প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
29 JAN 2025 12:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছে আৰু দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰীমোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
"প্ৰয়াগৰাজ মহাকুম্ভত সংঘটিত দুৰ্ঘটনা অত্যন্ত দুখঃজনক। পৰিয়াল হেৰুওৱা তীৰ্থযাত্ৰীসকলৰ প্ৰতি মই গভীৰ সমবেদনা জনাইছো আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো সম্ভৱপৰ সহায় কৰিবলৈ নিয়োজিত হৈ আছে। এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কথা পাতিছো আৰু ৰাজ্য চৰকাৰৰ সৈতে অহৰহ যোগাযোগ কৰি আছো।”
******
MJPS/ST/MK
(रिलीज़ आईडी: 2097255)
आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam