নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতৰ সৰ্ববৃহৎ ক্ৰুজ টাৰ্মিনেল মুম্বাইৰ এমআইচিটিৰ পৰা ক্ৰুজ অপাৰেচনৰ শুভাৰম্ভনি অনুষ্ঠানৰ নেতৃত্ব দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
সৰ্বানন্দ সোণোৱালে কোলাবাৰ আন দুটা ঐতিহ্যমণ্ডিত ভৱনৰ লগতে ভিক্টোৰিয়া ডকছত সংস্কাৰ সাধন কৰা ফায়াৰ স্মৃতিসৌধ উদ্বোধন কৰে; ‘সাগৰ উপবন’ উদ্যানৰ লগতে শ্ব’ৰ টু শ্বিপ ইলেক্ট্ৰিক চাপ্লাইৰ সৈতে বুষ্ট টু গ্ৰীণ প’ৰ্ট ইনিচিয়েটিভছ মুকলি কৰে
বন্দৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু কাৰ্গো পৰিবহনৰ সুবিধাৰ লক্ষ্যৰে বাধৱন বন্দৰৰ কৌশলগত উন্নয়নৰ তিনিখন বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে
বাধৱন বন্দৰত ৫৭০০ কোটি টকাৰ ইনফ্ৰা প্ৰজেক্ট ডেভেলপমেণ্টৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে
Posted On:
21 APR 2025 6:43PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত ভাৰতৰ সৰ্ববৃহৎ ক্ৰুজ টাৰ্মিনেল মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল (এমআইচিটি)ৰ পৰা ক্ৰুজ অপাৰেচনৰ শুভাৰম্ভনি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিক্টোৰিয়া ডকছত সংস্কাৰ সাধন কৰা ফায়াৰ স্মৃতিসৌধ উদ্বোধন কৰাৰ লগতে দুটা ঐতিহ্যমণ্ডিত ভৱন — ফ’ৰ্ট হাউছ বেলাৰ্ড এষ্টেট আৰু কোলাবাত ইভেলিন হাউছ উদ্বোধন কৰে। সোণোৱালে গ্ৰীণ প’ৰ্ট ইনিচিয়েটিভৰ অধীনত শ্ব’ৰ টু শ্বিপ ইলেক্ট্ৰিক চাপ্লাইৰ লগতে সাগৰ উপবন উদ্যানো উদ্বোধন কৰে।
ক্ৰুজ ভাৰত মিছনৰ সৈতে সংগতি ৰাথি বিকশিত কৰা এই এম আই চি টি শেহতীয়া বিশ্ব মান অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ভাৰতত ক্ৰুজ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৪,১৫,০০০ বৰ্গফুটতকৈ অধিক বিল্ড আপ এলেকাত বিস্তৃত এই এম আই চি টি বেলাৰ্ড ঘাটত বিকশিত কৰা হৈছে। এম আই চি টি হৈছে ভাৰতৰ সৰ্ববৃহৎ বিশ্বমানৰ ক্ৰুজ টাৰ্মিনেল। ই প্ৰথম দুটা মহলাত (জি+১) ২,০৭,০০০ বৰ্গফুট এলেকাত বিস্তৃত ৭২টা চেক ইন আৰু ইমিগ্ৰেচন কাউণ্টাৰৰ সৈতে সজ্জিত হোৱাৰ বিপৰীতে বাকী দুটা মহলা (২ + ৩) বাণিজ্যিক মহলা হিচাপে বিকশিত কৰা হৈছে। নতুনকৈ উদ্বোধন কৰা এমআইচিটি প্ৰতি বছৰে ১০ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ নিৰ্মাণ কৰা হৈছে আৰু প্ৰতিদিনে ই প্ৰায় ১০ হাজাৰ যাত্ৰীক চম্ভালিব পাৰিব। ইয়াৰ উপৰি ই একেলগে ১১ মিটাৰ ড্ৰাফ্ট আৰু ৩০০ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ ৫খন জাহাজ চম্ভালিব পাৰে । পাৰ্কিং স্থানত একেলগে ৩০০ৰো অধিক বাহন ৰখাব পৰাৰ ব্যৱস্থাও কৰা হৈছে।
এম আই চি টিৰ পৰা ক্ৰুজ সেৱা আৰম্ভ কৰি আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘মুম্বাইৰ সামুদ্ৰিক ইতিহাস অতি চহকী আৰু এয়া আমাৰ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ।এটা উপকূলীয় কেন্দ্ৰ হিচাপে ই ইয়াৰ ব্যস্ত উপকূলীয় ব্যৱসায়ৰ সৈতে অত্যাধুনিক আন্তঃগাঁথনিৰে দেশখনক সুন্দৰভাৱে সেৱা আগবঢ়াইছে । আজি বিশ্বৰ এটা ডাঙৰ সামুদ্ৰিক কেন্দ্ৰ হিচাপে দীৰ্ঘদিনীয়া খ্যাতিৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেলৰ পৰা ক্ৰুজ অপাৰেচন আৰম্ভ ককৰা হৈছে, যাত্ৰীসকলক উন্নত আৰু সুৰক্ষিত অভিজ্ঞতাৰ বাবে আধুনিক সুবিধা প্ৰদান কৰিলে ভিক্টোৰিয়া ডকছৰ নতুনকৈ সংস্কাৰ কৰা ফায়াৰ মেম’ৰিয়েলে দেশৰ প্ৰতি উৎসৰ্গা কৰা হৈছে।”
এমআইচিটিক কাৰ্য্যকৰী আৰু নূন্যতম স্থাপত্যৰ সৈতে সামুদ্ৰিক পৰিচয় প্ৰতিফলিত কৰা ঢৌ খেলোৱা চিলিঙৰ সৈতে ডিজাইন কৰা হৈছে। এমআইচিটিয়ে আধুনিক ডিজাইনক মুম্বাইৰ সামুদ্ৰিক মনোভাৱৰ সৈতে সংপৃক্ত কৰিছে—য'ত সুন্দৰ স্থাপত্য, আৰু সুন্দৰ চিলিং দিয়া হৈছে। ঐতিহ্যৰ পৰা আৰম্ভ কৰি সুন্দৰ আসন, চেলফি পইণ্ট আৰু সামুদ্ৰিক ফলকৰ সৈতে চিকচিকিয়া হৈ পৰা আভ্যন্তৰীণ অংশলৈকে, ই ভাৰতক উদীয়মান বিশ্ব ক্ৰুজ হাবলৈ পৰিণত কৰাত সহায় কৰিব। এমআইচিটিয়ে যাত্ৰীসকলৰ সুন্দৰ অভিজ্ঞতা বৃদ্ধি কৰিব আৰু মুম্বাইক ক্ৰুজ পৰ্যটন হাবৰ বাবে অন্যতম প্ৰধান হাব হিচাপে স্থান দিব। এম আই চি টি প্ৰকল্পত মুঠ বিনিয়োগ হৈছে ৫৫৬ কোটি টকা।
ক্ৰুজ ভাৰত অভিযানৰ দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ বন্দৰৰ সমৃদ্ধিৰ আহ্বানে আমাৰ সামুদ্ৰিক উচ্চাকাংক্ষাক পুনৰ সংজ্ঞায়িত কৰিছে।আমি ‘ক্ৰুজ ভাৰত মিছন’কো গতি প্ৰদান কৰিছো—ভাৰতক বিশ্বৰ অন্যতম শীৰ্ষ ক্ৰুজ গন্তব্যস্থান হিচাপে গঢ়ি তোলাই আমাৰ সংকল্প। এই অভিযানে তিনিটা স্তম্ভক সামৰি লৈছে—সাগৰ আৰু বন্দৰ ক্ৰুজ, নদী আৰু আভ্যন্তৰীণ ক্ৰুজ তথা দ্বীপ আৰু লাইটহাউচ ক্ৰুজ। ডিজিটেল সহজতা, চাৰ্কিট সংহতি, পৰিৱেশ বহনক্ষমতা, আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ সংমিশ্ৰণেৰে এয়া হৈছে ভাৰতৰ ক্ৰুজ জাগৰণৰ এক নিদৰ্শন— এক সাহসী, অন্তৰ্ভুক্ত আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱাৰ পদক্ষেপ। এইবোৰে এনে এখন ভাৰতৰ কাহিনী কয়, যিয়ে নিজৰ সম্ভাৱনাত বিশ্বাস কৰে আৰু নিজৰ জনসাধাৰণৰ বাবে বিনিয়োগ কৰে।”
মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা ভিক্টোৰিয়া ডকছৰ সংস্কাৰিত ফায়াৰ স্মাৰক মুম্বাই বন্দৰ অগ্নিনিৰ্বাপক সেৱাৰ কৰ্মীসকলক জাতিটোৰ প্ৰতি আগবঢ়োৱা অনন্য সেৱাৰ স্বীকৃতি স্বৰূপে গভীৰ শ্ৰদ্ধাঞ্জলি হিচাবে গঢ়ি তোলা হৈছে। ফায়াৰ স্মৃতিসৌধটো “সোণালী চকুলো” থিমৰ সৈতে সংস্কাৰ সাধন কৰা হৈছে । ঐতিহ্য আৰু পৰ্যটনক প্ৰসাৰিত কৰিবলৈ এমবিপিএৰ দুটা চিনাকি ঐতিহ্য ভৱন – বেলাৰ্ড এষ্টেটৰ প’ৰ্ট হাউচ আৰু কোলাবাৰ ইভেলিন হাউচত আলোকসজ্জা ব্যৱস্থাও উদ্বোধন কৰা হয়। যিয়ে চহৰখনৰ নান্দনিক আৰু ঐতিহাসিক আবেদন বৃদ্ধি কৰিছে।
গ্ৰীণ প’ৰ্ট ইনিচিয়েটিভক লৈ এমবিপিএত শ্ব’ৰ টু শ্বিপ ইলেক্ট্ৰিক চাপ্লাইয়ে টাগ নাও আৰু ক’ষ্ট গাৰ্ডৰ জাহাজসমূহক সহায় কৰিব, প্ৰদূষকৰ নিৰ্গমন হ্ৰাস কৰিব, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰিব আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিব। পৰিৱেশ বহনক্ষমতা আৰু বন্দৰৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ প্ৰতি এমবিপিএৰ দায়বদ্ধতাৰ প্ৰমাণ ইয়াত জিলিকি উঠিছে। ই শক্তিৰ কাৰ্যক্ষমতা আৰু কাৰ্য্যকৰী পৰিষ্কাৰ-পৰিচ্ছন্নতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
আজি কোলাবাত সজীৱ হৈ উঠা সাগৰ উপবন উদ্যানখনো উদ্বোধন কৰা হয়। টাটা ট্ৰাষ্টৰ সহায়ত এমবিপিএই চৌহদৰ দেৱাল পুনৰ নিৰ্মাণ, বিভিন্ন সুবিধা নিৰ্মাণৰ লগতে ২৫০০০ কেএলডি নলা পৰিশোধন প্লাণ্টকে ধৰি ব্যাপক মেৰামতি আৰু বৃদ্ধিৰ কাম হাতত লোৱা হৈছিল। ৫০০ৰো অধিক জাতৰ উদ্ভিদৰে সমৃদ্ধ ইয়াৰ পৰা আৰব সাগৰৰ লগতে ছাছুন ডকৰো দৃশ্যপট দেখা পৰিস্ফূট হৈ পৰে। ইয়াৰ আটকধুনীয়া সেউজীয়া লন, সাগৰৰ ফালে মুখ কৰি স্থাপন কৰা বেঞ্চ আৰু জগিং তথা খোজ কঢ়াৰ বাবে আদৰ্শ পথৰ লগতে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এটা সুন্দৰ পৰীক্ষাগাৰো স্থাপন কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে আজি বাধাবন বন্দৰত ৫৭০০ কোটিত টকাতকৈও অধিক ধন বিনিয়োগৰ আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়নৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। ৪২০০ কোটি টকাৰ বিনিয়োগেৰে কণ্টেইনাৰ, বাল্ক আৰু লিকুইড কাৰ্গো পৰিচালনাৰ বাবে টাৰ্মিনেল নিৰ্মাণ, ১০০০ কোটি টকাৰ বিনিয়োগেৰে বাল্ক আৰু লিকুইড কাৰ্গো পৰিচালনাৰ বাবে নিৰ্দিষ্ট টাৰ্মিনেলৰ উন্নয়ন আৰু বিনিয়োগেৰে তৰলীকৃত ৰাসায়নিক পদাৰ্থ আৰু আনুষংগিক সামগ্ৰী পৰিচালনাৰ বাবে ৩,০০,০০০ চিবিএম ক্ষমতাৰ লিকুইড কাৰ্গো জেটি আৰু টেংক ফাৰ্ম নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয় ।
বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘আমাৰ গতিশীল নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে আমাক বাধবন বন্দৰক শীৰ্ষ ১০ গ্ল’বেল বন্দৰৰ ভিতৰত অন্যতম হিচাপে ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগী দিছে।ফলত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ লগতে আঞ্চলিক বাণিজ্যও বৃদ্ধি পাইছে।
ইন্ধন বিতৰণ আন্তঃগাঁথনিৰ উদ্বোধনে — দুটা এইচ এছ ডি ইউনিট, এটা গেছলিন ইউনিট, আৰু এটা দ্ৰুত বৈদ্যুতিক বাহন (ইভি) চাৰ্জাৰকে ধৰি — কাৰ্য্যকৰী এলেকাৰ ভিতৰত বহনক্ষম গতিশীলতাৰ দিশত বন্দৰৰ কাৰ্যদক্ষতাক আৰু অধিক শক্তিশালী কৰি তুলিছে। এই অনুষ্ঠানত মূল ভূমি সম্পত্তি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। মালেট বাণ্ডাৰৰ প্লটটোৰ চাৰ্জ চাৰ্টিফিকেট জেএনপিএৰ কৰ্পৰেট বিল্ডিঙৰ বাবে অৰ্পণ কৰা হয়। ৰেই ৰোডৰ আন এটা প্লট সামাজিক আৰু সামূহিক কাম-কাজৰ বাবে হৰে কৃষ্ণ মিছনলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ উপৰি মুম্বাই বন্দৰৰ ই শ্বেড বন্দৰ নেতৃত্বাধীন লজিষ্টিক কাৰ্য্যকলাপ শক্তিশালী কৰাৰ বাবে মেছাৰ্ছ ৰুচি ইণ্ডিয়া লজিষ্টিকছৰ হাতত অৰ্পণ কৰা হয়।
এই উপলক্ষে্য ভাষণ প্ৰদান কৰি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে কয়, “মুম্বাইত নতুন ক্ৰুজ সেৱা আৰম্ভ কৰা, মুম্বাইৰ সামুদ্ৰিক ঐতিহ্য ভৱনসমূহৰ পুনৰুদ্ধাৰ কৰা আৰু সেউজ বন্দৰৰ পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ আমাৰ অতীতক সন্মান জনোৱা এক বহনক্ষম, সজীৱ আৰু পৰ্যটনভিত্তিক সামুদ্ৰিক অৰ্থনীতিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ।এই প্ৰচেষ্টাসমূহে উপকূলীয় পৰ্যটন আৰু নগৰ নবীকৰণক বৃদ্ধি কৰিছে।”
ক্ৰুজ ভাৰত মিছনে অভিলাষী অথচ সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰিছে যেনে ১০টা আন্তঃৰাষ্ট্ৰীয় সাগৰীয় ক্ৰুজ টাৰ্মিনেলৰ উন্নয়ন, ১০০টা নদী ক্ৰুজ টাৰ্মিনেল সৃষ্টি, আমাৰ উপকূলৰ কাষেৰে ৫টা মেৰিনা মুকলি কৰা, ৫০০০ কিলোমিটাৰতকৈ অধিক জলপথৰ নিৰৱচ্ছিন্ন সংহতি, ২০২৯ চনৰ ভিতৰত ১০ লাখ সাগৰীয় ক্ৰুজ যাত্ৰী আৰু ১৫ লাখ নদী ক্ৰুজ যাত্ৰীৰ লক্ষ্য, ক্ৰুজ মূল্য শৃংখলত ৪ লাখতকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে, সামুদ্ৰিক খণ্ডৰ ৰূপান্তৰ ঘটাইছে। প্ৰধান বন্দৰ কাৰ্গোত চম্ভালি লোৱা সামগ্ৰী ২০১৪ চনত ৫৫৬ এমএমটিৰ পৰা ২০২৪-২৫ চনত ৮৫৪ এমএমটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে উপকূলীয় কাৰ্গো ১১৯% বৃদ্ধি পাইছে। আভ্যন্তৰীণ জল পৰিবহনৰ সামগ্ৰী ৬.৮৯ এমএমটিৰ পৰা ১৩৩ এমএমটিলৈ বৃদ্ধি পাইছে— এয়া ১৮০০%তকৈ অধিক বৃদ্ধি। ২০১৪ চনত ক্ৰুজ যাত্ৰীৰ সংখ্যা ৮৫ হাজাৰৰ পৰা আজি ৪.৭১ লাখলৈ বৃদ্ধি পাইছে, যিটো ৪৫৪%লৈ অসাধাৰণ বৃদ্ধি হিচাবে পৰিগণিত হৈছে।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোভাবৰ্ধন কৰা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ সুশীল কুমাৰ সিং (আই আৰ এছ এম ই); আদেশ তিতাৰমাৰে, আই এ এছ, উপাধ্যক্ষ, এম বি পি এ; জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ আনমেশ শাৰদ ৱাঘ আৰু জে এম বাক্সিৰ পৰিচালন সঞ্চালক ধ্ৰুৱ কোটকৰ লগতে এম অ’ পি এছ ডব্লিউ আৰু এম বি পি এৰ অন্যান্য বিশিষ্ট ব্যক্তি তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
GDH/HR/DM
(Release ID: 2123402)
Visitor Counter : 22