প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ’ব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক দক্ষতা; সংবিধান প্ৰণয়নৰ ৭৫তম বৰ্ষপূৰ্তি আৰু জন অংশীদাৰিত্বৰ ওপৰত বিশেষ গুৰুত্ব

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে; ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে কুচকাৱাজত অংশ ল’ব ৩৫০ জনীয়া দলে

দেশৰ বিভিন্ন প্ৰান্তৰ ৩০০গৰাকী সাংস্কৃতিক শিল্পীয়ে বাদ্যযন্ত্ৰ বজাই আৰম্ভ কৰিব গণৰাজ্য দিৱসৰ পেৰেড

Posted On: 20 JAN 2025 8:37PM by PIB Guwahati

২০২৫ৰ গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তিৰ এক অনন্য সংমিশ্ৰণ ঘটিব। ইয়াত সংবিধান কাৰ্যকৰী কৰাৰ ৭৫তম বৰ্ষপূৰ্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলৰ সৈতে ২০২৫ চনৰ ২৬ জানুৱাৰীত কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া পেৰেডত ইণ্ডোনেছিয়াৰ পৰা ১৬০জনীয়া মাৰ্চিং কণ্টিজেণ্ট আৰু ১৯০জনীয়া বেণ্ড কণ্টিজেণ্টে অংশগ্ৰহণ কৰিব।

এইবাৰ ‘স্বৰ্ণিম ভাৰত: ঐতিহ্য আৰু উন্নয়ন’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মন্ত্ৰালয়/বিভাগৰ ৩১টা প্ৰতীকপটে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় সংগীতৰ অন্তত ভাৰতীয় সংবিধানৰ ৭৫সংখ্যক বৰ্ষৰ চৰকাৰী ল'গ'ৰ বেনাৰ সম্বলিত বেলুন মুকলি কৰা হ’ব। ৪৭খন বিমানৰ ফ্লাইপাষ্টৰ জৰিয়তে এই অনুষ্ঠানৰ সামৰণি পৰিব।

২০২৫ চনৰ ২৬ জানুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হ’ব গণৰাজ্য দিৱসৰ পেৰেড। পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি জ্ঞাপন কৰিব। পৰম্পৰাগত বাগীত উঠি কৰ্তব্য পথত উপস্থিত হৈ আনুষ্ঠানিক কুচকাৱাজৰ চেলুট গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ইয়াৰ ভিতৰত সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, সহায়ক অসামৰিক বাহিনী, এন চি চি আৰু এন এছ এছৰ গোট থাকিব।

২০২৫ৰ গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচীসমূহ তলত দিয়া ধৰণৰঃ

সংবিধানৰ ৭৫ বছৰ

ভাৰতৰ সংবিধান বলবৎ হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাটোৱে এইবাৰৰ গণৰাজ্য দিৱসত গুৰুত্ব লাভ কৰিছএ। পেৰেডৰ সময়ত দুটা প্ৰতীক পটত সংবিধানৰ ৭৫ বছৰ উদযাপন প্ৰদৰ্শন কৰা হ’ব। ফুলৰ সজ্জা, ভিউ কাটাৰে থিমটো প্ৰতিফলিত কৰিব। অনুষ্ঠানৰ শেষত এই বাৰ্তা বহন কৰা বেনাৰ সম্বলিত বেলুন মুকলি কৰা হ’ব। এই বিষয়ত মাইগভত কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

নাগৰিকৰ বাবে সুবিধা বৃদ্ধি

নাগৰিকসকলৰ সুবিধাৰ বাবে আৰু গণৰাজ্য দিৱস উদযাপন-২০২৫ৰ বিভিন্ন অনুষ্ঠান যেনে টিকট বুকিং, আসন আৰু পাৰ্কিঙৰ ব্যৱস্থা ইত্যাদি চাবলৈ আৰু তথ্য লাভ কৰিবলৈ সহজে উপলব্ধ হ’ব পৰাকৈ এটা বিস্তৃত মোবাইল এপ (এপল প্লে আৰু mSeva) আৰু The portal 'Rashtraparv পৰ্টেল'ৰ বিকাশ সাধন কৰা হৈছে। ই ৰিপাব্লিক ডে পেৰেড আৰু বিটিং ৰিট্ৰিটৰ দৰে অনুষ্ঠানৰ সৈতে জড়িত সকলো সবিশেষ তথ্যৰ বাবে কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব।

সহজে প্ৰৱেশৰ সুবিধা

মেট্ৰসেৱাঃ আৰডিপি-২০২৫ৰ আমন্ত্ৰিত/টিকটধাৰীসকলক সমগ্ৰ দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ পইণ্টত বিনামূলীয়া মেট্ৰ’ ভ্ৰমণৰ ব্যৱস্থা কৰা হ’ব। ২০২৫ চনৰ ২৬ জানুৱাৰীৰ পুৱা ৪:০০ বজাৰ পৰা সমগ্ৰ দিল্লীত দিল্লী মেট্ৰ’ সেৱাৰ চলাচল আৰম্ভ হ’ব। সমগ্ৰ দিল্লীত নিয়মীয়া হাৰত মাচুলৰ ভিত্তিত মুকলি কৰা হ’ব দিল্লী মেট্ৰ’ পাৰ্কিং আস্থান।

পাৰ্ক এণ্ড ৰাইড আঁচনি: এই বছৰো পাৰ্ক এণ্ড ৰাইড আঁচনি ৰূপায়ণ কৰা হ’ব। এই আঁচনিৰ অধীনত আমন্ত্ৰিতসকলে নগৰপালিকা পাৰ্কিং, কন’ট প্লেচ আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়াম পাৰ্কিং এলেকা (গেট-১৪ আৰু ১৫)ত বাহন ৰখাব, য’ৰ পৰা তেওঁলোকে ডিটিচি বাছৰ জৰিয়তে যাত্ৰা (পিক এণ্ড ড্ৰপ)ৰ সুবিধা লাভ কৰিব। পুৱা ৬:০০ বজাৰ পৰা আৰম্ভ হ’ব এই সেৱা আৰু নিশা ৮:৩০ বজাত বন্ধ হ’ব।

সকলো স্থানতে দিব্যাংগ লোকৰ বাবেও অনুকূল ব্যৱস্থা কৰা হৈছে। হুইল চেয়াৰ লৈ এন চি চিৰ যুৱ স্বেচ্ছাসেৱকসকলেও তেওঁলোকক সহায় কৰিবলৈ সাজু থাকিব।

অৱশ্যে নিষিদ্ধ সামগ্ৰীৰ তালিকা আগতীয়াকৈ ঘোষণা কৰা হয়। তদুপৰি, নাগৰিকৰ সুবিধাৰ্থে ক্লক ৰুমৰ সুবিধাও থাকিব।

দৰ্শনাৰ্থীৰ বাবে শৌচাগাৰৰ সুবিধা প্ৰায় দুগুণ কৰা হৈছে আৰু প্ৰৱেশ পইণ্টৰ বাহিৰত প্ৰাথমিক চিকিৎসা বুথ থাকিব।

জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে বিশেষ কাৰ্যসূচী

বিশেষ অতিথিঃ ৰাষ্ট্ৰ আৰু সমাজ গঢ়াৰ দিশত বিশেষ অৱদান আগবঢ়োৱা সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে চৰকাৰৰ বিশেষ অতিথি হিচাপে বিভিন্ন শ্ৰেণীৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। এই অতিথিসকল নিজ নিজ ক্ষেত্ৰত সাফল্য আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী আৰু স্বৰ্ণিম ভাৰতৰ স্থপতি। আৰডিচি ২০২৫ৰ বাবে ৩৪টা শিতানত প্ৰায় ১০হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ভিতৰত চৰকাৰী ডাঙৰ ডাঙৰ আঁচনিসমূহত উৎকৃষ্ট প্ৰদৰ্শন কৰা গাঁৱৰ চৰপঞ্চসকলো আছে।

 

ক্ৰমিক নং

শাখা

অতিথিৰ সংখ্যা (আনুমানিক)

 

 

  1.  

চৰপঞ্চ

500

 

  1.  

উৎকৃষ্ট প্ৰদৰ্শন কৰা গাঁৱৰ চৰপঞ্চ

200

 

  1.  

দুৰ্যোগ সাহায্য কৰ্মী

300

 

 

  1.  

ভাইব্ৰেণ্ট ভিলেজৰ অতিথি

300

 

 

  1.  

শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জল যোদ্ধা

 

400

 

  1.  

প্ৰাথমিক কৃষি ঋণ (পিএচি) সমিতি

200

 

  1.  

পানী সমিতি

400

 

  1.  

সামূহিক সম্পদ ব্যক্তি (কৃষি সখী, উদ্যোগ সখী ইত্যাদি)

400

 

 

  1.  

আত্মসহায়ক গোটৰ সদস্যসকল

200

 

  1.  

ডিজিটিৰ প্ৰশিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম (এনএছডিচি)ৰ অধীনত প্ৰশিক্ষণ লাভ কৰে

200

 

  1.  

প্ৰধানমন্ত্ৰী যশস্বী আঁচনি

 

400

 

  1.  

বন আৰু বন্যপ্ৰাণী সংৰক্ষণ স্বেচ্ছাসেৱক/কৰ্মী

200

 

  1.  

হস্ততাঁত শিল্পী

200

 

  1.  

হস্তশিল্প শিল্পী

200

 

  1.  

বিভিন্ন আঁচনিৰ বিশেষ অৰ্জনকাৰী আৰু জনজাতীয় হিতাধিকাৰী

500

 

 

  1.  

আশা (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী)

500

 

  1.  

মন কি বাত অংশগ্ৰহণকাৰী

400

 

  1.  

মাই ভাৰতৰ স্বেচ্ছাসেৱকসকল

400

 

  1.  

পেৰালিম্পিকৰ অংশগ্ৰহণকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ইভেণ্টৰ বিজয়ী

200

 

  1.  

কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ) আঁচনি, কৃষক উৎপাদনকাৰী সংস্থা (এফপিঅ’), পদ্ম বঁটা বিজয়ী কৃষক, পিএম কিষাণ, পি এম এফবিৱাই, পিএমকেএছৱাই

800

 

  1.  

পি এম সূৰ্য্য ঘৰ যোজনা

400

 

  1.  

নবীকৰণযোগ্য শক্তিৰ কৰ্মী

200

 

  1.  

পি এম কুসুম আঁচনিৰ হিতাধিকাৰী

200

 

  1.  

অংগনবাড়ী শ্ৰমিক

400

 

  1.  

পথ নিৰ্মাণকাৰী শ্ৰমিক

300

 

  1.  

শ্ৰেষ্ঠ ষ্টাৰ্ট-আপ

100

 

  1.  

শ্ৰেষ্ঠ পেটেণ্ট ধাৰী

100

 

  1.  

পিএম-বিশ্বকৰ্মা যোজনাৰ হিতাধিকাৰী

200

 

  1.  

প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ হিতাধিকাৰী

200

 

  1.  

ৰাষ্ট্ৰীয় গোকুল মিছনৰ হিতাধিকাৰী

200

 

  1.  

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অতিথি

200

 

  1.  

যুৱ বিনিময় কাৰ্যসূচী/এনচিচিৰ বিদেশী কেডেট

250

 

  1.  

ৰাষ্ট্ৰীয় বিদ্যালয় বেণ্ডৰ সম্পূৰ্ণ কৰা চূড়ান্ত প্ৰতিযোগী

600

 

  1.  

বীৰগাথা ৪.০ৰ বিজয়ীসকল

100

 

 

উদযাপন অনুষ্ঠানত নাগৰিকসকলৰ অংশগ্ৰহণঃ

আৰডিচি-২০২৫ৰ বাবে প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দিল্লীস্থিত দম্পতীক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পেৰেডৰ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা এই অতিথিসকল কৰ্তব্য পথত ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। প্ৰথমবাৰৰ বাবে মাইগভ আৰু আকাশৱাণীৰ সহযোগত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিভিন্ন অনলাইন প্ৰতিযোগিতাৰ প্ৰায় ২০০০ (১০০০x২)জন বিজয়ীক আমন্ত্ৰণ জনোৱা হৈছে।

আৰ ডি চি-২০২৫ আৰু ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ উপলক্ষে তলত দিয়া প্ৰতিযোগিতা/প্ৰতিযোগিতা/কাৰ্য্যকলাপ আয়োজন কৰা হৈছে:

I. নিমন্ত্ৰণী কাৰ্ডৰ ডিজাইন প্ৰতিযোগিতা

II. বিষয়বস্তুৰ সন্দৰ্ভত এটা প্ৰতীকপটৰ নক্সা প্ৰস্তুত

III. বিষয়ৰ সন্দৰ্ভত ৰচনা লিখা প্ৰতিযোগিতা

IV. বিষয়ৰ সন্দৰ্ভত চিত্ৰাংকন প্ৰতিযোগিতা

V. এলানি অনলাইন কুইজ প্ৰতিযোগিতা

ক. ভাৰতৰ যুদ্ধ বীৰ

খ. ভাৰতীয় সংবিধানৰ ৭৫ বছৰ

গ. ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা

VI. আকাশৱাণীত বিটিং ৰিট্ৰিট টিউনৰ সন্দৰ্ভত কুইজ প্ৰতিযোগিতা

VII. শ্ৰেষ্ঠ প্ৰতীকপট আৰু শ্ৰেষ্ঠ কুচকাৱাজৰ সন্দৰ্ভত ভোট

 

এই বছৰৰ গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত তলত দিয়া কাৰ্য্যকলাপ/উপাদানসমূহ সম্পন্ন কৰা হ'ব:

পেৰেডৰ আৰম্ভণি

দেশৰ বিভিন্ন প্ৰান্তৰ ৩০০ গৰাকী সাংস্কৃতিক শিল্পীয়ে ‘চাৰে জহা ছে অচ্ছা’ শীৰ্ষৰ সুৰধ্বনিৰ বাদ্যযন্ত্ৰ বজাই গণৰাজ্য দিৱসৰ পেৰেড আৰম্ভ কৰিব। বাদ্যযন্ত্ৰীসকলৰ বাজানাত ভাৰতীয়ৰ কোটি কোটি লোকৰ হৃদয়ৰ সুৰ, স্পন্দন আৰু আশাৰ অনুৰণন ঘটোৱাৰ লগতে এই সুৰে এক থলুৱা সুৰৰ মিশ্ৰণ ঘটাব। বাদ্যযন্ত্ৰসমূহ হৈছে শ্বেহনাই, সুন্দৰী, নাদাস্বৰম, বীন, মাছাক বীণ, ৰণশিঙা– ৰাজস্থান, বাঁহী, কাৰাড়ী মাজালু, মহুৰি, শংখ, টুটাৰী, ঢোল, গং, নিশান, চাং, তাছা, সম্বল, চেণ্ডা, ইডাক্কা, লেজিম, থাভিল, গুডুম বাজা, তালাম, মনবাহ আদি।

প্ৰতীকপটঃ এইবাৰ বিভিন্ন ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল (১৬টা)/কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ/সংগঠন (১৫টা)সহ মুঠ ৩১টা প্ৰতীকপট গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ’ব। এই বছৰৰ বাবে প্ৰতীকপটৰ বিষয়বস্তু হৈছে ‘স্বৰ্ণিম ভাৰত: ঐতিহ্য আৰু উন্নয়ন।’ দুটা প্ৰতীকপটত ভাৰতৰ সংবিধানৰ ৭৫ বছৰীয়া পৰিক্ৰমা প্ৰদৰ্শন কৰা হ’ব। আন আন গুৰুত্বপূৰ্ণ দিশসমূহ হ’ল ভগৱান বীৰছা মুণ্ডা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্ম বাৰ্ষিকী আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগ।

সাংস্কৃতিক অনুষ্ঠানঃ আৰডিচি ২০২৫ৰ সাংস্কৃতিক উপাদান হিচাপে সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমীৰ জৰিয়তে ৫০০০ শিল্পীৰে “জয়তি জয়া মমঃ ভাৰতম” শীৰ্ষক শিৰোনামেৰে ১১ মিনিটৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৫টাতকৈও অধিক নৃত্য প্ৰদৰ্শিত হ’ব। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত বিজয় চক আৰু চি ষড়ভুজৰ পৰা সমগ্ৰ কৰ্তব্য পথ সামৰি লোৱা হ’ব যাতে সকলো অতিথিয়ে একে দৰ্শনৰ অভিজ্ঞতা লাভ কৰে।

বিটিং ৰিট্ৰিট অনুষ্ঠানঃ প্ৰতি বছৰে ২৯ জানুৱাৰীত বিজয় চকত অনুষ্ঠিত ‘বিটিং ৰিট্ৰিট অনুষ্ঠানে’ৰে গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীৰ সামৰণি পৰে। পৰম্পৰাক ধৰি ৰাখি বিটিং ৰিট্ৰিট পালন কৰা হয়। দিল্লীত বিটিং ৰিট্ৰিটৰ দিনা সন্ধিয়া ৬.১৫ বজাত বাগলে ৰিট্ৰিটৰ শব্দ শুনা যায় আৰু ৰাষ্ট্ৰীয় পতাকা নমাই জাতীয় সংগীত সংগীতৰ সমন্বয়ত গোৱা হয়। বিটিং ৰিট্ৰিট অনুষ্ঠান-২০২৫ত অংশগ্ৰহণকাৰী সকলো বেণ্ডে কেৱল ভাৰতীয় সুৰহে বজাব।

ৰাষ্ট্ৰীয় স্কুল বেণ্ড প্ৰতিযোগিতাঃ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ৰ সহযোগত সৰ্বভাৰতীয় স্কুল বেণ্ড প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুঠ ৬৯৭টা স্কুল বেণ্ডে (প্ৰায় ১২,৮৫৭ জন ছাত্ৰ-ছাত্ৰী) অংশগ্ৰহণ কৰে আৰু এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ২৪ আৰু ২৫ জানুৱাৰী, ২০২৫ত শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা সচিব, সচিব আৰু প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী, (বিদ্যালয় শিক্ষা) বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠান উদ্বোধনী কৰাৰ লগতে পুৰস্কাৰ যৌথভাৱে বিতৰণ কৰা হ’ব। চূড়ান্ত প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক গণৰাজ্য দিৱস অনুষ্ঠানৰ সাক্ষী হ’বলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।

চূড়ান্ত প্ৰতিযোগী দলসমূহৰ ভিতৰত ঝাৰখণ্ডৰ এটা বালিকা দলে ৰাষ্ট্ৰপতিৰ মঞ্চৰ সন্মুখত আৰু দুটা দলে বিজয় চ’কৰ সমীপৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিব।

বীৰ গাথা ৪.০

গণৰাজ্য দিৱস উদযাপন-২০২৫ৰ অংশ হিচাপে শিশুসকলৰ মাজত সশস্ত্ৰ বাহিনীৰ বীৰত্বপূৰ্ণ কৰ্ম আৰু ত্যাগৰ বিষয়ে অনুপ্ৰাণিত আৰু সজাগতা প্ৰসাৰৰ বাবে প্ৰজেক্ট বীৰ গাথাৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে শিক্ষা মন্ত্ৰালয়ৰ সহযোগত ১৬ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰ, ২০২৪ৰ ভিতৰত আয়োজন কৰা এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ মুঠ ১.৭৬ কোটি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু মুঠ ১০০গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বীৰ গাথা ৪.০ৰ বিজয়ী ঘোষণা কৰা হৈছে। এই বিজয়ীসকলক ২৫ জানুৱাৰীত নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সম্বৰ্ধনা জনাব। তেওঁলোকে কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিব।

ভাৰত পৰ্ব

পৰ্যটন মন্ত্ৰালয়ে ২৬-৩১জানুৱাৰী ২০২৫ত দিল্লীৰ লালকিল্লাত আয়োজন কৰিব ‘ভাৰত পৰ্ব’। ইয়াত ৰিপাব্লিক ডে’ প্ৰতীকপট’, মিলিটাৰী বেণ্ড (ষ্টেটিক)ৰ পৰিবেশন, সাংস্কৃতিক পৰিবেশন, সমগ্ৰ ভাৰতৰ খাদ্য পৰিবেশন কৰা ফুড ক’ৰ্ট আৰু ক্ৰাফ্টছ বজাৰ প্ৰদৰ্শন কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ এট হোম অনুষ্ঠান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৪ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন-২০০৫ৰ এন চি চি কেডেট, এন এছ এছ স্বেচ্ছাসেৱক, যুৱ বিনিময় কাৰ্যসূচীৰ কেডেট, টেবল শিল্পী, জনজাতীয় অতিথি আদিক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব।

প্ৰধানমন্ত্ৰীৰ এনচিচি ৰেলী

দিল্লী কেণ্টৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত ‘যুৱ শক্তি-বিকশিত ভাৰত’ শীৰ্ষক প্ৰধানমন্ত্ৰীৰ এনচিচি ৰেলীৰ আয়োজন কৰা হৈছে। ২০২৫ চনৰ ২৭ জানুৱাৰীত, য’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচিৰ বহু কাৰ্যকলাপৰ পৰ্যালোচনা কৰিব। সংশ্লিষ্ট কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি উদযাপন কৰা এই গণৰাজ্য দিৱস জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে।

 

******

VK/SR/Savvy


(Release ID: 2095907) Visitor Counter : 117


Read this release in: English , Urdu , Hindi