প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাত সংঘটিত হোৱা কাৰখানা দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 13 APR 2025 6:54PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী জিলাত সংঘটিত ভয়াবহ কাৰখানা দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰে। দুৰ্ঘটনাটোত কেবাগৰাকীও লোকৰ মৃত্যু আৰু কেবাগৰাকীও আহত হোৱাকৈ লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত লিখিছে -

“অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লি জিলাত সংঘটিত কাৰখানা দুৰ্ঘটনাত ভালেমান লোকে প্ৰাণ হেৰুওৱাৰ খবৰে মৰ্মাহত কৰিছে। আপোনজনক এই দুৰ্ঘটনাত হেৰুওৱা নিকটাত্মীয়সকললৈ গভীৰ সমবেদনা। আহতসকল শীঘ্ৰেই সুস্থ হৈ উঠাৰ কামনা কৰিছো। এই ঘটনাত প্ৰভাৱিত লোকসকলক স্থানীয় প্ৰশাসনে যাৱতীয় সাহায্য আগবঢ়াই আছে।

প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। ইফালে আহতসকললৈ ৫০০০০ কৈ টকাৰ সাহায্য আগবঢ়োৱা হ’ব। - প্ৰধানমন্ত্ৰী @narendramodi”

 

***

MJPS/SR


(Release ID: 2121782) Visitor Counter : 8