প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কামেশ্বৰ চৌপালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
07 FEB 2025 11:54AM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কামেশ্বৰ চৌপালৰ দেহাৱসানত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত বহুমূলীয়া অৱদান আগবঢ়োৱা এগৰাকী নিষ্ঠাবান ৰাম ভক্ত বুলি অভিহিত কৰে।
এক্সৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ ন্যাসৰক্ষী কামেশ্বৰ চৌপাল ডাঙৰীয়াৰ বিয়োগত শোকাহত হৈছোঁ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত বহুমূলীয়া অৱদান আগবঢ়োৱা তেওঁ ভগৱান ৰামৰ এগৰাকী ভক্ত আছিল। দলিত পৰিয়ালৰ সন্তান কামেশ্বৰ ডাঙৰীয়া সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণ সাধনৰ অৰ্থে কৰা কামৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি!”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2100643)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam