প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰাক্ৰম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ আৰু ভাৰতৰ স্বাধীনতাৰ প্ৰতি অদম্য সমৰ্পণে আমাক অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 23 JAN 2025 1:31PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে পৰাক্ৰম দিৱস হিচাপে পালন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে ভাষণ প্ৰদান কৰে। তেখেতে এই উপলক্ষে ৰাইজক শুভেচ্ছা জনাই কয় যে সমগ্ৰ ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুক আজি তেওঁৰ জন্ম বাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। নেতাজী সুভাষ বসুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শ্ৰী মোদীয়ে কয় যে এইবাৰ তেওঁৰ জন্মস্থান ওড়িশাত পৰাক্ৰম দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে তেখেতে ওড়িশাৰ জনসাধাৰণ আৰু চৰকাৰক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নেতাজীৰ জীৱন পৰিক্ৰমাৰ আধাৰত ওড়িশাৰ কটকত এখনি বিশাল প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। তেখেতে আৰু কয় যে কেইবাজনো শিল্পীয়ে নেতাজীৰ জীৱনৰে সম্পৰ্কীয় পৰিঘটনাসমূহ কেনভাছত চিত্ৰিত কৰিছে। তেখেতে কয় যে নেতাজীৰ আধাৰত ৰচনা কৰা একাধিক গ্ৰন্থও সংগ্ৰহ কৰা হৈছে। নেতাজীৰ জীৱন যাত্ৰাৰ এই সকলোবোৰ উত্তৰাধিকাৰে মেৰী যুৱ ভাৰত বা মাই ভাৰতক এক নতুন শক্তি প্ৰদান কৰিব বুলি তেখেতে আত্মবিশ্বাস প্ৰকাশ কৰে।

“আজি আমি এখনি উন্নত ভাৰত (বিকশিত ভাৰত)ৰ সংকল্প সাধনত নিয়োজিত হোৱাৰ সময়তে নেতাজী সুভাষৰ জীৱন পৰিক্ৰমাই আমাক অহৰহভাৱে অনুপ্ৰাণিত কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে নেতাজী সুভাষ বসুৰ লক্ষ্য আছিল আজাদ হিন্দ। শ্ৰী মোদীয়ে কয় যে এই সংকল্প সাধনৰ বাবে তেওঁ এটা স্থিতি - আজাদ হিন্দক লৈ নিজৰ সিদ্ধান্তত অটল আছিল। তেখেতে লগতে কয় যে নেতাজীয়ে এটা সমৃদ্ধিশালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ব্ৰিটিছ চৰকাৰৰ জ্যেষ্ঠ বিষয়া হৈ এটা আৰামদায়ক জীৱন-যাপন কৰিব পাৰিলেহেঁতেন। শ্ৰী মোদীয়ে মন্তব্য কৰে যে স্বাধীনতাৰ সন্ধানত নেতাজীয়ে ভাৰত আৰু আন-আন দেশত থাকিবলৈ লোৱাৰ সমান্তৰালকৈ অসুবিধা আৰু প্ৰত্যাহ্বানৰ পথ বাছি লৈছিল। “নেতাজী সুভাষে কম্ফৰ্ট জ’নত আৰামত থকা নাছিল”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি আমি সকলোৱে নিজৰ কম্ফৰ্ট জ’নৰপৰা ওলাই আহি এখনি বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব।” তেখেতে বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ হোৱা, উৎকৃষ্টতা বাছি লোৱা আৰু দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নেতাজীয়ে প্ৰতিটো অঞ্চল আৰু শ্ৰেণীৰ সাহসী পুৰুষ-মহিলাসকলকে প্ৰমুখ্য কৰি দেশৰ স্বাধীনতাৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক প্ৰত্যেকৰে বেলেগ-বেলেগ ভাষা থকাৰ পিছতো তেওঁলোকৰ উমৈহতীয়া আৱেগ আছিল দেশৰ স্বাধীনতা। তেখেতে কয় যে এই ঐক্য আজিৰ এখনি বিকশিত ভাৰতৰ বাবে উল্লেখযোগ্য। তেখেতে উল্লেখ কৰে যে তেতিয়া স্বৰাজৰ বাবে ঐক্য যেনেকৈ অপৰিহাৰ্য্য আছিল, এতিয়া এয়া এখনি বিকশিত ভাৰতৰ বাবেও অতিশয় গুৰুত্বপূৰ্ণ। বিশ্বজুৰি ভাৰতৰ প্ৰগতিৰ অনুকূল পৰিবেশত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে একবিংশ শতিকাক কেনেদৰে নিজৰ কৰি লৈছে, সেয়া বিশ্বই প্ৰত্যক্ষ কৰিছে। তেখেতে নেতাজী সুভাষৰপৰা প্ৰেৰণা আহৰণেৰে ভাৰতৰ ঐক্যক সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। দেশখনক দুৰ্বল কৰি দেশৰ ঐক্য বিঘ্নিত কৰিব খোজাসকলৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈয়ো প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে নেতাজী সুভাষে ভাৰতৰ ঐতিহ্যক লৈ গৌৰৱ কৰিছিল আৰু প্ৰায়ে ভাৰতৰ চহকী গণতান্ত্ৰিক ইতিহাসৰ বিষয়ে কৈছিল। তেখেতে জনসাধাৰণক ইয়াৰপৰা প্ৰেৰণা ল’বলৈ আহ্বান জনায়। তেখেতে কয় যে আজি ভাৰতে ঔপনিৱেশিক মানসিকতা পৰিহাৰ কৰিছে আৰু নিজৰ ঐতিহ্যক লৈ গৌৰৱবোধ কৰিছে। আজাদ হিন্দ চৰকাৰৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে লালকিল্লাত ত্ৰিৰংগ উত্তোলনৰ সৌভাগ্য লাভৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক এক অবিস্মৰণীয় ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰে। তেখেতে লগতে কয় যে নেতাজীৰ উত্তৰাধিকাৰৰপৰা অনুপ্ৰাণিত হৈ চৰকাৰে ২০১৯ত দিল্লীৰ লালকিল্লাত নেতাজী সুভাষৰ প্ৰতি উৎসৰ্গিত এটি সংগ্ৰহালয় স্থাপনৰ লগতে একে বছৰতে সুভাষ চন্দ্ৰ বসু দুৰ্য্যোগ ব্যৱস্থাপনা বঁটা প্ৰৱৰ্তন কৰে। “২০২১ত চৰকাৰে নেতাজীৰ জয়ন্তীক পৰাক্ৰম দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল”, শ্ৰী মোদীয়ে কয় আৰু লগতে কয় যে ইণ্ডিয়া গেটৰ ওচৰত নেতাজীৰ বিশাল প্ৰতিমূৰ্তি স্থাপন, আন্দামানত দ্বীপটোৰ নাম নেতাজীৰ নামেৰে নামকৰণ আৰু গণৰাজ্য দিৱসৰ পেৰেডত আইএনএৰ জোৱানসকলক সন্মান জনোৱা কাৰ্য্যই তেওঁৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ সাক্ষ্য বহন কৰিছে।

“যোৱা ১০ বছৰত দেশখনে প্ৰমাণ কৰিছে যে দ্ৰুত উন্নয়নে সাধাৰণ লোকৰ জীৱনযাত্ৰাক সহজ কৰি তোলে আৰু লগতে সামৰিক শক্তিও বৃদ্ধি কৰে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে বিগত দশকত ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উদ্ধাৰ কৰা হৈছে, যি এক বৃহৎ সাফল্য। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গাঁৱেই হওঁক বা চহৰেই হওঁক সকলোতে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। তেখেতে ভাৰতীয় সেনাৰ শক্তিৰ অভূতপূৰ্ব বৃদ্ধি আৰু বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’বলৈ বেছি দিন নাই। তেখেতে নেতাজী সুভাষৰপৰা অনুপ্ৰাণিত হৈ এক লক্ষ্য, এটা উদ্দেশ্যৰে এখনি বিকশিত ভাৰতৰ বাবে সকলোকে অবিৰতভাৱে কাম কৰি যাবলৈ আহ্বান জনায় আৰু এয়াই নেতাজীৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি হ’ব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে শুভেচ্ছা জ্ঞাপনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

***

MJPS/SR/SB
 


(Release ID: 2100299) Visitor Counter : 23