উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        পিএম-ডিভাইন আঁচনিৰ অধীনস্থ প্ৰকল্পৰাজিৰ স্থিতি
                    
                    
                        
                    
                
                
                    Posted On:
                06 FEB 2025 4:19PM by PIB Guwahati
                
                
                
                
                
                
                ২০২২ৰ অক্টোবৰত পিএম-ডিভাইন (PM-DevINE)ৰ আৰম্ভণিৰেপৰা ৩১-০১-২০২৫ লৈকে ৪৯২৭.২২ কোটি টকা মূল্যৰ মুঠ ৩৬ টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে। ইয়াৰে ১২১.২১ কোটি টকা মূল্যৰ দুটা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে। পিএম-ডিভাইনৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ স্থিতি পৰিশিষ্টত উল্লেখ কৰা হৈছে।
পিএম-ডিভাইনৰ অধীনত অনুমোদিত প্ৰকল্পসমূহ শিক্ষা, স্বাস্থ্য, পৰ্যটন, যোগাযোগ ব্যৱস্থা আৰু জীৱিকাৰে সম্পৰ্কীয়, যিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনসাধাৰণৰ বাবে মৌলিক ন্যূনতম সেৱাৰ অগ্ৰগতি সাধন কৰে।
****
পৰিশিষ্ট
“পিএম-ডিভাইন আঁচনিৰ অধীনস্থ প্ৰকল্পৰাজিৰ স্থিতি”
৩১-০১-২০২৫ লৈকে
	
		
			| ক্ৰমিক নং | প্ৰকল্পৰ নাম | ৰাজ্য চৰকাৰ/সংস্থা | স্থিতি | 
		
			| ১ | পশ্চিম ছিকিমৰ পেলিঙৰপৰা চাংগা-চোলিঙলৈকে যাত্ৰীবাহী ৰ'পৱে ব্যৱস্থাৰ বাবে গেপ ফাণ্ডিং - মুঠ ১০৮.৩৯ কোটি টকা ব্যয়ৰ ৬৩.৩৯ কোটি টকা (৫৮%) ব্যয় | ছিকিম | কাম সম্পূৰ্ণ | 
		
			| ২ | দক্ষিণ ছিকিমৰ ধপ্পাৰৰপৰা ভালেধুংগালৈ পৰিবেশ-অনুকূল যাত্ৰীবাহী ৰ'পৱে (কেবল কাৰ)ৰ বাবে গেপ ফাণ্ডিং - মুঠ ২০৯.৫৭ কোটি টকা ব্যয়ৰ ৫৭.৮২ কোটি টকা (২৮%) ব্যয় | ছিকিম | কাম সম্পূৰ্ণ  | 
		
			| ৩ | মিজোৰামৰ ভিন্ন জিলাৰ বিভিন্ন স্থানত বেম্ব’ লিংক ৰোড নিৰ্মাণৰ পাইলট প্ৰকল্প - (i) টুইৰিয়েল এয়াৰফিল্ডৰপৰা উত্তৰ চালটলাং (১৮ কিলোমিটাৰ)লৈ ৩৩.৫৮ কোটি টকা ব্যয় সাপেক্ষে আৰু (ii) লেংপুইৰপৰা চাইফল বেম্ব’ প্লেনটেচন (৪১ কিলোমিটাৰ)লৈ ৬৬.৪২ কোটি টকা ব্যয় সাপেক্ষে | মিজোৰাম | কাম আৰম্ভ | 
		
			| ৪ | নেক্টাৰ জীৱিকা উন্নয়ন প্ৰকল্প (বহু-ৰাজ্যিক) – মূল্য-সংযোজিত সামগ্ৰীৰ বাবে কলৰ কাণ্ডৰ ব্যৱহাৰ | নেক্টাৰ (NECTAR) | কাম আৰম্ভ | 
		
			| ৫ | উত্তৰ-পূব ভাৰতত বৈজ্ঞানিক জৈৱিক কৃষিৰ প্ৰসাৰ (বহু-ৰাজ্যিক) | নেক্টাৰ (NECTAR) | কাম আৰম্ভ | 
		
			| ৬ | পূব নাগালেণ্ডৰ বিশেষ উন্নয়নৰে সম্পৰ্কীয় জীৱিকা প্ৰকল্প - (২২ টা) | নাগালেণ্ড | কাম আৰম্ভ | 
		
			| ৭ | কামৰূপ জিলাৰ ২০ খন বিদ্যালয়ক চেন্টাৰ অৱ এক্সেলেন্সলৈ ৰূপান্তৰ | অসম | কাম আৰম্ভ | 
		
			| ৮ | উত্তৰ-পূব ভাৰত, গুৱাহাটীত পায়েডিয়েট্ৰিক আৰু এডাল্ট হেমাট’লিম্ফ’ইড কেন্সাৰ ব্যৱস্থাপনাৰ বাবে সমৰ্পিত সেৱাৰ ব্যৱস্থা | বিবিচিআই-গুৱাহাটী | কাম আৰম্ভ | 
		
			| ৯ | ত্ৰিপুৰা চৰকাৰৰ শক্তি বিভাগৰদ্বাৰা ত্ৰিপুৰাৰ দূৰৱৰ্তী অঞ্চললৈ নিৰ্ভৰযোগ্য শক্তি যোগানৰ বাবে সৌৰ মাইক্ৰ’ গ্ৰীড স্থাপন | ত্ৰিপুৰা | কাম আৰম্ভ | 
		
			| ১০ | অসমৰ গুৱাহাটীত মা কামাখ্যা প্ৰৱেশ কৰিডৰৰ উন্নয়ন সাধন | অসম | কাম আৰম্ভ | 
		
			| ১১ | অসমৰ শিৱসাগৰত চিকিৎসা মহাবিদ্যালয় (১০০ আসন) স্থাপন | অসম | কাম আৰম্ভ | 
		
			| ১২ | পশ্চিম গাৰো পাৰ্বত্য জিলাৰ তুৰাত আইটি পাৰ্ক স্থাপন | মেঘালয় | কাম আৰম্ভ | 
		
			| ১৩ | ইম্ফল পশ্চিম জিলাৰ মণিপুৰ কাৰিকৰী বিশ্ববিদ্যালয় (MTU)ৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন | মণিপুৰ | কাম আৰম্ভ | 
		
			| ১৪ | এজিএমচি আৰু জিবিপি হাস্পতালত ২০০ খন বিচনাযুক্ত এমচিএইচ (প্ৰসূতি আৰু শিশু স্বাস্থ্য) উইং স্থাপন | ত্ৰিপুৰা | কাম আৰম্ভ | 
		
			| ১৫ | ড্ৰাগছ আসক্তৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ স্থাপন | ত্ৰিপুৰা | কাম আৰম্ভ | 
		
			| ১৬ | ভিআইপি জংচনৰপৰা ধাৰাপুৰ জংচনলৈ এলজিবি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক সংযোগ কৰা বৰ্তমানৰ ২ লেনযুক্ত পথক ৪ লেনযুক্ত পথলৈ উন্নীতকৰণ/বহল কৰা। ইয়াৰ অন্তৰ্ভুক্ত হৈছে (i) ধাৰাপুৰত ৪ লেন গ্ৰেডৰ পৃথক জংচন (ii) এছঅ’এছ জংচনৰপৰা বৰ্তমানৰ টাৰ্মিনেল বিল্ডিঙলৈ ২ লেনৰ অতিৰিক্ত পথ আৰু (iii) বৰ্তমানৰ টাৰ্মিনেল বিল্ডিঙৰপৰা ২ লেনৰ অস্থায়ী প্ৰস্থান। (পিডব্লিউডি) | অসম | কাম আৰম্ভ | 
		
			| ১৭ | আগৰতলাত দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপন | ত্ৰিপুৰা | কাম আৰম্ভ | 
		
			| ১৮ | নিউ শ্বিলং টাউনশ্বিপত নতুন চাৰি-লেনযুক্ত পথ নিৰ্মাণ আৰু বৰ্তমানৰ দুই-লেনযুক্ত পথটোক চাইক্লিং ট্ৰেক, ইউটিলিটি ডাক্ট, ফুটপাথ ইত্যাদিৰে চাৰি-লেনলৈ ৰূপান্তৰিতকৰণ | মেঘালয় | কাম আৰম্ভ | 
		
			| ১৯ | ইম্ফলৰ মন্ত্ৰীপুখৰীস্থিত মণিপুৰ আইটি ছেজৰ প্ৰচেছিং জ’নৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন | মণিপুৰ | কাম আৰম্ভ | 
		
			| ২০ | মণিপুৰত ৬০ খন বিচনাযুক্ত ৰাজ্যিক মানসিক চিকিৎসালয় স্থাপন আৰু সজ্জিতকৰণ  | মণিপুৰ | কাম আৰম্ভ | 
		
			| ২১ | পশ্চিম দিশে আইজল বাই-পাছ পথ নিৰ্মাণ | মিজোৰাম | কাম আৰম্ভ | 
		
			| ২২ | গুৱাহাটীৰ টেক চিটিত আন-আন চৰকাৰী সংস্থাসমূহৰ সহযোগত ইলেক্ট্ৰনিক মেনুফেক্সাৰিং ক্লাষ্টাৰ (EMC)ত ডিজিটেল ডিজাইন আৰু থ্ৰীডি প্ৰিন্টিং চেন্টাৰ অৱ এক্সেলেন্স স্থাপনৰ প্ৰস্তাৱ  | এমট্ৰন (AMTRON) | কাম আৰম্ভ | 
		
			| ২৩ | ছিট্ৰংছে-ডিমাপুৰত সংশ্লিষ্ট লাইনৰ সৈতে ২২০/১৩২ কেভি (২x১০০ এমভিএ) আৰু ১৩২/৩৩ কেভি (২x৫০ এমভিএ) উপ-কেন্দ্ৰ স্থাপনৰ কাম  | নাগালেণ্ড | কাম আৰম্ভ | 
		
			| ২৪ | দক্ষিণ ছিকিমৰ ইয়াংগাঙৰ ভালেধুংগাত স্কাইৱাক প্ৰকল্প | ছিকিম | কাম আৰম্ভ | 
		
			| ২৫ | পশ্চিম ছিকিমত পৰ্যটকসকলক আকৰ্ষণৰ বাবে চিংশ্ব’ৰ ব্ৰীজক গ্লাছ স্কাইৱাক ব্ৰীজ হিচাপে ৰূপান্তৰ | ছিকিম | কাম আৰম্ভ | 
		
			| ২৬ | অৰুণাচল প্ৰদেশৰ ইটানগৰত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান স্থাপন  | অৰুণাচল প্ৰদেশ | কাম আৰম্ভ | 
		
			| ২৭ | ধনমঞ্জুৰি বিশ্ববিদ্যালয়ৰ (DMU) আন্তঃগাঁথনিৰ উন্নয়ন | মণিপুৰ | কাম আৰম্ভ | 
		
			| ২৮ | পলিটেকনিকত শৈক্ষিক আন্তঃগাঁথনি/সুবিধাৰ উন্নয়ন সাধন | নাগালেণ্ড | কাম আৰম্ভ | 
		
			| ২৯ | চিআইএইচএছআৰত ৰেডিয়েচন অংক’লজী চেন্টাৰৰ অগ্ৰগতি সাধন | নাগালেণ্ড | কাম আৰম্ভ | 
		
			| ৩০ | অসমৰ গুৱাহাটীস্থিত ডাঃ বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউট (BBCI)ত এটি দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন  | বিবিচিআই-গুৱাহাটী | কাম আৰম্ভ | 
		
			| ৩১ | বিশ্বতে অনন্য মণিপুৰৰ লংপি মৃৎশিল্পক প্ৰচাৰৰ বাবে এখন শিল্পীৰ গাঁও প্ৰতিষ্ঠা | এনইএইচএইচডিচি (NEHHDC) | কাম আৰম্ভ | 
		
			| ৩২ | ইম্ফল পূবৰ ৱাখাত মণিপুৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন। | মণিপুৰ | কাম আৰম্ভ হোৱা নাই | 
		
			| ৩৩ | ছহৰাৰ মাউকডকত স্কাইৱাক আৰু পৰ্যটন কেন্দ্ৰৰ উন্নয়ন সাধন | মেঘালয় | কাম আৰম্ভ হোৱা নাই | 
		
			| ৩৪ | মণিপুৰৰ দূৰৱৰ্তী আৰু পাহাৰীয়া জিলাত (আন্তঃগাঁথনি আৰু আহিলা) ছুপাৰ স্পেচিয়েলিটি আৰু নিশ্চিত স্পেচিয়েলিটি স্বাস্থ্যসেৱা প্ৰদান | মণিপুৰ  | কাম আৰম্ভ হোৱা নাই | 
		
			| ৩৫ | পূব ছিকিমৰ চিচেইস্থিত মেডিকেল কলেজলৈ ১০০ জন ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক নামভৰ্তিৰ বাবে গেপ ফাণ্ডিং  | ছিকিম | কাম আৰম্ভ হোৱা নাই | 
		
			| ৩৬ | মেঘালয়ৰ শ্বিলঙৰ শ্বিলং পিক ৰ'পৱে প্ৰকল্পলৈ যাত্ৰীবাহী ৰ'পৱেৰ বাবে গেপ ফাণ্ডিং | মেঘালয় | কাম আৰম্ভ হোৱা নাই | 
	
 
 
এমট্ৰন (AMTRON): অসম ইলেক্ট্ৰনিক্স উন্নয়ন নিগম লিমিটেড
বিবিচিআই (BBCI): ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান
নেক্টাৰ (NECTAR): উত্তৰ-পূব প্ৰযুক্তি প্ৰয়োগ আৰু সংযোগ কেন্দ্ৰ
এনইএইচএইচডিচি (NEHHDC): উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড
আজি ৰাজ্যসভাত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে এটা লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
*****
Samrat/Dheeraj@: donerpib[at]gmail[dot]com
                
                
                
                
                
                (Release ID: 2100654)
                Visitor Counter : 39