সাংস্কৃতিক মন্ত্ৰালয়
২০২৫ চনৰ ২১ আৰু ২২ এপ্ৰিলত অৰুণাচল প্ৰদেশত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজনআই বি চিৰ
Posted On:
15 APR 2025 4:43PM by PIB Guwahati
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই (আই বি চি) সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত ২০২৫ চনৰ ২১-২২ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ নামচাইত “বৌদ্ধ ধৰ্ম আৰু উত্তৰ-পূব ভাৰতৰ সংস্কৃতি” বিষয়ক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ উপৰি এই অঞ্চলৰ প্ৰতিনিধি উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেয়েওএই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাক লৈ গঠিত উত্তৰ-পূব ভাৰত হৈছে বৌদ্ধ পৰম্পৰা,মঠৰ লগত জড়িতসংস্কৃতি আৰু ঐতিহ্যৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। এই অঞ্চলটোৱে থেৰবাদ, মহাযান আৰু বজ্ৰযানকে ধৰি বিভিন্ন বৌদ্ধ পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰিছে।
ভাৰত চৰকাৰে অঞ্চলটোত বৌদ্ধ ধৰ্মৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে বৌদ্ধ পৰ্যটন, ঐতিহ্য সংৰক্ষণ আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেইবাটাও পদক্ষেপত সক্ৰিয়ভাৱে জড়িত হৈ আছে।"বৌদ্ধ ধৰ্ম আৰু উত্তৰ-পূব ভাৰতৰ সংস্কৃতি"ৰ গুৰুত্ব অন্বেষণ কৰিবলৈআই বি চিয়ে নামচাইৰ বহুমুখী সাংস্কৃতিক প্ৰেক্ষাগৃহত দুদিনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে।
প্ৰথম দিনা ইয়াৰ ঐতিহাসিক প্ৰাসংগিকতা, অঞ্চলটোৰ কলা-সংস্কৃতিআৰু চুবুৰীয়া দেশসমূহৰ ওপৰত বৌদ্ধ ধৰ্মৰ সাংস্কৃতিক প্ৰভাৱ আৰু ইয়াৰ বিপৰীতস্থিতিৰ বিষয় সন্দৰ্ভততিনিখন আলোচনা সত্ৰ অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয় দিনা বিখ্যাত গোল্ডেন পেগোডাত বিপাসনা অনুশীলন আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ’ব।
ঐতিহাসিকভাৱেসম্ৰাট অশোকৰ ৰাজত্বকালত বৌদ্ধ ধৰ্মই উত্তৰ-পূব ভাৰতত বিস্তাৰ লাভ কৰিছিল আৰু অন্যান্য চুবুৰীয়া অঞ্চললৈসম্প্ৰসাৰিত হৈছিল। ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা বৌদ্ধ সাংস্কৃতিক কৰিডৰ সৃষ্টিত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তদুপৰিউত্তৰ-পূব ভাৰত এনে কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ বাসস্থান,যিসকলে বৌদ্ধ ধৰ্মক তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে সংপৃক্ত কৰিছে। বিবিধ বৌদ্ধ পৰম্পৰা, থেৰবাদ, মহাযান আৰু বজ্ৰযান ইয়াত বিকশিত হৈছে।
অৰুণাচল প্ৰদেশৰ নামচাইত বৌদ্ধ ধৰ্মৰ এক পটভূমি সংলগ্ন কৰা হৈছেঃ -
****
Sunil Kumar Tiwari/KD
pibculture[at]gmail[dot]com
(Release ID: 2122102)
Visitor Counter : 18