তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মহাকুম্ভ ২০২৫: বসন্ত পঞ্চমীত আগন্তুক তৃতীয় অমৃত স্নানৰ পৰিপ্ৰেক্ষিতত প্ৰয়াগৰাজত চিকিৎসা সুবিধাসমূহ অধিক শক্তিশালী কৰা হৈছে
মুঠ ৩৬০খন বিচনাৰ ক্ষমতা থকা ২৩খন চিকিৎসালয় স্থাপন কৰা হৈছে; জৰুৰীকালীন চিকিৎসা সেৱাসম্প্ৰসাৰিত হৈছিল আৰু যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এটা চিকিৎসা বাহিনী মোতায়েন কৰা হৈছে
Posted On:
31 JAN 2025 9:40PM by PIB Guwahati
বসন্ত পঞ্চমী (৩ ফেব্ৰুৱাৰী, ২০২৫)ৰ তৃতীয় অমৃত স্নানৰ সময়ত ভক্তসকলৰ স্বাস্থ্য সেৱা আৰু অধিক শক্তিশালী কৰাৰ বাবে মহাকুম্ভ নগৰৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰৰ পৰা চিকিৎসা বাহিনী সক্ৰিয় কৰা হৈছে। অত্যাৱশ্যকীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৩৬০খন বিছনাৰ ক্ষমতা থকা মুঠ ২৩খন চিকিৎসালয়ক সম্পূৰ্ণ সাজু কৰি তোলা হৈছে। এটা বিশেষ চিকিৎসা দলে মেলা অঞ্চল পৰিভ্ৰমণ কৰি এই ব্যৱস্থাসমূহৰ ফলপ্ৰসূতা মূল্যায়ন কৰে আৰু কোনো জৰুৰীকালীন অৱস্থাত ভক্তসকলৰ বাবে দ্ৰুত আৰু মসৃণ চিকিৎসা সাহায্য নিশ্চিত কৰিবলৈ স্বাস্থ্য সেৱাৰ প্ৰস্তুতি ভালদৰে পৰীক্ষা কৰে।
ভক্তসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক স্বাস্থ্যৰ ব্যৱস্থা আৰু পৰ্যাপ্ত চিকিৎসা শক্তি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে। অমৃত স্নানৰ সময়ত যিকোনো জৰুৰীকালীন অৱস্থা চম্ভালিব পৰাকৈ চিকিৎসাৰ সুবিধাসমূহ সম্প্ৰসাৰণ কৰা হৈছে, য’ত ১০০খন বিচনাৰ ক্ষমতাৰে এখন অত্যাধুনিক কেন্দ্ৰীয় চিকিৎসালয় স্থাপন কৰা হৈছে। তদুপৰি, ২৫খন বিছনাৰ ক্ষমতাসম্পন্ন দুখন উপ-কেন্দ্ৰীয় চিকিৎসালয়, ২০খনকৈ বিছনাযুক্ত আঠখন খণ্ডৰ চিকিৎসালয়, ২০খনকৈ বিছনাযুক্ত দুখন সংক্ৰামক ৰোগৰ চিকিৎসালয় স্থাপন কৰি সকলো স্বাস্থ্যজনিত সমস্যা ক্ষিপ্ৰতাৰে সমাধান কৰা হৈছে।

প্ৰাথমিক চিকিৎসাৰ তাৎক্ষণিক উপলব্ধতা নিশ্চিত কৰিবলৈ একক বিচনা থকা ১০টা প্ৰাথমিক চিকিৎসা পোষ্ট কাৰ্যক্ষম হৈ আছে, য’ত প্ৰশিক্ষিত চিকিৎসা কৰ্মচাৰীৰ এটা দল সকলো সময়তে কৰ্তব্যত থাকিব। জৰুৰীকালীন সেৱাক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ এম্বুলেন্স আৰু চিকিৎসা দল নিয়োগ কৰা হৈছে যাতে প্ৰয়োজন সাপেক্ষে ৰোগীক চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে কঢ়িয়াই নিব পাৰে। তদুপৰি মেলা অঞ্চলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু অনাময় নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰা হৈছে।
অতি নিয়াৰিকৈ স্বাস্থ্য সেৱা বজাই ৰাখিবলৈ জ্যেষ্ঠ চিকিৎসা বিষয়াৰ এটা দলে মেলা অঞ্চলটো অহৰহ পৰিদৰ্শন কৰি আছে, প্ৰয়োজন সাপেক্ষে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰি আছে। যিকোনো পৰিস্থিতিত ভক্তসকলক সময়মতে চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ স্বাস্থ্য কেন্দ্ৰসমূহত পৰ্যাপ্ত ঔষধ, জীৱন ৰক্ষাৰ সা-সঁজুলি, চিকিৎসা সম্পদৰ উপলব্ধতা সুনিশ্চিত কৰিছে প্ৰশাসনে। মহাকুম্ভলৈ অহা লাখ লাখ ভক্তক সহায়ৰ বাবে হেল্প ডেস্ক আৰু তথ্য কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু সহায়ৰ বাবে চিকিৎসা কৰ্মী উপলব্ধ হ’ব। এই সমগ্ৰ ছেটআপৰ লক্ষ্য হৈছে ভক্তসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰা।
AD/VM/DS
(Release ID: 2113308)