বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে
কেন্দ্ৰীয় মন্ত্ৰীৰে বৰষুণৰ পূৰ্বাভাস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আলোচনা, ত্ৰিপুৰাই লাভ কৰিব উন্নত বতৰ সম্পৰ্কীয় ৰাডাৰ
ত্ৰিপুৰাৰ বাঁহ উদ্যোগ কেন্দ্ৰীয় সমৰ্থন লাভ কৰি বিকাশিত হ’ব বুলি কয় ড০ জিতেন্দ্ৰ সিঙে
আগৰতলা-আখৌৰা ৰেল সংযোগে ভাৰত-বাংলাদেশৰ সংযোগ শক্তিশালী কৰি নতুন বাণিজ্যিক পথ মুকলি কৰিছে
পোষ্ট কৰা হৈছে:
16 FEB 2025 6:40PM by PIB Guwahati
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই আজি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি উন্নত বতৰ সম্পৰ্কীয় পূৰ্বাভাস ব্যৱস্থা, প্ৰশাসনিক বিষয় আৰু বাঁহ উদ্যোগৰ বিকাশকে ধৰি ৰাজ্যখনৰ নানান গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ভাৰতৰ উত্তৰ-পূব অংশ আৰু বাংলাদেশৰ মাজত সংযোগ সুদৃঢ় কৰি তোলা সদ্য উদ্বোধন কৰা আগৰতলা-আখৌৰা ৰে’ল সংযোগৰ বিষয়েও আলোচনা কৰা হয়।
এই বছৰ ত্ৰিপুৰাত অস্বাভাৱিকভাৱে প্ৰচুৰ বৰষুণ হৈছে—ইয়াৰ পৰিমাণ ৫০০ মিলিমিটাৰতকৈ অধিক—মুখ্যমন্ত্ৰীয়ে বতৰৰ উন্নত পূৰ্বাভাস আৰু দুৰ্যোগৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰৰ পৰা প্ৰযুক্তিগত সহায় বিচাৰে । ড০ জিতেন্দ্ৰ সিঙে আশ্বাস দিয়ে যে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে এবছৰৰ ভিতৰত ৰাজ্যখনত এক অত্যাধুনিক বতৰ সম্পৰ্কীয় ৰাডাৰ স্থাপন কৰিব। অঞ্চলটোত বৰ্তমান থকা মহাকাশ গৱেষণা কেন্দ্ৰৰ সহায়ত এই ৰাডাৰে বৰষুণ আৰু ঘূৰ্ণীবতাহৰ বাবে বাস্তৱ সময়ৰ বতৰৰ ভৱিষ্যদ্বাণী বৃদ্ধি কৰিব, যিয়ে প্ৰতিকূল বতৰে সৃষ্টি কৰিব পৰা বিষম প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব।
এই আলোচনাত ত্ৰিপুৰাৰ বিশাল বাঁহৰ সংৰক্ষিত বনাঞ্চলৰ কৌশলগত উন্নয়নৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জৈৱ প্ৰযুক্তি আৰু বাঁহ গৱেষণাৰ প্ৰতি নিবেদিত অসম (যোৰহাট) আৰু মণিপুৰৰ বিশেষ প্ৰতিষ্ঠানসমূহে ত্ৰিপুৰা চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বাঁহৰ অৰ্থনৈতিক সম্ভাৱনাক সঠিক ৰূপত ব্যৱহাৰ কৰিব। এই পদক্ষেপে ৰাজ্যখনৰ ঔদ্যোগিক প্ৰয়োগ, বহনক্ষম জীৱিকা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।
বৈঠকত স্থান লাভ কৰা আন এটা মূল বিষয় আছিল ৰাজ্যখনত আমোলা আৰু বিষয়াক নিযুক্তি দিয়াকে ধৰি নানান প্ৰশাসনিক বিষয়ৰ আলোচনা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয়ত সঁহাৰি জনাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে প্ৰয়োজনীয় আলোচনাৰ আশ্বাস দিয়ে।
ডাঃ মাণিক সাহাই ড° জিতেন্দ্ৰ সিঙক ত্ৰিপুৰাৰ প্ৰথমখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়েও অৱগত কৰে। এই দন্ত চিকিৎসালয় খনে ৰাজ্য খনক বিশেষভাবে উপকৃত কৰিব। পূৰ্বে মুখ্যমন্ত্ৰী ডাঃ সাহাও এগৰাকী চিকিৎসক আছিল । দন্ত চিকিৎসা মহাবিদ্যালয়খনৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ৰাজ্যখনত উন্নত শৈক্ষিক সুযোগ প্ৰদান কৰা।
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী (DoNER)ৰ কাৰ্যকালত ড° জিতেন্দ্ৰ সিঙে সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াই অহা প্ৰকল্প আগৰতলা-আখৌৰা ৰেল সংযোগ কাৰ্যকৰী কৰাৰ বিষয়েও বৈঠকত গুৰুত্ব লাভ কৰে। ১২.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'ল কৰিড’ৰ—ত্ৰিপুৰাৰ ৫.৪৬ কিলোমিটাৰ আৰু বাংলাদেশৰ ৬.৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰে গঠিত৷ এই ৰে'ল কৰিড’ৰে ভাৰতৰ উত্তৰ-পূব অংশ আৰু বাংলাদেশৰ বন্দৰৰ মাজত ঐতিহাসিক সম্পৰ্ক পুনৰ স্থাপন কৰি বাণিজ্য বৃদ্ধি আৰু জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি কৰিছে। এই সংযোগে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ পথ সম্প্ৰসাৰিত কৰি ত্ৰিপুৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
বৈঠকত প্ৰযুক্তিগত উন্নতি, প্ৰশাসনিক সমন্বয় আৰু উন্নত আঞ্চলিক সংযোগৰ জৰিয়তে ত্ৰিপুৰাৰ উন্নয়নত সহায় কৰিবলৈ কেন্দ্ৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
(ৰিলিজ আই ডি : 2104382)
অতিথি কক্ষ : 44