নৌ-পৰিবহন মন্ত্ৰালয়
যোগীঘোপাত আই ডব্লিউ টি টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
ভাৰতৰ লজিষ্টিক বৃদ্ধিক আগুৱাই নিবলৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ আভ্যন্তৰীণ জলপথক সজীৱ কৰি তোলা হৈছে: সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱালে যোগীঘোপাৰ পৰা বাংলাদেশলৈ ১১০ মেট্ৰিক টন সামগ্ৰীৰে এমভি পদ্ম নেভিগেচন II ৰ ফ্লেগ অফ কৰে
“যোগীঘোপাৰ নতুন টাৰ্মিনেল পূব ভাৰতৰ লজিষ্টিক খণ্ডৰ বাবে এটা পট পৰিৱৰ্তনকাৰী পদক্ষেপ — ই ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত ত্ৰিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব”: সৰ্বানন্দ সোণোৱাল
যোগীঘোপাৰ টাৰ্মিনেলটো ৮২ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা হৈছে, কাৰ্গো পৰিচালনাৰ বাবে ইলেক্ট্ৰিক লেভেল লুফিং ক্ৰেনৰ সৈতে আৰচিচি জেটিৰে ইয়াক সজ্জিত কৰা হৈছে
ভূটান চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী লিয়নপো নামগ্যাল দৰ্জীয়ে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে
Posted On:
18 FEB 2025 5:30PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে যোগীঘোপাত আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি)টো আজি উদ্বোধন কৰি দেশবাসীৰ বাবে উৎসৰ্গা কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাৰ্জ অজয় আৰু দিক্ষুৰ লগতে এম ভি ত্ৰিশুল জাহাজ ষ্টোন চিপ আৰু ১১০ মেট্ৰিক টন কয়লাৰ সৈতে বাংলাদেশলৈ ফ্লেগ কৰে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টাৰ্মিনেলটোৰ আধাৰশিলা স্থাপন কৰিছিল।
ভূটানৰ গেলেফুৰ পৰা ৯১ কিলোমিটাৰ, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই টাৰ্মিনেলটোৱে কৌশলগত দিশৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ ফলত বাংলাদেশ আৰু ভূটানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক উন্নত হৈ পৰিব। যোগীঘোপা টাৰ্মিনেল ভাৰত আৰু বাংলাদেশৰ মাজত পি আই ডব্লিউ টি এণ্ড টিৰ অধীনত ঘোষিত প’ৰ্ট অৱ কলৰ ভিতৰত অন্যতম। ২০২৭ চনৰ ভিতৰত এই টাৰ্মিনেলটোৱে বছৰি ১১ লাখ টন সামগ্ৰী পৰিচালনা কৰিব পাৰিব। বাৰ্জ অজয় আৰু দীক্ষুৰ সৈতে এমভি পদ্ম নেভিগেচন II জাহাজখনে ১১০ মেট্ৰিক টন কয়লা কঢ়িয়াই নিয়াৰ বিপৰীতে এমভি ত্ৰিশুলে বাংলাদেশলৈ শিলৰ চিপ কঢ়িয়াই নিয়ে।
এই উপলক্ষে্য ভাষণ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ দিনটো দেশৰ জলপথ পৰিবহণ খণ্ডৰ বাবে এক ঐতিহাসিক দিন৷ আজি আমি যোগীঘোপাৰ আই ডব্লিউ টি টাৰ্মিনেল জনসাধাৰণৰ বাবে আৰু দেশৰ বাবে উৎসৰ্গা কৰিছো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত জলপথ পৰিবহণত ভাৰতৰ লজিষ্টিক বৃদ্ধিৰ লক্ষ্যণীয় পৰিৱৰ্তন ঘটিছে, মোদী জীৰ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীয়ে আমাক আগুৱাই লৈ গৈছে। যোগীঘোপাৰ আই ডব্লিউ টি টাৰ্মিনেলে অঞ্চলটোৰ সংযোগক ত্বৰান্বিত কৰাৰ লগতে ভূটান আৰু বাংলাদেশৰ সৈতে আমাৰ ত্ৰিপাক্ষিক বাণিজ্যক শক্তিশালী কৰি তুলিব। ইয়াৰ কৌশলগত অৱস্থানে ইয়াক অঞ্চলটোৰ বাবে অৰ্থনৈতিক বহুগুণকৰ ভূমিকা পালন কৰিবলৈ সক্ষম কৰি তুলিছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘চুবুৰীয়া প্ৰথম ’ মতবাদৰেই প্ৰমাণ।”
বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে কৌশলগত আঞ্চলিক প্ৰকল্প আৰু চুক্তিৰ জৰিয়তে ভাৰতে বৰ্ধিত আঞ্চলিক বাণিজ্য আৰু নিৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধাৰ অৰ্থে নিজকে এক গুৰুত্বপূৰ্ণ জলপথৰ দুৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ যাৰ ফলত দক্ষিণ এছিয়াৰ সামগ্ৰিক উন্নয়ন তথা সংহতিত ই অৰিহণা যোগাইছে৷ একে সময়তে অঞ্চলটোৰ অৰ্থনৈতিক পৰিৱেশৰ বহনক্ষমতা আৰু সজীৱতা নিশ্চিত হৈ পৰিছে।
৮২ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মিত যোগীঘোপা টাৰ্মিনেলত কাৰ্গো পৰিচালনাৰ বাবে ইলেক্ট্ৰিক লেভেল লুফিং (ই এল এল) ক্ৰেন ডিজাইন কৰা হৈছে ইয়াত আৰ চি চি এপ্ৰ’চৰ সৈতে আৰ চি চি জেটি আছে। টাৰ্মিনেলটোত প্ৰশাসনিক ভৱন, শুল্ক কাৰ্যালয় ভৱন, অভিবাসন কাৰ্যালয়, ট্ৰাক পাৰ্কিং এলেকা, পাৱাৰ বেক আপৰ সৈতে ১১০০ বৰ্গমিটাৰ কভাৰড ষ্ট’ৰেজ এৰিয়া আৰু ১১,০০০ বৰ্গমিটাৰ মুকলি ষ্ট’ৰেজ আদি আন্তঃগাঁথনিৰো সুবিধা আছে।
অভ্যন্তৰীণ জলপথৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “অভ্যন্তৰীণ জলপথৰ উন্নয়নে ভাৰতৰ লজিষ্টিক খণ্ডৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশাল প্ৰতিশ্ৰুতি বহন কৰিছে। আমাৰ নদী আৰু জলভাগৰ বিস্তৃত নেটৱৰ্কৰ সহায়ত আমি সামগ্ৰীৰ বাবে এক বহনক্ষম, খৰচ-বহনক্ষম আৰু কাৰ্যক্ষম পৰিবহণৰ ধাৰা সৃষ্টি কৰিব পাৰো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬, আভ্যন্তৰীণ জাহাজ আইন, ২০২১ আদি বহু পৰিৱৰ্তনকামী আইন আনি সামগ্ৰী আৰু যাত্ৰীৰ যাতায়ত উভয়ৰে বাবে আভ্যন্তৰীণ জলপথ পৰিবহণৰ পৰিৱেশতন্ত্ৰক সবল আৰু সক্ষম কৰি তুলিছে।”
অনুষ্ঠানটোত ভূটানৰ ৰাজকীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু নিযুক্তি দপ্তৰৰ মন্ত্ৰী মহামান্য লিয়নপো নামগিয়াল দৰ্জীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ; , অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা; অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী যোগেন মহন ; সাংসদ (বৰপেটা) ফণী ভূষণ চৌধুৰী ; সাংসদ (ধুবুৰী) ৰকিবুল হুছেইন,; প্ৰদীপ সৰকাৰ, বিধায়ক (অভয়াপুৰী দক্ষিণ);আই.ডব্লিউ.এ.আই.-ৰ অধ্যক্ষ আইএএছ বিজয় কুমাৰৰ লগতে অন্যান্য বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
উত্তৰ-পূৰ্বাঞ্চলত, এনডব্লিউ-২ৰ ব্যাপক বিকাশ, পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা, বগীবিল টাৰ্মিনেলৰ উন্নয়ন, পাণ্ডুলৈ অন্তিম মাইল সংযোগ আদি প্ৰকল্প হৈছে কিছুমান প্ৰকল্প , যিবোৰ বৰ্তমান উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে। উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, ই অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধি বৃদ্ধিত এই জলপথসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ এক সুন্দৰ প্ৰমাণ হিচাপে থিয় দিছে। যোগীঘোপাৰ নতুন আইডব্লিউটি টাৰ্মিনেলৰ কাৰ্যকৰীকৰণ সেই দিশত এটা পদক্ষেপ হিচাবে পৰিগণিত হৈছে।
অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আইডব্লিউটি যোগীঘোপাৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি শ্ৰী সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত উত্তৰ-পূবে এই পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ সৈতে বিকাশক গুণকলৈ ৰূপান্তৰিত কৰিব পাৰিছে। যেতিয়া আমি বিকশিত ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশে আগবাঢ়িছো, সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আমাৰ সমৃদ্ধ আৰু জটিল আন্তঃগাঁথনিৰ সৈতে এয়া সম্ভৱ হ'ব লাগিব৷"
বিগত দশকত বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত আই ডব্লিউ টি খণ্ডত অভূতপূৰ্ব উত্থান ঘটিছে। কাৰ্য্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭% বৃদ্ধি হৈছে, এন ডব্লিউত চম্ভালিব পৰা সামগ্ৰীৰ পৰিমাণ ৭২৭% বৃদ্ধি হৈছে, আভ্যন্তৰীণ জলপথৰ বাবে বাজেট আবণ্টন ৮৬০% বৃদ্ধিৰ সৈতে মাল্টিম’ডাল টাৰ্মিনেলত ৬২% অসাধাৰণ বৃদ্ধি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় জলপথত মালবাহী যাতায়ত যোৱা দহ বছৰত সূচকীয় বৃদ্ধিৰ সাক্ষী হৈছে – এটা দশকৰ আগৰ ১ কোটি ৮০ লাখ টনৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৩৩ মিলিয়ন টনলৈ ২২%তকৈ অধিক চিএজিআৰ লাভ কৰা হৈছে।
পৰ্যটন খণ্ডৰ ক্ষেত্ৰতো আভ্যন্তৰীণ জলপথৰ তাৎপৰ্য আছে। এম ভি গংগা বিলাসৰ ঐতিহাসিক যাত্ৰাত ক্ৰুজ পৰ্যটনক ‘বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ’ হোৱাৰ সম্ভাৱনা আৰু ২৭খন ভিন্ন নদী ব্যৱস্থা, ৫খন ৰাজ্য তথা দুখন দেশৰ মাজেৰে যাত্ৰা কৰাৰ সম্ভাৱনাক প্ৰকট কৰি তোলা হৈছে। যোৱা এটা দশকত ৰিভাৰ ক্ৰুজ পৰ্যটন খণ্ডত যথেষ্ট বৃদ্ধি পাইছে। ২০১৩-১৪ চনত ৩খনৰ পৰা ২০২৩-২৪ চনত ২৫খনলৈ বৃদ্ধি পাইছে নদী ক্ৰুজ জাহাজৰ সংখ্যা।
আই ডব্লিউ টি খণ্ডত ১৯৮৬ চনৰ পৰা ২০১৪ চনলৈকে ২৮ বছৰৰ বাবে বছৰি সামান্য ৫৮ কোটি টকাৰ পৰা ২০১৪ চনৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে যোৱা ১১ বছৰৰ ভিতৰত বছৰি ৬৪৮ কোটি টকালৈ বৃদ্ধি পাইছে।
নদীৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে এক ষ্টপ সমাধান হিচাপে গুৱাহাটীত এটা বিশ্বমানৰ নদী ক্ৰুজ টাৰ্মিনেল গঢ়ি তোলা হৈছে। ইয়াৰ উপৰি শিলঘাট, বিশ্বনাথ ঘাট, নিয়ামতী আৰু গুইজানত ৪টা নিবেদিত নদী ক্ৰুজ টাৰ্মিনেলৰ উন্নয়ন তথা পৰ্যাপ্ত অফশ্ব’ৰ সা-সুবিধা আৰু আধুনিক সুবিধাৰে গঢ়ি তোলা হৈছে।
নৰেন্দ্ৰ মোদী চৰকাৰে অহা পাঁচ বছৰত ভাৰতত ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে ‘ক্ৰুজ ভাৰত মিছন’ আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে ১০টা ছি ক্ৰুজ টাৰ্মিনেল, ১০০টা ৰিভাৰ ক্ৰুজ টাৰ্মিনেল আৰু ৫টা মেৰিনা স্থাপন কৰা। এই অভিযানে ক্ৰুজ কল আৰু যাত্ৰী দুগুণলৈ বৃদ্ধি কৰা, আঞ্চলিক মিত্ৰতা শক্তিশালী কৰা আৰু ২০২৯ চনৰ ভিতৰত সাগৰ আৰু নদী ক্ৰুজ ভ্ৰমণকাৰীৰ যথেষ্ট বৃদ্ধি কৰি সমগ্ৰ দেশতে পৰ্যটন তথা সংযোগ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। দেশজুৰি জাহাজসমূহৰ নিৰাপদ আৰু মসৃণ চলাচল সুশৃংখলিত কৰাৰ লক্ষ্যৰে ১১১টা ৰাষ্ট্ৰীয় জলপথ ঘোষণা কৰা ৰাষ্ট্ৰীয় জলপথ আইন ২০১৬ আৰু আভ্যন্তৰীণ জাহাজ আইন ২০২১ প্ৰণয়নৰ দৰে বৃহৎ আইনগত সংস্কাৰো সাধন কৰা হৈছে।
সৰ্বানন্দ সোণোৱালে কয় যে আই.ডব্লিউ.এ.আই.-য়ে কোচি ৱাটাৰ মেট্ৰ' ৰ আৰ্হিত ১২ খন ৰাজ্যৰ ১৮ খন চহৰত পানী মেট্ৰ' প্ৰকল্প বিকশিত কৰাৰ অৰ্থে নগৰীয়া জল পৰিবহন ব্যৱস্থা শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে- যাৰ ভিতৰত আছে গুৱাহাটীৰো এটা প্ৰকল্প।
আই ডব্লিউ টি যোগীঘোপাৰ বিষয়ে:
২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত যোগীঘোপাস্থিত আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আই.ডব্লিউ.এ.আই., পি.এছ.ডব্লিউ. মন্ত্ৰালয়ে টাৰ্মিনেল নিৰ্মাণৰ বাবে এন.এইচ.আই.ডি.চি.এল.-ক দায়িত্ব অৰ্পণ কৰিছে। প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ৮২.০৩ কোটি টকা৷ ১৫ একৰ এলেকাত বিস্তাৰিত, টাৰ্মিনেলটো ৪ লেনৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১৭-ৰ ওচৰত যোগীঘোপাৰ এমএমএলপিৰ সৈতে সংযোজিত। ভাৰত মালা কাৰ্যসূচীৰ অধীনত ডালু-টুৰা-গোৱালপাৰা-গেলেফু মাল্টিমোডেল বাণিজ্য পথৰ সৈতে অৰ্থনৈতিক কৰিডৰ বিকাশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ কথা বিবেচনা কৰি টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। যোগীঘোপা হৈছে বাণিজ্য আৰু পৰিবহনৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰটোকল পথৰ (আইবিপিআৰ) সৈতে এক গুৰুত্বপূৰ্ণ বন্দৰ।
বাংলাদেশ আৰু ভূটানৰ সৈতে বাণিজ্য শক্তিশালী কৰাৰ অৰ্থে নিৰ্মিত এই টাৰ্মিনেলটো অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। যোগীঘোপা টাৰ্মিনেলৰ দূৰত্ব গেলেফু ভূটানৰ পৰা মাত্ৰ ৯১ কিলোমিটাৰ (গেলেফু এখন সুন্দৰ চহৰ ) য'ত ভূটানৰ ৰয়েল গভৰ্ণৰ দ্বাৰা এখন আধুনিক চহৰ নিৰ্মাণৰ কাম চলি আছে। এই টাৰ্মিনেলটো বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত । এই টাৰ্মিনেলটো কলকাতা/হালদিয়াত সংযোগ কৰা আই বি পি পথৰ জৰিয়তে বাংলাদেশ, উত্ৰ-পূৰ বৰাক উপত্যকাৰ লগতে ভাৰতৰ অন্যান্য অংশৰ সৈতে সংযোগ কৰা হৈছে। টাৰ্মিনেলৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত হৈছে ইয়াৰ আৰচিচি জেটিৰ আকাৰ ১০০মিটাৰx২১মিটাৰ আৰু আৰচিচি এপ্ৰ’চ (১৩৬মিটাৰx৮মিটাৰ)। প্ৰকল্পটোত এডমিন বিল্ডিং (জি+২), কাষ্টমছ বিল্ডিং, ইমিগ্ৰেচন বিল্ডিং, ৬০ মিটাৰ x১৮ মিটাৰ আকাৰৰ ট্ৰেনজিট (কভাৰড ষ্ট’ৰেজ), মুকলি ষ্ট’ৰেজ (৬২৮০ বৰ্গমিটাৰ আৰু ৩৭০০ বৰ্গমিটাৰ), ৪১২ কেভিএ সংযোগৰ সৈতে ২৪x৭ বিদ্যুতৰ ব্যৱস্থাৰ সৈতে নিৰাপত্তা, সুৰক্ষিত সীমা দেৱাল, ১৫০০ বৰ্গমিটাৰৰ পৰ্যাপ্ত ট্ৰাক পাৰ্কিঙৰ সুবিধা, কেন্টিন আৰু জিৰণি কোঠাৰ সুবিধা আছে। টাৰ্মিনেলৰ প্ৰাৰম্ভিক ক্ষমতা ১.১ এমটিপিএ। এই টাৰ্মিনেলৰ পৰা চম্ভালিব পৰা প্ৰাথমিক সামগ্ৰীসমূহৰ ভিতৰত খাদ্য শস্য, সাৰ, আলকাতৰা ,কয়লা/বিটুমিন, পি অ’ এল আৰু খাৰুৱা তেল, খোৱা তেল, ফ্লাই এছ, আমদানিকৃত কয়লা, ষ্টোন চিপছ আদি অন্তৰ্ভুক্ত হৈ আছে।
(Release ID: 2104606)
Visitor Counter : 16