উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
২০২৫ চনৰ ১৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আহমেদাবাদ ৰোড শ্ব’ৰ সময়সূচী সম্পৰ্কে প্ৰেছ বিজ্ঞপ্তি
Posted On:
17 JAN 2025 6:04PM by PIB Guwahati
উত্তৰ-পূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত আজি আহমেদাবাদত উত্তৰ-পূব বাণিজ্য আৰু বিনিয়োগ ৰোডশ্ব’ৰ আয়োজন কৰা হয়। এই ৰোড শ্ব’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সুযোগ বিচাৰি উলিয়াবলৈ আগ্ৰহী সম্ভাৱ্য বিনিয়োগকাৰীৰ তীব্ৰ আগ্ৰহ দেখা গৈছিল। অনুষ্ঠানত MDoNER আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় ড° সুকান্ত মজুমদাৰৰ লগতে MDoNER, North Eastern Council, North Eastern State, NEHHDC আৰু NERAMAC ৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
মাননীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে অৱগত কৰে যে মাননীয় প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবক ভাৰতৰ অষ্টলক্ষ্মী হিচাপে গুৰুত্ব আৰোপ কৰিছে, যিটো দ্ৰুত ঔদ্যোগীকৰণৰ বাবে সাজু হোৱা এক বৃহৎ অৰ্থনৈতিক সম্পদ। তেওঁ বিগত ১০ বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি খণ্ডত গ্ৰহণ কৰা বৃহৎ উন্নয়নমূলক পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, য’ত বিমান আৰু ৰে’ল সংযোগ, জলপথ আদিৰ সম্প্ৰসাৰণ আদি অন্তৰ্ভুক্ত। তেওঁ কয় যে উন্নতি যোজনা, ২০২৪ আৰম্ভ কৰাটো বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰা, বিনিয়োগ বৃদ্ধি কৰা আৰু ভাৰতৰ আতমনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰাৰ লক্ষ্যৰে আন এক ঐতিহাসিক পদক্ষেপ।

মাননীয় ৰাজ্যিক মন্ত্ৰী এম ডি অ’নেৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰেই অতুলনীয় শক্তি, সম্পদ আৰু সুযোগ আছে, যাৰ ফলত এই অঞ্চল ভাৰতৰ বিকাশৰ কাহিনীত এক অমূল্য সম্পদ হিচাপে পৰিগণিত হৈছে। চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কৌশলগত অৱস্থানলৈকে উত্তৰ-পূব অঞ্চলটোৱে দেশৰ অন্যতম আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ অপৰিসীম সম্ভাৱনা আছে। দক্ষিণ-পূব এছিয়াৰ সৈতে ইয়াৰ সান্নিধ্যই উত্তৰ-পূব অঞ্চলটোক দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ প্ৰৱেশদ্বাৰ হিচাপেও প্ৰতিষ্ঠা কৰে, যিটো ভাৰতৰ এক্ট ইষ্ট নীতিৰ সৈতে নিখুঁতভাৱে মিলি যায়। পৰ্যটন আৰু আতিথ্য, কৃষি আৰু সংশ্লিষ্ট উদ্যোগ, স্বাস্থ্যসেৱা, মনোৰঞ্জন আৰু ক্ৰীড়া, আন্তঃগাঁথনি আৰু লজিষ্টিক, আই টি আৰু আই টি ই এছ, বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প, শক্তি আদি বিভিন্ন খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। তেওঁ গুজৰাটৰ সজীৱ ব্যৱসায়ী সমাজক উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাক অন্বেষণ কৰিবলৈ আৰু উত্তৰ-পূব অঞ্চলটোক কেৱল বিনিয়োগৰ গন্তব্যস্থান হিচাপেই নহয়, এক অনন্য কাহিনী আৰু অপৰিসীম সম্ভাৱনা থকা অঞ্চল হিচাপেও চাবলৈ আমন্ত্ৰণ জনায়।
এমডিঅ’নেৰৰ যুটীয়া সচিব শ্ৰী শান্তনুৱে উত্তৰ-পূর্বাঞ্চলৰ বৈশিষ্ট্য আৰু তাত থকা বিনিয়োগ আৰু ব্যৱসায়িক সুযোগ সন্দর্ভত ভাষণত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূর্বাঞ্চল অঞ্চলত বহুখিনি অনাবৃত সম্ভাৱনা আছে৷ যোৱা দশকত চৰকাৰে কেইবাটাও বাকী থকা প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰি বিভিন্ন আঁচনি/উদ্যোগৰ জৰিয়তে স্থানীয় জনগোষ্ঠী আৰু লাখ লাখ লোকক উপকৃত কৰিছে। তেওঁ আই টি আৰু আই টি ই এছ, স্বাস্থ্যসেৱা, কৃষি আৰু সংশ্লিষ্ট খণ্ড, শিক্ষা আৰু দক্ষতা বিকাশ, ক্ৰীড়া আৰু মনোৰঞ্জন, পৰ্যটন আৰু আতিথ্য, আন্তঃগাঁথনি আৰু লজিষ্টিক; বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্প আৰু শক্তিৰ দৰে বিভিন্ন খণ্ডত অঞ্চলটোৰ সুযোগসমূহৰ ওপৰতো আলোকপাত কৰা হয়। উত্তৰ-পূবাঞ্চলত বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে এমডিঅ’নেৰে দিল্লীত ‘উত্তৰ-পূৱ বিনিয়োগকাৰী সন্মিলন’ আয়োজন কৰিবলৈ সাজু হৈছে। শীৰ্ষ সন্মিলনৰ পূৰ্বৰ বিভিন্ন কাৰ্যসূচীৰ সময়ত উত্তৰ-পূবৰ ৰাজ্যসমূহে এতিয়ালৈকে বুজাবুজি চুক্তি আৰু উদ্দেশ্যপত্ৰৰ ৰূপত মুঠ ৭৭,০০০ কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে।
উত্তৰ-পূবৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ বিষয়াসকলে বিভিন্ন খণ্ডত উদীয়মান সুযোগসমূহৰ ওপৰত ব্যৱহাৰিক অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰে। আহমেদাবাদ ৰোড শ্ব’ত উদ্যোগৰ নেতাসকলৰ শক্তিশালী অংশগ্ৰহণে উত্তৰ-পূব ভাৰতত বিনিয়োগৰ আবেদন আৰু অধিক শক্তিশালী কৰি তুলিছে। এই অনুষ্ঠানত কেইবাখনো বি টু জি বৈঠকৰো সাক্ষী হৈছিল, যিয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূবাঞ্চলত নিজৰ বিনিয়োগ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ এক মঞ্চ প্ৰদান কৰিছিল।
আহমেদাবাদ ৰ'ড শ্ব'টো এক ইতিবাচক লক্ষ্যৰে সমাপ্ত হয়, অংশগ্ৰহণকাৰীসকলে উত্তৰ-পূবাঞ্চলত সহযোগিতামূলক উদ্যোগ অন্বেষণত তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে। এই অনুষ্ঠানটোৱে কেৱল অৰ্থপূৰ্ণ আলোচনাই নহয়, লগতে ভৱিষ্যতৰ অংশীদাৰীত্ব, অৰ্থনৈতিক বিকাশ আৰু অঞ্চলটোত বহনক্ষম উন্নয়নৰ ভিত্তি স্থাপন কৰে। এই অনুষ্ঠানটোৱে সমগ্ৰ ভাৰতত সফল ৰোড শ্ব'ৰ এটা শৃংখলাত আন এটা মাইলৰ খুঁটি চিহ্নিত কৰে আৰু উত্তৰ-পূব ভাৰতৰ অব্যৱহৃত সম্ভাৱনা প্ৰদৰ্শন কৰে।
MG/DS
(Release ID: 2104923)
Visitor Counter : 14