গৃহ মন্ত্ৰালয়
নতুন দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধা জনাই বডোফা প্ৰতিমূৰ্তি উন্মোচন আৰু পথ আৰু ৰ''টাৰীৰ নামকৰণ কৰিলে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি কেৱল বড়োলেণ্ডলৈ নহয়, নিজৰ ভাষা আৰু ধৰ্মৰ বিকাশৰ বাবে সংগ্ৰাম কৰা দেশৰ সকলো জনসাধাৰণৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি
নতুন দিল্লীৰ বডোফাৰ প্ৰতিমূৰ্তি সমগ্ৰ দেশৰ জনজাতীয় সমাজৰ আত্মসন্মানৰ প্ৰতীক
বডোফা কেৱল বড়োলেণ্ড আৰু বড়ো জনগোষ্ঠীৰ বাবেই নহয়, সমগ্ৰ জনজাতীয় সম্প্ৰদায়ৰ বাবেও সন্মান, পৰিচয় আৰু সম অধিকাৰৰ বাবে শান্তিপূৰ্ণ যুঁজ দিয়াৰ বাবে পৰিচিত
আমি বড়ো চুক্তিৰ ৯৬শতাংশ সমস্যা সমাধান কৰিছো আৰু অতি সোনকালে ১০০শতাংশ সমস্যা সমাধান কৰিম
উত্তৰ-পূৰ্বাঞ্চলত মোদী চৰকাৰে ২০খনতকৈও অধিক চুক্তি কৰিছে, ইয়াৰ পৰা ১০ সহস্ৰাধিক লোকে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ ঘূৰি আহিছে আৰু বিগত ৩-৪ বছৰত ৭৮শতাংশ বিষয় মোদী চৰকাৰে পূৰণ কৰিছে
এতিয়া বড়ো যুৱক-যুৱতীসকলে বাথৌ ধৰ্মৰ মৌলিক ধাৰণাটো জীয়াই ৰাখিবলৈ দিয়া নীতিৰে আগুৱাই নিয়াৰ লগতে অসমৰ উন্নয়নত অৰিহণা যোগোৱা উচিত
Posted On:
01 MAY 2025 8:54PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁৰ এটা পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে পথ আৰু ৰ’টাৰীৰ নামকৰণ কৰে। এই উপলক্ষে অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গোটেই জীৱন নিজৰ সম্প্ৰদায় আৰু অঞ্চলৰ সন্মান আৰু অধিকাৰৰ বাবে যুঁজ দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি ৩৫সংখ্যক মৃত্যু বাৰ্ষিকী। তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আজি তেওঁৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি আৰু ৰাজধানী দিল্লীৰ এটা গুৰুত্বপূৰ্ণ পথৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ নামেৰে নামাকৰণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি কেৱল বড়োলেণ্ডলৈ নহয়, নিজৰ ভাষা আৰু ধৰ্মৰ উন্নয়নৰ বাবে সংগ্ৰাম কৰা দেশৰ সকলো জনসাধাৰণৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। নতুন দিল্লীৰ বডোফাৰ প্ৰতিমূৰ্তি সমগ্ৰ দেশৰ জনজাতীয় সমাজৰ আত্মসন্মানৰ প্ৰতীক।
শ্ৰী শ্বাহে কয় যে দিল্লীত স্থাপন কৰা প্ৰতিমূৰ্তিটো কেৱল বড়োলেণ্ডৰ সন্মানৰ বিষয় নহয়, বৰঞ্চ সমগ্ৰ দেশৰ ক্ষুদ্ৰ জনজাতিসকলে নিজৰ ভাষা, ধৰ্ম, জাতি আৰু জনসাধাৰণৰ উত্থান আৰু বিকাশৰ বাবে কৰা সংগ্ৰামৰ বাবেও জনোৱা এক সন্মান।
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গৃহমন্ত্ৰীগৰাকীয়ে এই আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক কয় যে এয়া কেৱল তেওঁলোকৰ ক্ষতি নহয় সমগ্ৰ দেশৰ ক্ষতি। শ্ৰী শ্বাহে কয় যে পেহেলগামৰ আক্ৰমণত প্ৰাণ হেৰুৱাৰ যন্ত্ৰণা তেওঁলোকৰ পৰিয়ালবৰ্গৰ হৃদয়ত যিমান আছে, সিমান যন্ত্ৰণা দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত আছে। তেওঁ কয় যে কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য সহনশীলতা নীতি আছে আৰু আমি সেইবোৰৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজি আছো। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীয়ে আজি আমাৰ নাগৰিকৰ প্ৰাণ কাঢ়ি এই যুদ্ধত জয়ী হৈছে বুলি ভবাটো অনুচিত। শ্ৰী শ্বাহে কয় যে এই যুঁজৰ অন্ত নাই আৰু সন্ত্ৰাসবাদৰ বাবে দায়ী প্ৰতিজন ব্যক্তিক উত্তৰ দিয়া হ’ব আৰু উত্তৰ দিবলৈও কোৱা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ বিদ্ৰোহেই হওক, মাওবাদী সমস্যাই হওক বা কাশ্মীৰৰ সন্ত্ৰাসবাদেই হওক, এই সকলোবোৰক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হৈছে। তেওঁ কয় যে যদি কোনোবাই কাপুৰুষৰ দৰে আক্ৰমণ কৰি জয়ী হোৱা বুলি ভাবে, তেন্তে তেওঁলোকে জনা উচিত যে এইখন মোদী চৰকাৰ যি কাকো ৰেহাই নিদিয়ে। গৃহমন্ত্ৰী শ্বাহে কয় যে মোদী চৰকাৰে ভাৰত ভূমিৰ পৰা সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি পেলোৱাৰ সংকল্প পূৰণ কৰিব। তেওঁ কয় যে এই যুঁজত কেৱল ১৪০ কোটি ভাৰতীয়ই নহয় সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে থিয় দিছে। বিশ্বৰ সকলো দেশেই ঐক্যবদ্ধভাৱে ভাৰতৰ জনসাধাৰণৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত থিয় দিছে। তেওঁ কয় যে সন্ত্ৰাসবাদ নিৰ্মূল নোহোৱালৈকে আমাৰ যুঁজ চলি থাকিব আৰু যিসকলে এই অপকৰ্ম কৰিছে তেওঁলোকক নিশ্চিতভাৱে শাস্তি দিয়া হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৯ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। বডোফা কেৱল বড়োলেণ্ড আৰু বড়ো সম্প্ৰদায়ৰ বাবেই নহয় সমগ্ৰ জনজাতীয় সম্প্ৰদায়ৰ বাবেও সন্মান, পৰিচয় আৰু সম অধিকাৰৰ বাবে দিয়া যুঁজৰ বাবে পৰিচিত। শ্ৰী শ্বাহে কয় যে দেশৰ এক দুৰ্গম অঞ্চলত জন্ম হোৱা এগৰাকী জনজাতীয় শিশুৱে সমগ্ৰ জনজাতীয় সমাজখনক একত্ৰিত কৰি শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ শিকাইছিল। বডোফাই চৰম দাৰিদ্ৰতাত জীৱন কটোৱা সকলো জনগোষ্ঠীৰ লোকক একত্ৰিত কৰিছিল। শ্ৰী শ্বাহে কয় যে আজি যদিও বডোফা নাই, কিন্তু তেওঁ জীয়াই থাকিবলৈ দিয়া সূত্ৰ সমগ্ৰ বড়োলেণ্ড আৰু জনজাতীয় সমাজে গ্ৰহণ কৰিছে। তেওঁ কয় যে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ ত্যাগৰ বিনিময়ত আজি আমাৰ বড়োলেণ্ড শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে। আজি সমগ্ৰ অসমে বড়োলেণ্ডৰ ৰাইজক মানি লৈছে আৰু বডোলেণ্ডে অসমক মানি লৈছে। তেওঁ কয় যে আমাৰ সকলোৰে দৰেই এই দেশৰ ওপৰত বড়ো জনগোষ্ঠীৰ অধিকাৰ আছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত চলি থকা চৰকাৰখনে বিশ্বাস কৰে যে ভাৰতৰ ওপৰত সকলোৰে অধিকাৰ আছে আৰু ভাৰতৰ সকলোৰে ওপৰত অধিকাৰ আছে আৰু এই নীতিৰ অধীনত আজি বড়োলেণ্ড উন্নয়নৰ পথত আগবাঢ়িছে।
শ্ৰী অমিত শ্বাহে কয় যে ৯ মাহৰ বিস্তৃত আলোচনাৰ অন্তত ২০২০ চনত বডো চুক্তি স্বাক্ষৰিত হোৱাৰ লগতে সকলো ৰাইজে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ ঘূৰি আহিছে। তেওঁ কয় যে মোদী চৰকাৰে যি চুক্তি কৰে তাক মানি চলে। আমাৰ চৰকাৰেও পূর্বৰ চৰকাৰৰ কার্যকালত হোৱা চুক্তিসমূহ মানি চলিছে৷ তেওঁ কয় যে আমি বড়ো চুক্তিৰ ৯৬শতাংশ সমস্যা সমাধান কৰিছো আৰু শীঘ্ৰে ১০০ শতাংশ সমস্যা সমাধান কৰিম। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰৰ এয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণলৈ এক বৃহৎ উপহাৰ। উত্তৰ-পূৰ্বাঞ্চলত মোদী চৰকাৰে ২০খনতকৈও অধিক চুক্তি স্বাক্ষৰ কৰাৰ লগতে ১০ সহস্ৰাধিক লোকে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ ঘূৰি আহিছে বুলিও তেওঁ কয়। ২০খনতকৈও অধিক চুক্তিত যোৱা ৩-৪ বছৰত ৭৮ শতাংশ বিষয় মোদী চৰকাৰে পূৰণ কৰিছে। তেওঁ কয় যে ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে আমি যি কওঁ তাকেই কৰোঁ আৰু আজি সমগ্ৰ অসম শান্তিৰ পথত আগবাঢ়িছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বড়ো যুৱক-যুৱতীসকলে বাথৌ ধৰ্মৰ মৌলিক ধাৰণাটো জীয়াই ৰাখিবলৈ দিয়া নীতিৰে আগুৱাই নিয়াৰ লগতে অসমৰ উন্নয়নত অৰিহণা যোগোৱা উচিত। তেওঁ কয় যে আজি অসম সমগ্ৰ দেশতে ঔদ্যোগিক বিনিয়োগৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু অসমত বহু উদ্যোগৰ বিকাশ ঘটিছে। তেওঁ কয় যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত ২২০টাতকৈও অধিক জনগোষ্ঠী, ১৬০টাতকৈও অধিক জনজাতি, ২০০ৰো অধিক ভাষা আৰু উপভাষা, অৰ্ধশতাধিক অনন্য উৎসৱ, ৩০টাতকৈও অধিক পৰম্পৰাগত নৃত্য শৈলী আৰু ১০০ টাতকৈও অধিক সুস্বাদু খাদ্য আছে। উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ এক অমূল্য ৰত্ন বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বহু কাম কৰিছে। শ্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত ৫০বাৰতকৈ অধিক ভ্ৰমণ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও কেইবাবাৰো বডোলেণ্ডৰ দৰে দুৰ্গম অঞ্চল পৰিদৰ্শন কৰিছে, যাৰ পৰা বুজা যায় যে আমাৰ উত্তৰ-পূৰ্বাঞ্চল দেশৰ এক অতি বৃহৎ আৰু গুৰুত্বপূৰ্ণ অংশ। উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু শক্তি অমূল্য বুলি উল্লেখ কৰি তেওঁ কয় যে মোদী চৰকাৰে সমগ্ৰ দেশৰ শক্তিক উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে কাম কৰি আছে।.
****
RK/VV/PS/DB
(Release ID: 2125980)
Visitor Counter : 42