নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতে সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰিব বিচৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তিনিদিনীয়া ছিংগাপুৰ ভ্ৰমণ
ছিংগাপুৰৰ সামুদ্ৰিক সপ্তাহৰ মাজতে ছিংগাপুৰৰ লগতে নেদাৰলেণ্ডৰ সংশ্লিষ্ট মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ‘ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে
ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব সৰ্বানন্দ সোণোৱালে
Posted On:
22 MAR 2025 8:53PM by PIB Guwahati
ছিংগাপুৰৰ সামুদ্ৰিক সপ্তাহত অংশগ্ৰহণৰ অৰ্থে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ওলাইছে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ছিংগাপুৰৰ মাজত সামুদ্ৰিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ সম্ভাৱনা আছে৷ছিংগাপুৰৰ সামুদ্ৰিক সপ্তাহৰ মাজতে অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বৈঠকত ছিংগাপুৰৰ সংশ্লিষ্ট দপ্তৰৰ মন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সাক্ষাৎ কৰাৰ কথা আছে।
এই ভ্ৰমণৰ সময়তে সামুদ্ৰিক উদ্যোগত সুযোগ মুকলি কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে সৰ্বানন্দ সোণোৱালে সামুদ্ৰিক উদ্যোগৰ কিছু শীৰ্ষ ব্যক্তিকো সাক্ষাৎ কৰাৰ কথা। ছিংগাপুৰৰ সামুদ্ৰিক সপ্তাহৰ সময়ছোৱাতে সোণোৱালে ‘২০২৫ আৰু ইয়াৰ পাছত গ্ল’বেল মেৰিটাইম ধাৰাৰ অন্বেষণ ’ শীৰ্ষক এক উচ্চ পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰিব।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকল ক্ৰমে লি ছিয়েন লুং, মুৰালী পিল্লাই, ড০ এমি খোৰকে ধৰি অন্যান্যসকলক সাক্ষাৎ কৰিব । দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সামুদ্ৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ অৰ্থে অনুষ্ঠিত হ‘বলগীয়া দ্বিপাক্ষিক বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নেদাৰলেণ্ডৰ ব্রিজিট গীজবাৰ্ছকো সাক্ষাৎ কৰিব ।
বিশ্বৰ সামুদ্ৰিক উদ্যোগত উত্তম পদ্ধতিসমূহৰ প্ৰয়োগৰ অৰ্থে সৰ্বানন্দ সোণোৱালে ছিংগাপুৰৰ সামুদ্ৰিক সপ্তাহৰ মাজতে ছিংগাপুৰৰ সামুদ্ৰিক উদ্যোগৰ লগতে অন্যান্য দেশৰ উদ্যোগটোৰ বিশিষ্ট ব্যক্তি আৰু কৰ্পৰেট নেতাসকলকো লগ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ ভ্ৰমণৰ সময়ত আই এন এ স্মাৰক পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জনাব আৰু সেই সময়তে প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব৷ এই ভ্ৰমণৰ সময়ত সকলো চৰকাৰী কাৰ্যসূচীত সোণোৱালৰ সৈতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ লগতে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তৰ উচ্চপদস্থ বিষয়াৰ এটা দলে অংশগ্ৰহণ কৰিব।
(Release ID: 2114237)
Visitor Counter : 16