ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
azadi ka amrit mahotsav

গুৱাহাটীৰ এটা বেংকত বিত্তীয় অনিয়মৰ অভিযোগেৰে সাব্যস্ত কৰা প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰা এজন সাংবাদিকক আটক কৰাক লৈ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া হস্তক্ষেপ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ চাৰি সপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন দাখিলৰ আহ্বানেৰে জাননী

प्रविष्टि तिथि: 03 APR 2025 5:51PM by PIB Guwahati

সংবাদ মাধ্যমত ২৫ মাৰ্চত প্ৰকাশিত এটা বাতৰিক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) নিজাববীয়াভাৱে হস্তক্ষেপ কৰিছে। বাতৰিটো অনুসৰি, গুৱাহাটীৰ এটা ডিজিটেল নিউজ পৰ্টেলৰ এজন সাংবাদিকে অসম সমবায় এপেক্স বেংক লিমিটেডৰ সন্মুখত কৰা ধৰ্ণাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পাছত তেওঁক পানবজাৰ থানালৈ মাতি নি আৰক্ষীয়ে আটক কৰি ৰাখিছিল। বাতৰিটো অনুসৰি, সাংবাদিকজনে বেংকটোৰ পৰিচালন সঞ্চালকজনক উত্থাপিত বিত্তীয় অনিয়মৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও তেওঁক আটক কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাছিল।

আয়োগে উক্ত বাতৰিটো সত্য হ’লে সাংবাদিকজনৰ মানৱ অধিকাৰ উলংঘাৰ বিষয়টো উত্থাপন কৰে। সেয়ে আয়োগে অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।

২৫ মাৰ্চৰ বাতৰিটো মতে, প্ৰতিবাদকাৰীসকলে বেংকটোৰ পৰিচালনাৰ ক্ষেত্ৰত বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগেৰে উচ্চ-পৰ্য্যায়ৰ তদন্ত আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

****

NSK/SB
 


(रिलीज़ आईडी: 2118518) आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी