উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত বান ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি উন্নয়ন
Posted On:
26 MAR 2025 4:28PM by PIB Guwahati
বান ব্যৱস্থাপনা আৰু খহনীয়া প্ৰতিৰোধ আঁচনি সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নিজৰ অগ্ৰাধিকাৰ ভিত্তিত প্ৰস্তুত কৰি কাৰ্যকৰী কৰে। কেন্দ্ৰীয় চৰকাৰে জটিল অঞ্চলত বান ব্যৱস্থাপনাৰ বাবে কাৰিকৰী নিৰ্দেশনা আৰু উদগনিমূলক আৰ্থিক সাহায্য প্ৰদান কৰি ৰাজ্যসমূহৰ প্ৰচেষ্টালৈ সমৰ্থন আগবঢ়ায়। জল শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত “বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল কাৰ্যসূচী (এফএমবিএপি)”ৰ অধীনত একাদশ পৰিকল্পনাৰ পৰা আজিলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে ২৩৮২ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য মুকলি কৰি দিয়া হৈছে।
চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ত এফএমবিএপি আঁচনিৰ অধীনত সমগ্ৰ দেশৰ বাবে ৪০০ কোটি টকাৰ বাজেট সাহায্য ধাৰ্য কৰা হৈছে, ইয়াৰে উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)ৰ বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে ১২১.৫০ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য মুকলি কৰি দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এই পৰ্যন্ত মুঠ ২০৮টা বান ব্যৱস্থাপনা প্ৰকল্প সম্পূৰ্ণ হৈছে।
যোৱা ৭ বছৰৰ ভিতৰত (২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ) উত্তৰ-পূৰ্বাঞ্চলৰ খহনীয়া প্ৰতিৰোধ আৰু বান নিয়ন্ত্ৰণত অৰিহণা যোগাবলৈ এন ই চি আঁচনিৰ অধীনত মুঠ ১৩টা প্ৰকল্পত ৬২.৮৫ কোটি টকা ব্যয়ত অনুমোদন দিয়া হৈছিল। তদুপৰি, ২০৭ কোটি টকাৰ অনুমোদিত ব্যয়ৰে নন-লেপচেবল চেণ্ট্ৰেল পুল অব ৰিচ’ৰ্ছ-চেণ্ট্ৰেলৰ অধীনত ২০১৭ চনত “ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াৰ পৰা মাজুলী দ্বীপ সুৰক্ষা” শীৰ্ষক প্ৰকল্পত অনুমোদন জনোৱা হৈছিল।
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়ৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
********
Samrat/Allen/KD
(Release ID: 2115415)
Visitor Counter : 33