নৌ-পৰিবহন মন্ত্ৰালয়
ছিংগাপুৰ আৰু ভাৰতৰ সামুদ্ৰিক ডিজিটেলাইজেচন আৰু ডিকাৰ্বনাইজেচনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰত স্বাক্ষৰ
Posted On:
25 MAR 2025 12:53PM by PIB Guwahati
ছিংগাপুৰ আৰু ভাৰতে সামুদ্ৰিক ডিজিটেলাইজেচন আৰু ডিকাৰ্বনাইজেচনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এখন লেটাৰ অৱ ইন্টেন্ট (এল অ’ আই)ত স্বাক্ষৰ কৰিছে। ছিংগাপুৰৰ সামুদ্ৰিক আৰু বন্দৰ কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী শ্ৰী টেঅ’ ইং দিহ আৰু বন্দৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী আৰ লক্ষ্মণনে এল অ’ আইত স্বাক্ষৰ কৰে। ভাৰতৰ জাহাজ পৰিবহণ আৰু জলপথ (এম অ’ পি এছ ডব্লিউ) আৰু ছিংগাপুৰৰ বহনক্ষমতা আৰু পৰিবেশ মন্ত্ৰালয় তথা পৰিবহণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ ৰাজ্যিক মন্ত্ৰী ড্ৰি এমি খোৰ আৰু ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল অভিপ্ৰায় পত্ৰ স্বাক্ষৰৰ সময় উপস্থিত আছিল।
এল অ’ আইৰ অধীনত দুয়োপক্ষই সামুদ্ৰিক ডিজিটেলাইজেচন আৰু ডিকাৰ্বনাইজেচন প্ৰকল্পসমূহত সহযোগিতা আগবঢ়াব, যাৰ ভিতৰত আছে প্ৰচেষ্টাত অৰিহণা যোগাব পৰা প্ৰাসংগিক অংশীদাৰসকলক চিনাক্ত কৰা আৰু ছিংগাপুৰ-ভাৰত গ্ৰীন এণ্ড ডিজিটেল শ্বিপিং কৰিডৰ (জি ডি এছ চি) সন্দৰ্ভত বুজাবুজিৰ চুক্তিপত্ৰৰ জৰিয়তে অংশীদাৰিত্বক আনুষ্ঠানিক কৰাৰ দিশত কাম কৰা।
সেউজ সামুদ্ৰিক ইন্ধনৰ এক প্ৰধান উৎপাদক আৰু ৰপ্তানিকাৰী হোৱাৰ সম্ভাৱনাৰ সৈতে ভাৰত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এখন আগশাৰীৰ দেশ। ছিংগাপুৰে এক গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট আৰু বাংকাৰিং হাব হিচাপে গতিশীল গৱেষণা আৰু উদ্ভাৱন পৰিবেশতন্ত্ৰকো সমৰ্থন কৰে।
ছিংগাপুৰ-ভাৰত জিডিএছচিয়ে প্ৰতিষ্ঠা হ’লে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু শূন্য বা শূন্যৰ ওচৰত থকা গ্ৰীনহাউছ গেছ (জি এইচ জি) নিৰ্গমন প্ৰযুক্তিৰ বিকাশ আৰু গ্ৰহণ তথা ডিজিটেল সমাধান গ্ৰহণত সহায় কৰিব।



***
GDH/HR/SJ/NB
(Release ID: 2114758)
Visitor Counter : 37