উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
৭ মাৰ্চ, ২০২৫ তাৰিখে অনুষ্ঠিত হ'বলগীয়া কলকাতা ৰোডশ্ব' সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি
Posted On:
05 MAR 2025 2:32PM by PIB Guwahati
উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে অহা ৭ মাৰ্চ, ২০২৫ তাৰিখে কলকাতাত পুৱা ১০:৩০ বজাৰ পৰা হোটেল জে ডব্লিউ মেৰিয়েট কলকাতাত উত্তৰ-পূব বাণিজ্য আৰু বিনিয়োগ ৰোডশ্ব’ৰ আয়োজন কৰিছে। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে অংশগ্ৰহণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ পৰিসংখ্যা উপদেষ্টা শ্ৰী ধৰ্মবীৰ ঝাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জ্যেষ্ঠ প্ৰতিনিধিসকলেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰ, এফআইচিচিআই (উদ্যোগ সহযোগী) আৰু ইনভেষ্ট ইণ্ডিয়া (বিনিয়োগ অংশীদাৰ)ৰ সহযোগত এই ৰোডশ্ব’ৰ আয়োজন কৰা হৈছে।কলকাতা ৰোডশ্ব’ উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ প্ৰি-ছামিট কাৰ্যসূচীৰ অংশ হিচাপে নৱমটো বৃহৎ ৰোডশ্ব’ আৰু ইয়াত উত্তৰ-পূবৰ আঠখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । এই ৰোডশ্ব’ত বিভিন্ন ৰাজ্যসমূহে আন্তঃগাঁথনি আৰু লজিষ্টিক, কৃষি আৰু সংশ্লিষ্ট উদ্যোগ, আই টি আৰু আই টি ই এছ, শক্তি, বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প, পৰ্যটন আৰু আতিথ্য, শিক্ষা আৰু দক্ষতা, স্বাস্থ্যসেৱা, মনোৰঞ্জন আৰু ক্ৰীড়াকে ধৰি অন্যান্য বিষয়সমূহৰ লগতে মূল খণ্ডসমূহৰ বিভিন্ন বিনিয়োগৰ সুযোগসমূহৰ বিষয়ত আলোকপাত কৰিব। এই ৰোডশ্ব’ত বি টু জি (ব্যৱসায়ৰ পৰা চৰকাৰলৈ) বৈঠকৰো আয়োজন কৰা হ’ব, যিয়ে বিনিয়োগকাৰীসকলক ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰাৰ লগতে উত্তৰ-পূব অঞ্চলৰ খণ্ডগত সুযোগসমূহ অন্বেষণ কৰাৰ এক অনন্য মঞ্চ প্ৰদান কৰিব।উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ লক্ষ্য হৈছে বিনিয়োগ আকৰ্ষণ কৰা আৰু অৰ্থনৈতিক উন্নয়নক উৎসাহিত কৰা। ইয়াৰ পূৰ্বে মুম্বাই, হায়দৰাবাদ, কলকাতা, বাংগালুৰু, আহমেদাবাদ আৰু চেন্নাইত অনুষ্ঠিত হোৱা ৰোডশ্ব’সমূহ শক্তিশালী অংশগ্ৰহণৰ সাক্ষী হৈছিল। কলকাতা ৰোডশ্ব’ চহৰখনৰ ভিতৰতে দ্বিতীয়টো ৰোডশ্ব’ হিচাবে পৰিগণিত হব আৰু ইয়াৰ লক্ষ্য হৈছে পূৰ্বৰ অনুষ্ঠানৰ গতিবেগ ত্বৰান্বিত কৰা, বিনিয়োগকাৰীসকলক বিভিন্ন ৰাজ্যৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰ এক মঞ্চ প্ৰদান কৰা। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে কলকাতাৰ কৌশলগত সান্নিধ্যই ইয়াক বিনিয়োগৰ বাবে এক আদৰ্শ দুৱাৰমুখ কৰি তুলিছে আৰু পূৰ্বৰ ৰোডশ্ব’সমূহৰ সফলতাই অঞ্চলটোত বিনিয়োগকাৰীৰ আস্থা অধিক শক্তিশালী কৰি তুলিছে। যাৰ ফলত প্ৰধানমন্ত্ৰীৰ ‘বিকশিত ভাৰত বিকশিত উত্তৰ-পূব’ৰ দৃষ্টিভংগী বাস্তৱায়িত হোৱাত অৰিহণা যোগাইছে।
শেহতীয়াকৈ ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীত চেন্নাইত অনুষ্ঠিত হোৱা ৰোডশ্ব’ত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্দিয়া ডাঙৰীয়াই অংশগ্ৰহণ কৰে।ইয়াত বি টু জি বৈঠকত বিনিয়োগকাৰীৰ অংশগ্ৰহণে বিনিয়োগৰ গন্তব্যস্থান হিচাপে অঞ্চলটোৰ ক্ৰমবৰ্ধমান আবেদনক চিহ্নিত কৰিছিল।কলকাতাৰ এই ৰোডশ্ব’ই উত্তৰ-পূব ভাৰতৰ বিকাশৰ যাত্ৰাৰ অংশ হ’বলৈ আগ্ৰহী বহু সম্ভাৱ্য বিনিয়োগকাৰীক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।
(Release ID: 2108715)
Visitor Counter : 4