োগৰ সম্ভাৱনাক বঢ়াই তুলিছে।  কাৰণ সকলোৱেইয়াত বিনিয়োগ কৰিবলৈ  আগ্ৰহ প্ৰকাশ কৰিছে।  বহু উদ্যোগ,  বিনিয়োগকাৰীয়ে ইতিমধ্যে বৃহৎ পৰিমাণৰ বিনিয়োগৰ  প্ৰতিশ্ৰুতি দিছে। এক লাখ কোটি টকাৰো অধিক টকাৰ বুজাবুজি চুক্তি আৰু লেটাৰ অন ইনটেণ্ট স্বাক্ষৰিত হৈছে।
 
উত্তৰ-পূব অঞ্চলত বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিটৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী, যেনে- বিনিয়োগ ৰোডশ্ব’, এম্বেছাদৰ মিট, দ্বিপাক্ষিক চেম্বাৰ মিট ইত্যাদি আয়োজন কৰা  হৈছে । শীৰ্ষ সন্মিলনৰ কেন্দ্ৰবিন্দু হিচাবে বিবেচিত খণ্ডসমূহৰ ভিতৰত আছে পৰ্যটন আৰু আতিথ্য, কৃষি- খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংশ্লিষ্ট খণ্ড; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প, স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আই টি/আই টি ই এছ; আন্তঃগাঁথনি আৰু লজিষ্টিক; শক্তি; আৰু মনোৰঞ্জন তথা  ক্ৰীড়া।
 
ড’নাৰ মন্ত্ৰালয়ৰ  উত্তৰ-পূবক সুযোগৰ এলেকা  হিচাপে উপস্থাপন কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে।  বিশ্ব আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষণ কৰি, মূল অংশীদাৰ, বিনিয়োগকাৰী, আৰু নীতি নিৰ্ধাৰকসকলক একক মঞ্চত একত্ৰিত কৰি এনে কৰাৰ প্ৰয়াস চলোৱা হৈছে। চৰকাৰী আন্তঃগাঁথনি উন্নীতকৰণ আৰু লক্ষ্যভিত্তিক দক্ষতা বিকাশৰ পদক্ষেপৰ দ্বাৰা ব্যৱসায়িক-বন্ধুত্বপূৰ্ণ পৰিৱেশ শক্তিশালী কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থাই অঞ্চলটোৰ বিশাল সম্ভাৱনাৰ কথাই পুনৰবাৰ প্ৰতিফলিত কৰিছে।  
ভিজন ২০৪৭ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উত্তৰ-পূবক ভাৰতৰ আটাইতকৈ সমৃদ্ধিশালী অঞ্চল — ষ্টাৰ্টআপৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ,  বিদেশলৈ উদ্যান শস্যৰ সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত আগশাৰীৰ ৰপ্তানিকাৰক হিচাবে আৰু ভাৰতৰ পৰ্যটনৰ মধ্যমণি হিচাপে স্থান দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। 
 
ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সন্মিলনৰ বিষয়ে অধিক তথ্য তলত দিয়া লিংকসমূহত লাভ কৰিব পাৰিব:
 
Website: https://risingnortheast.in/
Facebook: https://www.facebook.com/MdonerIndia
Instagram: https://www.instagram.com/donerindia/?next=%2F
***
Samrat/Allen/DM
                
                
                
                
                
                (Release ID: 2128776)
                Visitor Counter : 5