ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

বস্ত্র আৰু বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী শ্ৰী পবিত্র মাৰ্ঘেৰিটাৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিএছবিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন-চিল্কটেক ২০২৫ উদ্বোধন

কেন্দ্ৰীয় ৰেচম বৰ্ডৰ ৰেচম খণ্ডত উদীয়মান প্ৰযুক্তি সন্দৰ্ভত ৰেচম প্ৰযুক্তি-২০২৫ শীৰ্ষ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

ৰেচম মূল্য শৃংখলাত শূন্য আৱৰ্জনা প্ৰযুক্তিৰ ওপৰত মন্ত্ৰীগৰাকীৰ আলোকপাত

সন্মিলনৰ সময়ত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু অন্যান্য গৱেষণা তথা উন্নয়ন সংস্থা আৰু বেচৰকাৰী সংগঠনসমূহৰ মাজত ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

সন্মিলনৰ সময়ত ৰেচম খণ্ডত উদীয়মান প্ৰযুক্তি সন্দৰ্ভত দুখন স্মাৰক গ্ৰন্থও উন্মোচন কৰে মাৰ্ঘেৰিটাই

Posted On: 17 FEB 2025 4:02PM by PIB Guwahati

বস্ত্র আৰু বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী শ্ৰী পবিত্র মাৰ্ঘেৰিটাই আজি বিশাল বস্ত্ৰ অনুষ্ঠান-ভাৰত টেক্স ২০২৫-ৰ অংশ হিচাপে নতুন দিল্লীৰ ভাৰত মণ্ডপমত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম ছামী ৰাও আই এ এছৰ উপস্থিতিত চিএছবিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন-চিল্কটেক ২০২৫ উদ্বোধন কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত থকা চিএছবি-কেন্দ্ৰীয় টাছাৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰাঁচী আৰু চিএছবি-কেন্দ্ৰীয় ৰেচম প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠানে (চিএছটিআৰআই)ৰেচম খণ্ডত উদীয়মান প্ৰযুক্তি-চিল্কটেক ২০২৫ শীৰ্ষক এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে।

WhatsApp Image 2025-02-17 at 1.49.37 PM.jpeg

শ্ৰী পবিত্র মাৰ্ঘেৰিতাই ভাষণ প্ৰসংগত উত্তৰ-পূবৰ বিশেষ মুগা আৰু ইৰি ৰেচমৰ বিষয়ে উল্লেখ কৰে। ৰেচম মূল্য শৃংখলাত শূন্য আৱৰ্জনা প্ৰযুক্তিৰ ওপৰতো তেওঁ আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে মানসম্পন্ন গৱেষণা আৰু সহযোগিতাৰ জৰিয়তে বস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানি তিনিগুণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৰা আহ্বানৰ উদ্ধৃতি দিয়ে।

WhatsApp Image 2025-02-17 at 1.49.34 PM.jpeg

বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী নীলম ছামী ৰাও, আই এ এছ-এ ৰেচম সমগ্ৰ কাৰ্যসূচীৰ পাছত ৰেচম উৎপাদনত হোৱা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। ৰেচম উপজাত সামগ্ৰীয়ে পৰৱৰ্তী যুগৰ প্ৰযুক্তিৰ জৰিয়তে মূল ধাৰা দখল কৰাৰ তেওঁ পোষকতা কৰে।

সন্মিলনত বস্ত্র বিভাগৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ৰেচম খণ্ডত উদীয়মান প্ৰযুক্তিৰ ওপৰত বিমূর্ত চিল্কটেক ২০২৫ আৰু প্ৰদ্যোগিকি বিৱৰ্ণক শীৰ্ষক (এক প্ৰযুক্তি বিৱৰণী) উন্মোচন কৰে আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে এই উপলক্ষে চিএছবিৰ প্ৰকাশনসমূহ মুকলি কৰে। সন্মিলনৰ সময়ত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু অন্যান্য গৱেষণা আৰু উন্নয়ন সংস্থা তথা বেচৰকাৰী সংগঠনসমূহৰ মাজত ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়।

WhatsApp Image 2025-02-17 at 1.49.38 PM.jpeg

সন্মিলনখনত প্ৰসাধন সামগ্ৰী, ফাৰ্মা আদিৰ ক্ষেত্ৰত বস্ত্ৰৰ বাহিৰেও ৰেচমৰ নতুন প্ৰয়োগৰ আলোচনা আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু ৰেচমৰ মান উন্নত কৰাৰ বাবে উপযুক্ত প্ৰযুক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য'ত বিশ্বৰ বজাৰৰ প্ৰৱণতা আৰু সমগ্ৰ ৰেচম উৎপাদন শৃংখলাত বহনক্ষম উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত আত্মনিৰ্ভৰ হ'ব।

অনুষ্ঠানত ফাইবাৰ খণ্ডৰ যুটীয়া সচিব শ্ৰীমতী প্ৰজক্তা এল বাৰ্মা, আই এ এছ, বস্ত্ৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী অজয় গুপ্তা, আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ সদস্য সচিব শ্ৰী পি শিৱকুমাৰ, অনুষ্ঠানত উপস্থিত থাকে।

Click here to download Explainer

***

Dhanya Sanal K, IIS/DD

Director


(Release ID: 2104176) Visitor Counter : 26